কলাগুৰু বিষ্ণুৰাভা কনিষ্ঠ মহাবিদ্যালয়ত ছাত্ৰীসকলৰ বাবে আত্ম-সুৰক্ষাৰ প্ৰশিক্ষণ অনুষ্ঠান 

নিয়মীয়া বাৰ্তা, ৩১ডিচেম্বৰঃ বিটিআৰৰ ওদালগুৰি জিলাৰ ৰৌতা সমষ্টিৰ কলাগুৰু বিষ্ণুৰাভা কনিষ্ঠ মহাবিদ্যালয়ত ২৯ ডিচেম্বৰত ছাত্ৰী সকলক তিনিমহীয়া  আত্মৰক্ষাৰ কৌশলৰ প্ৰশিক্ষণ এটি শুভাৰম্ভণি কৰা হয় ৷ অসম চৰকাৰৰ শিক্ষা বিভাগৰ এক নিৰ্দেশ অনুসৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰোছাৰ জিউছা স্বৰ্গীয়াৰীয়ে মহাবিদ্যালয়ৰ ছাত্ৰী সকলক আগন্তুুক বিপদ আদিৰ  পৰা কি কি পন্থা অৱলম্বন কৰি নিজেই নিজৰ  সুৰক্ষা কি দৰে  কেনেকৈ কৰিব পাৰি সেই সম্পৰ্কত প্ৰশিক্ষণ দিয়া হয় ৷ মহাবিদ্যালয়ৰ ছাত্ৰ সুৱল নায়কে  ইষ্ট ইণ্ডিয়া ফৌজি বস্কিং চেম্পিয়নশ্বিপ ২০২২ ত বঞ্জৰ পদ লাভ কৰা বাবে অভিনন্দন জনোৱাৰ লগতে  মহাবিদ্যালয়ৰ অধ্যক্ষই কিছু আৰ্থিক সাহাৰ্য আগবঢ়ায় ৷ ঘৰুৱা অবস্থা অতি শোচনীয় হোৱা সত্বেও বস্কিংত বঞ্জৰ পদ লাভ কৰি মহাবিদ্যালয়লৈ সুনাম কঢ়িয়াই অনাৰ বাবে মহাবিদ্যালয়খনে গৌৰৱবোধ কৰা বুলি মহাবিদ্যালয়ৰ অধ্যক্ষই মন্তব্য কৰে ৷ এই অনুষ্ঠান আঁত ধৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° চিনন নাৰ্জাৰীয়ে ৷এই অনুষ্ঠানটোত মহাবিদ্যালয়ৰ প্ৰবক্তা আব্দুল মতলিব, মিত্ৰ প্ৰসাদ উপাধ্যায় ,চুলতানা ৰেজিয়া, মৌচুমী মাহাতো, নিশামনি শইকীয়া  ,মহাবিদ্যালয় পৰিচালনা সমিতিৰ সদস্য আদিকে ধৰি বহুতো লোকে উপস্থিত থাকি সহায়- সহযোগিতা আগবঢ়ায় ৷