ৰকিবুল হুছেইনৰ ভেটিত কঁপনি তুলি দুই সহস্ৰাধিকৰ বিজেপিত যোগদান

নিয়মীয়া বাৰ্তা, ১৫ ছেপ্টেম্বৰঃ চামগুৰিত আগন্তক উপ-নিৰ্বাচনৰ দিন যিমানে চমু চাপি আহিছে সিমানে তৎপৰ হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দল ৷ চামগুৰি সমষ্টি ৰকিবুল হুছেইনৰ কংগ্ৰেছৰ দুৰ্গ হিচাপে পৰিচিত আছিল৷ কিন্তু চামগুৰিত কংগ্ৰেছৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিয়ে বাৰুকৈয়ে জুৰুলা কৰি পেলাইছে৷ চামগুৰিত কংগ্ৰেছৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিত অতিষ্ট হৈ আজি বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামীৰ উপস্থিতত দুই সহস্ৰাধিক কংগ্ৰেছ দলৰ নেতা কৰ্মীয়ে বিজেপিত যোগদান কৰে৷ বিজেপিত যোগদান কৰাসকলক দলীয় গামোচা আৰু টুপিৰে আদৰি লয়৷ বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামীয়ে আজি পুৱাৰ ভাগৰ পৰাই নিজৰ দেহৰক্ষী অভিহনে উপস্থিত হয় চামগুৰি সমষ্টিত৷ বিধায়কগৰাকীয়ে চামগুৰি সমষ্টিৰ শিঙিমাৰী, শালপাৰা, মাগুৰমাৰী, কাৱৈমাৰী, কাঠপাৰা আৰু ভাটিয়াখালি পঞ্চায়তত উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰি চামগুৰি সমষ্টিত উপ নিৰ্বাচনৰ ৰণশিঙা বজায়৷ বিধায়কজনে সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰয়া প্ৰকাশ কৰি কয় যে এইবাৰ চামগুৰি সমষ্টিত খেলা খেলা হব৷ উক্ত খেলত বিজেপিৰ প্ৰাৰ্থী জয়ী হোৱাটো নিশ্চিত বুলি প্ৰকাশ কৰে৷ চামগুৰিত ৰকিবুলে ২৫ বছৰ ধৰি ৰাজত্ব কৰি আছে তথাপি দেহৰক্ষী নোহোৱাকৈ চামগুৰিত প্ৰৱেশ কৰিব নোৱাৰে৷ আজি বিধায়কজনে কোনো দেহৰক্ষী নোহোৱাকৈ চামগুৰিৰৰ পঞ্চায়তে-পঞ্চায়তে আধাৰশিলা স্থাপন কৰে৷ বিধায়কজনে কালি ৰকিবুল হুছেইনৰ বিৰুদ্ধে ১ কোটি টকাৰ মানহানি গোচৰ ৰুজু কৰিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে৷ আজি চামগুৰিত বিধায়কজনক সংগ দিয়ে বিজেপি নেতা সুৰেশ বৰা, বিৰাজ কুমাৰ নন্দি, সুব্ৰত সিনহা, ফকৰ উদ্দিন আলী আহমেদ আৰু মজিবুৰ ৰহমানে ৷

প্ৰেৰক জহিৰুল ইছলাম

Featured