বেত্ৰাঘাতত হাতৰ হাড় ভাগিল ছাত্ৰীৰ : পাষাণ শিক্ষয়িত্ৰীৰ কাণ্ডত গহপুৰত প্ৰতিক্ৰিয়া

নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰ: গহপুৰৰ এখন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰীৰ বেত্ৰাঘাতত গুৰুত্বৰভাবে আঘাত প্ৰাপ্ত হৈছে এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰী। গহপুৰ মহকুমাৰ অন্তৰ্গত ছয়দুৱাৰ প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত হাৱাজানৰ ভাস্কৰজ্যোতি প্ৰাথমিক বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা। বিদ্যালয়খনৰ পঞ্চম মানৰ এগৰাকী ছাত্ৰীক ইংৰাজীৰ এটা শব্দ শ্ৰেনীকোঠাৰ বৰ্ডত লিখিবলৈ দিছিল প্ৰধান শিক্ষয়িত্ৰী অণিমা হাজৰিকাই। শব্দটো ছাত্ৰীগৰাকীয়ে ভুল কৈ লিখাত বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী অণিমা হাজৰিকাই হাতত থকা বেতেৰে কোবোৱাৰ ফলত এখন হাতৰ হাড় ফাটি যায় কম বয়সীয়া ছাত্ৰীগৰাকীৰ।এই ঘটনাৰ পিছতেই উতপ্ত হৈ পৰে বিদ্যালয়ৰ পৰিবেশ। পিছত হাৱাজান আৰক্ষী চকীৰ আৰক্ষী গৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। হাৱাজান নপমুৱা গাঁৱৰ মিণ্টু বৰা আৰু বিপাসা বৰাৰ জীয়ৰী ছাত্ৰীগৰাকীক পিছত পিতৃ-মাতৃয়ে চিকিৎসকৰ ওচৰলৈ নি যাবতীয় চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰে। এক্স ৰে ৰিপৰ্ট’ত ছাত্ৰীগৰাকীৰ সোঁহাতৰ মাজৰ এডাল হাড় ফাটি যোৱা বুলি ধৰা পৰে।যোৱা ১৮ ডিচেম্বৰত সংঘটিত এই ঘটনাটো আজি পোহৰলৈ অহাৰ পিছত প্ৰধান শিক্ষয়িত্ৰী অণিমা হাজৰিকাৰ বিৰুদ্ধে শাস্তিৰ দাবী উথাপন হৈছে স্থানীয় ৰাইজৰ মাজত।

প্ৰেৰক নৱজিত শইকীয়া

Featured