এছ আই কেলেংকাৰি, চাংসাৰিত বিজেপি পালিনেতাৰ ঘৰত চি আই ডিৰ অভিযানক লৈ চাঞ্চল্য

নিয়মীয়া বাৰ্তা, ১১ অক্টোবৰঃ অসম আৰক্ষীৰ উপ–পৰিদর্শক পদৰ পৰীক্ষাৰ প্রশ্নকাকত ফাদিলৰ ব্যাপক কেলেংকাৰিৰ ঘটনা চাংসাৰিতো সম্প্রসাৰিত হোৱাত এতিয়া ৰাজনৈতিক মহলত তীব্র প্রতিক্রিয়া সৃষ্টি হৈছে৷ কিয়নো এছ আই কেলেংকাৰি ঘটনাৰ সৈতে এইবাৰ নাম সাঙোৰ খাইছে সমষ্টটোৰ এগৰাকী বিজেপি পালিনেতাৰ নাম৷ বিজেপিৰ বেজেৰা মণ্ডলৰ উপ–সভাপতি জিণ্টু নাথৰ চাংসাৰিস্থিত ঘৰত চি আই ডিয়ে অভিযান চলোৱাৰ পাছতে বিষয়টোক কেন্দ্র কৰি বিজেপিৰ ভিতৰচ’ৰাত তীব্র আলোড়ন সৃষ্টি হৈছে৷ অৱশ্যে এতিয়ালৈকে অভিযানকাৰী দলটোৱে অভিযুক্ত পালিনেতাগৰাকীক আটক কৰিবলৈ সক্ষম হোৱা নাই৷

উল্লেখ্য যে যোৱা ৫ অক্টোবৰৰ নিশা চি আই ডিয়ে চাংসাৰি থানাৰ সহযোগত চাংসাৰিত অভিযান চলাই দুই পৰীক্ষার্থী মৃণাল কুমাৰ নাথ আৰু কাকুমণি নাথক গ্রেপ্তাৰ কৰিছিল৷ পৰৱর্তী সময়ত আটকাধীন দুই পৰীক্ষার্থীৰ স্বীকাৰোক্তিৰ ভিত্তিত জিণ্টু নাথক বিচাৰি তেওঁৰ ঘৰত অভিযান চলায় যদিও সেই সময়ত তেওঁ ঘৰত নাছিল৷

জানিব পৰা মতে, জিণ্টু নাথৰ লিংকৰ জৰিয়তে ভার্গৱ গ্রেণ্ডত ধৃত দুই প্রার্থী পৰীক্ষাত অৱতীর্ণ হোৱাৰ সুযোগ পাইছিল৷ অৱশ্যে জিণ্টু নাথৰ লিংকত ধনৰ লেনদেন থকা আৰু কেইবাজনো পৰীক্ষার্থী আছে যদিও বর্তমান তেওঁলোক পলাতক হৈ আছে৷ ইপিনে, একাংশই অভিযোগ কৰা মতে, চি আই ডি তথা আৰক্ষীয়ে বিচাৰি নোপোৱা বিজেপিৰ বেজেৰা মণ্ডলৰ উপ–সভাপতিজন চাংসাৰিত মুক্ত বিচৰণ কৰি থকাত বিষয়টো ৰহস্যঘন কৰি তুলিছে৷