ভাৰতীয় সেনাৰ উদ্যোগত চলাৰ লাইট প্ৰদান কাৰ্যসূচী

নিয়মীয়া বাৰ্তা, ৩০নৱেম্বৰ: ভাৰতীয় সেনাৰ শ্বিল্ড ডিভিজনৰ অন্তৰ্গত ডিগবৈ বেটেলিয়নৰ সেনাৰ উদ্যোগত আজি গাঁও বাসীলৈ চলাৰ লাইট প্ৰদানৰ এক কাৰ্যসূচী অনুষ্ঠিত হয়। অৰুণাচল প্ৰদেশৰ তিৰাপ জিলাৰ দেউমালী ফুটবল খেলপথাৰত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত ৰাজ্যখনৰ চাংলাং জিলাৰ দুখন গাঁও আৰু তিৰাপ জিলাৰ ৮ খন গাঁৱলৈ সৰ্বমুঠ ১২৮ টা চলাৰ লাইট আৰু ১৫ টা চলাৰ ষ্ট্ৰীট লাইট প্ৰদান কৰা হয়। সেনাৰ কেইবাগৰাকীও উচ্চ পয্যায়ৰ বিষয়াৰ লগতে গাঁওবাসী উপস্থিত থকা এই অনুষ্ঠানটোত বিভিন্ন সাংস্কৃতিক কায্যসূচীও প্ৰদৰ্শন কৰা হয়।