নিয়মীয়া বাৰ্তাৰ দিগন্ত কুমাৰ বৰালৈ বৰ্ষশ্ৰেষ্ঠ সাংবাদিক বঁটা

🟢গোলাঘাটৰ নৃত্যাঞ্জলিক কলা কেন্দ্ৰৰ ঘোষণা

🎯অমি সন্দিকৈক জীৱনজোৰা শিল্পী সাধনা বঁটা

🎯অভিনেত্ৰী অমৃতা গগৈক মঞ্চ মাধুৰী বঁটা

🎯কণ্ঠশিল্পী প্ৰাণদীপ হাজৰিকাক উদিত কণ্ঠ

🎯অভিনেতা ৰিণ্টুমনি বৰাক হাস্য জ্যোতি

🎯যুৱ ব্যৱসায়ী ৰন্টু শইকীয়াক যুৱ উদ্যোগী বঁটা

নিয়মীয়া বাৰ্তা, ৬ জুনঃ নিয়মীয়া বাৰ্তা কাকতৰ গোলাঘাটৰ সাংবাদিক দিগন্ত কুমাৰ বৰালৈ ‘বৰ্ষশ্ৰেষ্ঠ সাংবাদিক বটা-২০২৪’ আগবঢ়াইছে নৃত্যাঞ্জলি কলা কেন্দ্ৰই। নিষ্ঠা আৰু সততাৰে সুদীৰ্ঘকাল সংবাদসেৱাৰে সমাজলৈ বিশেষ অবদান আগবঢ়াই অহা গোলাঘাটৰ বিশিষ্ট সাংবাদিক তথা গোলাঘাট মিডিয়া ফ’ৰাম’ৰ সভাপতি দিগন্ত কুমাৰ বৰাক এই বটা ২০ জুলাইত গোলাঘাট জিলা পুথিভঁৰালত অনুষ্ঠিত হ’ব লগা এক বিশেষ অনুষ্ঠানত প্ৰদান কৰা হ’ব। উল্লেখ্য যে, পদ্ধতিগত নৃত্যনাট্য শিক্ষা ।ৰ আগশাৰীৰ শিক্ষানুষ্ঠান, ৰূপালী জয়ন্তী বৰ্ষ গৰকা নৃত্যাঞ্জলি কলা কেন্দ্ৰই পূৰ্বৰ দৰে এইবাৰো এক জুলাইৰ পৰা বিশ জুলাইলৈ গ্ৰীষ্মকালীন নৃত্য নাট্য কৰ্মশালাৰ আয়োজন কৰি ২০ জুলাইত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। গোলাঘাট জিলা পুথিভঁৰালত সেইদিনা ‘প্ৰতিভা প্ৰত্যুষ সভা’ শীৰ্ষক এলানি প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব। সৃষ্টিশীল নৃত্য, পৰম্পৰাগত সাজপাৰ আদি প্ৰতিযোগিতাৰ অন্তত সন্ধ্যা শিল্পী আচুৰ্য বৰপাত্ৰই উদ্বোধন কৰিবলগীয়া সাংস্কৃতিক সন্ধিয়াত সাংস্কৃতিক কাৰ্যসূচীৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তিক প্ৰদান কৰা হ’ব কেইবাটিও বিশেষ বটা। সেই অনুসৰি কন্ঠশিল্পী আমান আহমেদ আৰু অমি সন্দিকৈক প্ৰদান কৰা হ’ব “জীৱনজোৰা শিল্পী সাধনা বটা’। অভিনেত্ৰী অমৃতা গগৈক ‘মঞ্চ মাধুৰী বটা’, সাংবাদিক দিগন্ত কুমাৰ বৰাক ‘বৰ্ষশ্ৰেষ্ঠ সাংবাদিক বঁটা-২০২৪’, কন্ঠশিল্পী প্ৰাণদীপ হাজৰিকাক ‘উদিত কন্ঠ’, অভিনেতা ৰিণ্টুমনি বৰাক ‘হাস্য জ্যোতি’ আৰু যুৱ ব্যৱসায়ী ৰন্টু শইকীয়াক ‘যুৱ উদ্যোগী বটা’ প্ৰদান কৰা হ’ব। অনুষ্ঠানত গুৱাহাটীৰ নৃত্য শিল্পী ক্ষিৰোদ বৰাৰ নৃত্যানুষ্ঠানৰ লগতে কৰ্মশালাৰ প্ৰশিক্ষাৰ্থীসকল আৰু নৃত্যাঞ্জলিৰ ছাত্ৰ ছাত্ৰীসকলৰ কেইবাটাও সাংস্কৃতিক অনুষ্ঠান পৰিৱেশিত হ’ব। অনুষ্ঠানত নৃত্যাঞ্জলিৰ পোন্ধৰ গৰাকী ছাত্ৰ ছাত্ৰীক প্ৰদান কৰা হ’ব বিশাৰদ উপাধি। নৃত্যাঞ্জলিৰ অধ্যক্ষ শান্তুমনি শৰ্মাই জনোৱা মতে, কলা কেন্দ্ৰৰ উদ্যোগত বিগত বৰ্ষসমূহৰ দৰে এইবাৰো ১-২০জুলাইত দেৰগাঁও পঞ্চায়ত ধৰমশালা আৰু বোকাখাট পুৱতি সাহিত্য সভা ভৱনত বিশ দিনীয়া নৃত্য নাট্য কৰ্মশালাৰ আয়োজন কৰা হৈছে। নৃত্য কলা কেন্দ্ৰ, ফেটাগাঁও- ৰ সহযোগত আয়োজিত কৰ্মশালাত নৃত্যত যুৱ মহোৎসৱত সোনৰ পদকপ্ৰাপ্ত শিল্পী ক্ষীৰোদ বৰা, বিশিষ্ট মডেল বাৰ্বী জেলিল, কৰিঅ’গ্ৰাফাৰ মাষ্টাৰ দিপু আদি আমন্ত্ৰিত সমল ব্যক্তিৰ দ্বাৰা ছাত্ৰ ছাত্ৰী সকলক সত্ৰীয়া নৃত্যত অভিনয় আৰু সংৰচনা, মডেলিং, বলিউদ, হিপহপ,জেজ পাশ্বত্য নৃত্যৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। আগ্ৰহীসকলক কৰ্মশালাত যোগদানৰ বাবে ৮০১১৮৩৩১১০/ ৬০০২৮৫৭৩২৭নম্বৰত যোগাযোগ কৰিবলৈ অধ্যক্ষ জনে আহ্বান জনাইছে। ইপিনে, কৰ্মশালাৰ অন্তত অনুষ্ঠিত হ’ব লগা বিশেষ বটাঁ প্ৰদান তথা সাংস্কৃতিক অনুষ্ঠানৰ আয়োজক সমিতিৰ সভাপতি পুৰ্ণ ৰাজখোৱা আৰু সচিব প্ৰধান অজয় ভৰালীয়ে অনুষ্ঠানৰ সফলতাত সকলোৰে উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে।

প্ৰেৰক প্ৰণৱ চক্ৰৱৰ্তী

Featured