তিনিচুকীয়া মেডিকেল কলেজত চিকিৎসা চলি থাকোঁতেই খহিল চিলিং

বিশেষ বাৰ্তা, ২ জুলাই : তিনিচুকীয়া জিলাৰ মাকুম শুকানপুখুৰীস্থিত নৱনিৰ্মিত তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত আজি পুৱাৰ ভাগত সংঘটিত হয় এক অঘটন৷ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসাৰ এটা বিভাগৰ কৰিড’ৰত ৰোগী চিকিৎসা সেৱা চলি থকাৰ সময়তে চিলিং ভাঙি সৰি পৰে৷ চিলিং আৰু বাল্ব এগৰাকী মহিলাৰ গাত পৰাত আঘাতপ্ৰাপ্ত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। এগৰাকী প্ৰত্যক্ষদৰ্শী ৰোগীয়ে দিয়া ভাষ্য অনুসৰি চিলিং ভাঙি পৰাৰ সময়ত বিকত শব্দৰ সৃষ্টি হৈছিল আৰু সকলোৱে দৌৰাদৌৰি কৰাৰ দৰে এক পৰিবেশৰ সৃষ্টি হৈছিল আৰু ইফালেসিফালে বহু ৰোগী আছিল৷ উল্লেখযোগ্য যে এন চি চি প্ৰাইভেট লিমিটেড কোম্পানীটোৱে ৬১৪.৯৩ কোটি টকাৰ ব্যয়সাপেক্ষে নিৰ্মাণ কৰা চিকিৎসা মহাবিদ্যালয়খন এবছৰ সম্পূৰ্ণ নহওঁতে এনেদৰে কৰিড’ৰৰ চিলিং ভাঙি চিকিৎসা কৰিবলৈ যোৱা ৰোগী আঘাতপ্ৰাপ্ত হোৱা বিষয়টোৱে বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপিত হৈছে। অতি নিম্ন মানদণ্ডৰে নিৰ্মাণ অথবা নিৰ্মাণত সৃষ্টি হৈছে নেকি ব্যাপক বেমেজালিৰ? কিন্তু সৌভাগ্যক্ৰমে চিলিংখনৰ লগতে বাল্ব সৰি পৰাৰ সময়ত ওচৰেপাঁজৰে বহু ৰোগী আছিল যদিও কথমপি বহু লোক আঘাতপ্ৰাপ্ত হোৱাৰ পৰা ৰক্ষা পৰে৷ চিকিৎসা মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষই কোনো ধৰণৰ স্পষ্টীকৰণ দিয়া নাই যদিও কৰিড’ৰটো চকী আৰু নিৰাপত্তাৰক্ষী দি বন্ধ কৰি দিয়ে৷ এতিয়া ৰোগীৰ জীৱনৰ লগত হেতালি খেলা এই বিষয়টোৱে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
প্ৰেৰক বিবেক বড়া
Featured