লোক্ৰাৰ নয়ালবৰঘাৰী মধ্য ইংৰাজী বিদ্যালয়ত বিজ্ঞান বিষয়ক প্ৰাচীৰ পত্ৰিকা উন্মোচন

নিয়মীয়া বাৰ্তা, ২৪ মে : শোণিতপুৰৰ বালিপৰা শিক্ষাখণ্ডৰ লোক্ৰা মণ্ডল সমল কেন্দ্ৰৰ অধীনৰ নয়ালবৰঘাৰী মধ্য ইংৰাজী বিদ্যালয়ত তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ প্ৰাকমূৰ্হুতত আজি বিজ্ঞান বিষয়ক এখন মনোৰম প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হয় । পুৱা ১০:০০ বজাত বিদ্যালয়খনত ” “” বিজ্ঞান জেউতি ” শীৰ্ষক প্ৰাচীৰ পত্ৰিকাখন শুভ উদ্বোধন কৰে বালিপৰা শিক্ষাখণ্ডৰ বিদ্যালয়সমূহৰ সহঃ পৰিদৰ্শক ৰঞ্জন কুমাৰ দাসে । উন্মোচনী ভাষণত দাসে কয় যে সমাজৰপৰা অন্ধবিশ্বাস, কুসংস্কাৰ আদি দূৰ কৰিবলৈ আমি বিজ্ঞান শিক্ষাৰে শিক্ষিত হ’ব লাগিব । বিদ্যালয়ত শিক্ষকেও বিজ্ঞান বিষয়ৰ পাঠদান শিক্ষণ সামগ্ৰীৰ সহায়ত লগতে ব্যৱহাৰিক কাৰ্যকলাপেৰে পাঠ আগবঢ়াই নিয়াতো জৰুৰী ।”” নয়ালবৰঘাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পংকজ বৰাই আঁত ধৰা অনুষ্ঠানটোত বালিপৰা শিক্ষাখণ্ডৰ সদ্যপ্ৰাক্তন খণ্ড সমল ব্যক্তি মনেশ্বৰ বড়ো, নয়ালবৰঘাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক স্বৰূপ শৰ্মাৰ লগতে সমূহ শিক্ষাগুৰু, লোক্ৰা মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক, ৰাইজ, অভিভাৱক, ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে ।