ধুবুৰীত দুৰ্ঘটনাৰ পৰা ৰক্ষা জল পৰিবহণ বিভাগৰ ফেৰী

নিয়মীয়া বাৰ্তা, ২ জুলাইঃ আজি ধুবুৰীৰ বৰলুইতত ডাঙৰ অঘটনৰ পৰা সৌভাগ্যক্ৰমে ৰক্ষা পৰে আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ এখন ডাঙৰ ষ্টীলবোটৰ শতাধিক যাত্ৰী। জানিব পৰা মতে, আজি পুৱা দক্ষিণ শালমাৰাৰ বুঢ়া-বুঢ়ী ঘাটৰ পৰা বৰলুইতেৰে ধুবুৰী অভিমুখে যাত্ৰা কৰিছিল এম ভি নীলগিৰি নামৰ এখন আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ এখন যাত্ৰীবাহী ফেৰী। কিন্তু, আদবাটতে অকস্মাতে ফেৰীখনৰ সন্মুখৰ অংশৰ তলি নৈখন বামত লাগি যায়। ফলত হুৱাদুৱা লাগে যাত্ৰীসকলৰ মাজত। অৱশ্যে বহু চেষ্টাৰ পিছত ফেৰীখনৰ লাগি থকা অংশ উলিয়াবলৈ সক্ষম হয় চালকে আৰু কেইবা ঘন্টা পলমকৈ হ’লেও সুকলমে ধুবুৰীলৈ আহি উপস্থিত হয় সেইখন। ইপিনে বিষয়টোলৈ আনুষ্ঠানিকভাবে একো নকলেও, বিভাগটোৰ স্থানীয় এক সূত্ৰই সদৰী কৰা মতে, বৰ্তমানে বৰলুইতৰ জলস্তৰ বৃদ্ধি পাবলৈ লোৱাৰ পৰিপ্ৰেক্ষিতত ফেৰী চলাচল কৰা চেনেলৰ কিছু পৰিবৰ্তন হোৱা বাবেই আজিৰ এই ঘটনাটো সংঘটিত হৈছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

Featured