পাঠশালাৰ ৰাজপথত আতংক সৃষ্টিকাৰী চোৰক আটক

নিয়মীয়া বাৰ্তা, ১৩ ছেপ্টেম্বৰঃ বজালী জিলা সদৰ পাঠশালা আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত মহিলা-যুৱতীসকলে নিশাতো দুৰৈৰ কথা দিন দুপৰতো ৰাজপথলৈ নিৰ্বিঘ্নে ওলাবলৈ ভয় কৰা পৰিবেশৰ সৃষ্টি হৈ আহিছিল৷ কিয়নো পাঠশালাৰ লগতে ইয়াৰ দাতিকাষৰীয়া অঞ্চলসমূহত কেতিয়া কোন দিশৰ পৰা বাইকত আহি একাংশ চোৰে চিলনীৰ দৰে থপিয়াই মহিলা-যুৱতীৰ দিঙিৰ চেইন বা কান্ধৰ বেগ আজুৰি লৈ যায় তাৰ শংকাত ভুগি আহিছে৷ ইয়াৰ পিছতে আজি পাঠশালা আৰক্ষীয়ে এই চিলনী চোৰৰ এটা চক্ৰক আটক কৰাত ৰাইজে কিছু স্বস্তিৰ নিশ্চাস এৰিছে৷ উল্লেখ্য যে কিছুদিন পূৰ্বে পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ সন্মুখৰ পৰা দিন দুপৰতে গীতু পাটগিৰী নামৰ এগৰাকী মহিলাৰ ডিঙিৰ পৰা এডাল সোণৰ চেইন থপিয়াই নিছিল দুজন বাইকত অহা চিলনীচোৰে৷ তাৰ পিছতে ঘটনাস্থলীৰ ওচৰত থকা দোকানৰ চি চি টিভি কেমেৰাৰ ফুটেজ চাই পাঠশালা আৰক্ষীয়ে ৰঙিয়াৰ পৰা বাইক সহ আটক কৰিবলৈ সক্ষম হয় এই ঘটনা সংঘটিত কৰা চিলনী চোৰ দুটাক। পাঠশালা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অনুপজ্যেতি পাটিৰী আৰু সহকাৰী উপ পৰিদৰ্শক বিষ্ণু প্ৰসাদ ভূঞাৰ নেতৃত্বত পাঠশালা আৰক্ষীৰ এটি দলে ৰঙিয়াৰ কচাৰী শোলমাৰীৰ ৰাজু আলী আৰু গোচাই শোলমাৰীৰ ৰেকিবুদ্দিন আহমেদ নামৰ চোৰ দুজনক আটক কৰাৰ লগতে এই চুৰি কাৰ্যত ব্যৱহাৰ কৰা বাইকখনো জব্দ কৰে৷ ইয়াৰ লগতে এই দুই চোৰে চেইনদাল বিক্ৰী কৰা পাটাছাৰকুছি থানাৰ অন্তৰ্গত খাণ্ডাৰপাৰৰ মুক্লেছুৰ ৰহমান আৰু সম্প্ৰতি বৰপেটাত জুৱেলাৰী ব্যৱসায় কৰি থকা মহাৰাষ্ট্ৰৰ ৰিশিকেশ কিশান সিন্ধেকো আটক কৰে। তাৰোপৰি বজালী আৰক্ষীয়ে এটা বাইক চোৰৰ চক্ৰকো আটক কৰিবলৈ সক্ষম হয়৷ বজালীৰ বিভিন্ন প্ৰান্তত বাইক চুৰি কৰা এই চক্ৰটোক বজালী আৰক্ষীয়ে গুৱাহাটীৰ পৰা চুৰি কৰা বাইকসহ আটক কৰিবলৈ সক্ষম হয়৷ আৰক্ষী আটক কৰা বাইক চুৰি কৰা চোৰকেইজন হৈছে বাকসা জিলাৰ আনন্দ বজাৰৰ বিক্ৰম ৰয়, চিৰাং জিলাৰ বাকৰা বজাৰৰ তপন ৰয় ওৰফে ৰাজা, বজালী জিলাৰ ডুবি মুছলিম চুবাৰ ৰুবুল আলী আৰু পাঠশালাৰ মিলনপুৰৰ সঞ্জীৱ দাস৷

প্ৰেৰক কল্যাণ কলিতা

Featured