ড৹ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ ধ্বনিৰে মুখৰ কলগাছিয়া

নিয়মীয়া বাৰ্তা, ৮ ছেপ্টেম্বৰ: বৃহত্তৰ কলগাছিয়া অঞ্চলৰ সংবাদ কৰ্মীসকলৰ উদ্যোগত আজি মন্দিয়াৰ উপ জিলাৰ সদৰ কাৰ্যালয় কলগাছিয়াত স্থাপনৰ উদ্দেশ্যে এক আবেদন যাত্ৰা কাৰ্যসূচী ৰূপায়ন কৰা হয়। আজিৰ এই কাৰ্যসূচীত কলগাছিয়াৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱক, শিক্ষাবিদ, ব্যৱসায়ী সকল, বিভিন্ন ৰাজনৈতিক-অৰাজনৈতিক দল সংগঠনৰ নেতা কৰ্মী, শ্ৰমিক, কৃষক সকলে উপস্থিত থাকি কলগাছিয়া ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা লৈ এখন স্মাৰক প্ৰত্ৰ প্ৰেৰণ কৰে। উল্লেখ্য যে আজিৰ এই আবেদন যাত্ৰাত উপস্থিত থকা লোকসকলে মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, পঞ্চায়ত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস জিন্দাবাদ, কলগাছিয়াত মন্দিয়া উপ জিলাৰ কাৰ্যালয় স্থাপন কৰক, কলগাছিয়াৰ প্ৰতি মুখ্যমন্ত্ৰী দয়াশীল হওক, প্ৰয়াত ৰাষ্ট্ৰপতি ফকৰুদ্দিন আলী আহমেদৰ সপোন পুৰণ কৰক, আমাৰ দাবী ন্যায্য দাবী আদি শ্লোগানেৰে কলগাছিয়াৰ আকাশ বতাহ উত্তাল কৰি তোলে।

প্ৰেৰক মফিদুল ইছলাম

Featured