দুৰ্নীতি নিবাৰকৰ অভিযান : হাত দাঙিলে উত্তৰ শালমাৰা পঞ্চায়তৰ সচিবে

নিয়মীয়া বাৰ্তা, ২৬  ছেপ্টেম্বৰঃ ৰাজ্যত এজনৰ পাছত এজনকৈ হাত দঙা কাৰ্য তেনেই সূলভ হৈ পৰিছে। বঙাইগাঁও জিলাত পুনৰ আজি হাত দাঙিলে এজন চৰকাৰী কৰ্মচাৰীয়ে। জানিব পৰা মতে ৫ মাহমান পূৰ্বে জিলাখনৰ সৃজনগ্ৰাম খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত উত্তৰ শালমাৰা গাঁও পঞ্চায়তৰ সচিব হিচাপে যোগদান কৰা সচিব ৰঞ্জিত কুমাৰ সৰকাৰে হাত দাঙিবলগীয়া হ’ল। জানিব পৰা মতে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত আজি ৭ হাজাৰ টকা উৎকোচ লোৱাৰ সময়তে জালত পৰিল সচিবগৰাকী। সমগ্ৰ ঘটনা সন্দৰ্ভত এতিয়াও অভিযান চলি আছে। উল্লেখ্য যে ১৬ আগষ্টত সৃজনগ্ৰাম উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া খুৰছিদা খানম আৰু সহকাৰী খণ্ড উন্নয়ন বিষয়া নেকিব আহমেদে ১৬ হাজাৰ টকা উৎকোচ লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰি হাত দাঙিবলগীয়া হৈছিল।
প্ৰেৰক দেৱাশীষ পাঠক
Featured