নিৰাশ্ৰয়ী ককা-আইতাৰ বাবে নৱনীতাৰ প্ৰয়াসঃ বৃদ্ধাশ্ৰমৰ শিলান্যাস

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰীঃ আজি যোৰহাটৰ পটীয়াগাঁৱৰ পটীয়াফকলা পথাৰত এক অনুষ্ঠান সম্পন্ন হৈ যায়‌। পথাৰকন্যা নৱনীতা দাসৰ প্ৰচেষ্টাত এখন বৃদ্ধাশ্ৰমৰ গৃহ নিৰ্মাণৰ আৰম্ভণি হৈ যায়।

গৃহ নিৰ্মাণত প্ৰত্যক্ষ সহায় আগবঢ়াইছে নৱনীতা দাসৰ জ্যেষ্ঠ ভগ্নী জোনমণি দাসে। সমাজৰ কেইবাজনো জ্যেষ্ঠ ব্যক্তিৰ উপস্থিতিত নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰে সমাজকৰ্মী তথা যুৱনেতা মনোজ মহন্তই। ইফালে সাময়িকভাৱে আশ্ৰমৰ অস্হায়ী পঁজাতে এহালে নিৰাশ্ৰয় ককা-আইতাক সাময়িকভাৱে আশ্ৰয় দানেৰে নিৰ্ভয় প্ৰদান কৰিছে নৱনীতা দাসে।