হোজাইৰ অতিৰিক্ত উপায়ুক্তৰ বিৰুদ্ধে উৎকোচ দাবীৰ অভিযোগ শিলাদিত্যৰ

নিয়মীয়া বাৰ্তা, ২৫  ছেপ্টেম্বৰঃ হোজাইৰ এজন দুর্নীতিগ্রস্ত অতিৰিক্ত উপায়ুক্তৰ বিৰুদ্ধে কালি ক্ষোভ উজাৰিলে হোজাইৰ বিধায়ক শিলাদিত্য দেৱে৷ তেওঁৰ জোৰাপুখুৰীৰ বাসভৱনত এখন সংবাদ মেলত ক্ষোভ উজাৰি এটা ভাইৰেল অডিঅ’ ক্লিপ সাংবাদিকৰ হাতত তুলি দিয়ে৷

বিধায়কজনে দিয়া অডিঅ’টোত আপত্তিবিহীন প্রমাণ–পত্র দিয়াৰ বাবদ এজন বিষয়াই উৎকোচ বিচৰাও শুনা গৈছে৷ লগতে স্পষ্টকৈ কোৱা শুনা গৈছে যে উৎকোচ দিবলৈ তেওঁ কার্যালয়লৈ আহিব নালাগে৷ বিধায়কজনে সংবাদ মেলত প্রকাশ কৰে– তেওঁ আঘাত পাইছে৷ মনত পাইছে দুখ৷ এই দুখৰ কাৰণ এজন হোজাইৰ অতিৰিক্ত উপায়ুক্ত৷ হোজাইৰ ৰাজহ বিভাগকে ধৰি কেইবাটাও গুৰুত্বপূর্ণ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্তজনে ভূমিহীন লোকৰ ভূমি আবণ্টন আৰু এন আৰ চিৰ ক্ষেত্রত বিয়াগোম দুর্নীতি সংঘটিত কৰাৰ অভিযোগ কৰে বিধায়ক শিলাদিত্য দেৱে৷

বিধায়ক শিলাদিত্য দেৱে সংবাদ মেলত অতিৰিক্ত উপায়ুক্তজনৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ লিখিতভাৱে মুখ্যমন্ত্রীক অভিযোগ দিব বুলিও মন্তব্য কৰে৷ তদুপৰি এই সমগ্র ঘটনা সংক্রান্তত জিলা উপায়ুক্তগৰাকীক অৱগত কৰোৱা বুলিও জনাইছে বিধায়কগৰাকীয়ে৷