নিয়মীয়া বাৰ্তা ১৯ মেঃ গহপুৰত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে চুৰিকাণ্ডৰ ঘটনা। নিশা কাৰ্ফিউৰ সুযোগ লৈ গহপুৰ নগৰত ৬খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত চুৰৰ চাফাই অভিযান। এই চুৰিকাণ্ডত চুৰে সামগ্ৰী নিয়াৰ উপৰিও কেচ বাকচ ভাঙি নগত ধন লৈ উধাও হয়।
ইপিনে গহপুৰ আৰক্ষী থানাৰ পৰা মাত্ৰ ১০০ মিটাৰ ওচৰতে কিদৰে চুৰি কাণ্ড সংঘটিত হ’ল, তাক লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ব্যৱসায়ীসকলৰ মাজত।