সৰ্থেবাৰীত ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ সপ্তম বৰ্ষৰ শুভ নাট্যাৰম্ভ 

নিয়মীয়াবাৰ্তা, ২২ আগষ্ট : বিগত ছয় বছৰে বৃহৎ সফলতা লাভ কৰি গৌৰৱৰ ধ্বজা বহন কৰি অহা কাঁহশিল্পনগৰী সৰ্থেবাৰীৰ সম্পদ তথা চৰ্চাৰ শীৰ্ষত থকা ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ সপ্তম বৰ্ষৰ বাবে কালি শুভ নাট্যাৰাম্ভ কৰা হয়। এই উপলক্ষ্যত সৰ্থেবাৰীৰ পশ্চিম প্ৰান্তত থকা ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ আখৰাগৃহত পুৱাৰে পৰা বিস্তৃত কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ আখৰাগৃহত পুৱা মাঙ্গলিক কাৰ্যসূচী সমাপন কৰাৰ লগতে ভকতসকলৰ দ্বাৰা নাম-প্ৰসঙ্গ কৰা হয়। দুপৰীয়া ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ শিল্পী- কলা-কুশলীৰ অন্তৰঙ্গ আলাপ অনুষ্ঠিত কৰা হয়।সন্ধিয়া ছয় বজাত শুভ লগ্ন অনুসৰি ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ আখৰাগৃহ আৰু স্থায়ী মঞ্চ ফিটা কাটি মুকলি কৰে যশস্বী নাট্যকাৰ তথা পৰিচালক ৰমা বৰ্মনে। ভাষণ প্ৰসংগত ৰমা বৰ্মনে কয় যে অসমৰ চৰ্চাৰ শীৰ্ষত থকা ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলে যাত্ৰা জগতত এক পৰিবৰ্তনৰ ধাৰা আৰম্ভ কৰিছে। ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ পৰিকল্পনা অন্য নাট্যদলতকৈ পৃথক বুলি কোৱাৰ লগতে গুণগত আৰু ৰুচিশীলতাক ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলে গুৰুত্ব প্ৰদান কৰি আহিছে বুলিও মন্তব্য প্ৰকাশ কৰে। ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলে প্ৰতিবছৰে দৰ্শকক সন্তষ্টি দিব পাৰিছে বুলিও ৰমা বৰ্মনে মন্তব্য প্ৰকাশ কৰে। ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ উত্তৰ প্ৰান্তৰ প্ৰান্তীয় প্ৰচাৰ প্ৰমুখ তথা জ্যেষ্ঠ সাংবাদিক কিশোৰ শিৱমে বন্তি প্ৰজ্বলন কাৰ্যসূচী মুকলি কৰে। ভাষণ প্ৰসংগত কিশোৰ শিৱমে কয় যে ৰাইজক সন্তুষ্টি প্ৰদান কৰি সুপৰিকল্পিতভাবে বিগত ছয় বছৰে নাট প্ৰদৰ্শন কৰি অহা ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলে ভ্ৰাম্যমাণ জগতত এক নতুন দিশৰ সূচনা কৰিছে। এই সময়ত এটি নাট্যদল সাৱলীলভাবে আগবঢ়াই নিয়াটো কঠিন বুলিও মন্তব্য প্ৰকাশ কৰে কিশোৰ শিৱমে। ইয়াৰ পিছতেই ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ প্ৰযোজক পি জে প্ৰিন্স, ৰসৰাজ পুথিভঁৰালৰ পৰিচালক-তত্বাৱধায়ক তথা শিক্ষক জেহেৰুল ইছলাম আৰু ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ অভিনেতা-অভিনেত্ৰীসকলে বন্তি প্ৰজ্বলন কৰে। আনহাতে সপ্তম বৰ্ষৰ সাতগছি বন্তি প্ৰজ্বলন কৰে ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ মুখ্য উপদেষ্টা তথা সমাজকৰ্মী সুবোধ তামুলী, সৰ্থেবাৰী পৌৰসভাৰ পাৰিষদ প্ৰেমদা তামুলী, কবি-সাংবাদিক তথা বিৰিণা গোষ্ঠী-অসমৰ সম্পাদক তফিকুৰ ৰহমান, কবি-সাংবাদিক সুৰজিৎ পাঠক, সাংবাদিক উজ্জ্বল ডেকা, সমাজকৰ্মী গোপেশ ভূঞা, ইলুচনিষ্ট শুচিব্ৰত ৰয় আদিয়ে। ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ সপ্তম বৰ্ষৰ মুখ্য বেনাৰ উন্মোচন কৰে বৰপেটা জিলা বিহু শিল্পী সন্থাৰ উপসভানেত্ৰী তথা শিক্ষয়িত্ৰী- লেখিকা প্ৰীতিমনি ডেকা ভূঞা আৰু সৰ্থেবাৰী লেখিকা সমাৰোহ সমিতিৰ যুটীয়া সম্পাদক, শিক্ষয়িত্ৰী তথা কবি নিজৰা বৰ্মনে। ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলে এইবাৰ দুখন নাটক লৈ ৰাইজৰ মাজলৈ যাব। এই নাটক দুখন হৈছে যশস্বী নাট্যকাৰ ৰমা বৰ্মনৰ “অধিকাৰ” আৰু তিলক বৈশ্যৰ “অন্নদাতা”। এই নাটক দুখনৰ পাণ্ডুলিপি উন্মোচন কৰে ভাৰতী অধ্যয়ন চক্ৰৰ সভাপতি তথা অৱসৰী শিক্ষক খগেন্দ্ৰনাথ ভূঞা আৰু সৰ্থেবাৰী প্ৰেছ ক্লাৱৰ সভাপতি চক্ৰেশ্বৰ ডেকাই। ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ মুখ্য পৃষ্ঠপোষক নকুল তালুকদাৰে আঁত ধৰা উদ্বোধনী অনুষ্ঠানত ভাৰতী অধ্যয়ন চক্ৰৰ সভাপতি খগেন্দ্ৰ নাথ ভূঞা, সৰ্থেবাৰী প্ৰেছ ক্লাৱৰ সভাপতি চক্ৰেশ্বৰ ডেকা, সাংবাদিক ভৱেশ ডেকা, ইলুচনিষ্ট শুচিব্ৰত ৰয়, যুব সমাজকৰ্মী শিক্ষক সঞ্জয় বৰ্মন, প্ৰবক্তা ৰূপক ডেকা, শিক্ষক হৰিশ দাস, সাংস্কৃতিক সাংবাদিক ৰমেন কলিতা, সৰ্থেবাৰী আৰক্ষী থানাৰ নাগৰিক সমিতিৰ সদস্য সুব্ৰত ডেকা, সৰ্থেবাৰী পাঁচখেল গঞাগয়ৰহৰ আহ্বায়ক সুব্ৰত ডেকা, প্ৰাক্তন ছাত্ৰনেতা প্ৰদীপ দাস আদিয়ে ভাষণ প্ৰদান কৰে। এই অনুষ্ঠানত বিশিষ্ট সাংস্কৃতিক সাংবাদিক কৰেণ কলিতা, সৰ্থেবাৰী ছোৱালী হাইস্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক নয়ন লহকৰ, একালৰ আলফাৰ বলিষ্ঠ নেতা তথা বৰ্তমানৰ এজন উদ্যমী আদৰ্শ কৃষক বলো দাস আদি কেইবাগৰাকীও ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী ডিম্বেশ্বৰ নাথ, সঞ্জু নাৰায়ণে কেবাটাও গীত পৰিবেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে। একেদৰে কণ্ঠশিল্পী তপন ডেকা, মুন দাস, বিপুল দাস, শিখামনি বৰ্মন, গীতাশ্ৰী বৰ্মন, অমৰ ৰংৰাজ, ধীৰু, কমল দাস আদিয়েও সংগীত পৰিবেশন কৰে। অভিনেতা উৎপল ভূঞা, অমৰ ৰংৰাজ আদিয়ে কবিতা পাঠ কৰে। এটি সংগীতেৰে অনুষ্ঠানৰ মোখনি মাৰে ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ প্ৰযোজক পি জে প্ৰিন্সে। উল্লেখ্য যে সকলো দিশতে চৰ্চাৰ শীৰ্ষত থকা ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলত এইবাৰ অভিনয় কৰিব মঞ্চ জগতৰ সুদৰ্শন অভিনেতা ভবেশ প্ৰিয়ম, ভ্ৰাম্যমাণৰ বলিষ্ঠ অভিনেতা উৎপল ভূঞা, কমল ৰঞ্জন কাশ্যপ, অমৰ ৰংৰাজ, প্ৰবীৰ ডেকা,মৃগৰাজ তালুকদাৰ, মোহময়ী অভিনেত্ৰী বন্দনা প্ৰিয়া, অংকিতা কাশ্যপ আৰু মন্দিৰা কোঁচে। পোহৰ পৰিচালনা কৰিব সুদক্ষ পোহৰ নিৰ্দেশক মৃন্ময় ভাইটিয়ে। কাৰিকৰী দিশত এইবাৰ  নতুনৰ  সংযোজন হৱ বুলিও জানিব পৰা গৈছে।
প্ৰেৰক নকুল তালুকদাৰ
Featured