খৈৰাবাৰীত শ্ৰীহৰি মন্দিৰ ৰথ যাত্ৰাত অংশগ্ৰহণ সাংসদ দিলীপ শইকীয়াৰ

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰী: একল অভিযান আৰু শ্ৰীহৰি সৎসংগ সমিতিৰ তত্ত্বাৱধানত সমগ্ৰ ভাৰত বৰ্ষতে চলি থকা শ্ৰীহৰি মন্দিৰ ৰথ যাত্ৰা কাৰ্যসূচীৰ অংশ হিচাপে আজি ওদালগুৰিৰ খৈৰাবাৰীতো এই ৰথ যাত্ৰাৰ শুভাৰম্ভ কৰা হয়। খৈৰাবাৰীৰ সাৰ্বজনীন দুৰ্গা মন্দিৰ প্ৰাংগনত ৰথ মন্দিৰ পূজন আৰু উদঘাটন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ভাজপাৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়াই। কাৰ্যসূচী শুভাৰম্ভ কৰি সাংসদ শইকীয়াই একল অভিযানে শৈক্ষিক -সাংস্কৃতিক উত্তৰণৰ মাজেৰে সমাজ খনক আগুৱাই নিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰে। এই অভিযানে গ্ৰাম্যাঞ্চলৰ দৰিদ্ৰ পৰিয়ালৰ ল’ৰা-ছোৱালীক শৈক্ষিক দিশত পোহৰৰ বাট দেখুৱাইছে বুলি মন্তব্য কৰি ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় নেতাগৰাকীয়ে লগতে কয় যে এনে সংস্কাৰমুখী অভিযানৰ জৰিয়তে ভাৰত বৰ্ষক বিশ্ব গুৰু হিচাপে প্ৰতিষ্ঠা কৰাই হিন্দু সংগঠন সমূহৰ লক্ষ্য। বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত পিন্ধন-উৰণ, খাদ্যাভ্যাসকে ধৰি ভাষিক, সাংস্কৃতিক ভাৱে পৃথকতা থাকিলেও আমি সকলো এক ভাৰতীয়, আমাৰ মাজত থকা ভিন্নতাই ভাৰতীয় সনাতনী সংস্কৃতিৰ দুৰ্বলতাক নুবুজায়, এই ভিন্নতা বোৰো দৰাচলতে ভাৰতীয় সনাতনী সংস্কৃতিৰ একো একোটা অংগ- তেওঁ কয়। ভাৰত মাতাক ভাৰতীয় সভ্যতা -সংস্কৃতিৰ আৰাধ্যা দেৱী হিচাপে অভিহিত কৰি তেওঁ সকলো শ্ৰেণীৰ লোকৰ সম বিকাশৰ মাজেৰে সমাজ নিৰ্মাণৰ, ৰাষ্ট্ৰ নিৰ্মাণৰ পোষকতা কৰে। ইয়াৰ পিছতে শোভাযাত্ৰা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অৱসৰ প্ৰাপ্ত শিক্ষক গণেশ শৰণীয়াই। খৈৰাবাৰী দুৰ্গা মন্দিৰ প্ৰাংগনৰ পৰা খৈৰাবাৰী চহৰৰ মাজৰে পৰিভ্ৰমণ কৰা এই শোভাযাত্ৰাত বি টি চিৰ পৰিষদীয় সদস্য ভবেন্দ্ৰ বড়োৰ লগতে বি জে পিৰ কাৰ্যকৰ্তা আৰু একল কেন্দ্ৰৰ আচাৰ্যা সকল অংশ লয়। ইপিনে এই উপলক্ষে খৈৰাবাৰী দুৰ্গা মন্দিৰ প্ৰাংগনৰ সাংস্কৃতিক মঞ্চত অনুষ্ঠিত ৰথ আদৰণি সভাত আদৰণি ভাষণ প্ৰদান কৰে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ এক নিষ্ঠ সেৱক ধ্ৰুৱজ্যোতি বড়োৱে। ভাৰতীয় জনতা পাৰ্টীৰ ভেৰগাঁও মণ্ডল সমিতিৰ সভাপতি বিষ্ণু জ্যোতি ৰাভাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত নিৰ্দিষ্ট বক্তা ৰূপে অংশ লৈ আৰ এছ এছৰ তেজপুৰ বিভাগৰ বৌদ্ধিক প্ৰমুখ খগেন ডেকাই ভাৰত বৰ্ষক জ্ঞান অন্বেষণৰ এক পূণ্য ভূমি বুলি অভিহিত কৰে। মহান পূণ্যৰ ফলতহে ভাৰতৰ দৰে এখন দেশত মনুষ্য জন্ম লাভ কৰাতো সম্ভৱ বুলি মন্তব্য কৰি ডেকাই গুৰুজনাৰ’কীৰ্তন ঘোষা’ৰ শ্লোক আওৰাই কয় যে কৰ্মৰ যোগেদিহে মানুহে জীৱনত সফলতা লাভ কৰিব পাৰি। সেয়ে তেওঁ পোৱা-নোপোৱাৰ হিচাপ নাৰাখি সকলোকে আন্তৰিকতাৰে নিজ নিজ কৰ্ম কৰি যাবলৈ আহ্বান জনায়। সভাত বিশিষ্ট লেখক দেৱৰাজ সাপকোটা, বিশিষ্ট সাংস্কৃতিক কৰ্মী হৰিচৰণ ৰাজবংশী, শ্ৰীহৰি সৎসংগ সমতিৰ ওদালগুৰি জিলাৰ সভাপতি নৃপেন্দ্ৰ শৰ্মা, সমাজ কৰ্মী বিকণ ডেকা, নীলিমা ব্ৰহ্ম, ইউ পি পি এলৰ কেন্দ্ৰীয় সম্পাদক বাবুল বসুমতাৰী, ওদালগুৰি জিলা বাথৌ মহাসভাৰ উপ সভাপতি মনমিল বড়োকে ধৰি ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

প্ৰেৰক ধীৰেন মহলীয়া

Featured