লখিমপুৰত ৫ উপায়ুক্তৰে বৈঠক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১ জুলাইঃ লখিমপুৰত অনুষ্ঠিত উপায়ুক্ত সন্মিলনৰ কাৰ্য্যসূচী হিচাপে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই তিনিচুকীয়া, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, আৰু মাজুলীৰ জিলা উপায়ুক্তসকলৰ সৈতে এক বৈঠকত মিলিত হয়। আজিৰ এই বৈঠকৰ অন্যতম উদ্দেশ্য হৈছে বিভিন্ন জিলাসমূহে চৰকাৰৰ নতুন নতুন পদক্ষেপসমূহ কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰি ইয়াক সমাধানৰ পৰিকল্পনা যুগুত কৰা। আজিৰ বৈঠকত জে জে এম, এম জি এনৰেগা, পি এম ৱাই-জি এণ্ড পি এম ৱাই-ইউ, এছ বি এম (জি এণ্ড ইউ), আয়ুষ্মান ভাৰত ডিজিটেল মিছন, অমৃত সৰোবৰ আদি বিভিন্ন ফ্লেগশ্বিপ আঁচনিৰ ওপৰত পৰ্যালোচনা কৰা হয়। লগতে উপায়ুক্তসকলে নিজ নিজ জিলাত আঁচনিসমূহৰ বৰ্তমানৰ স্থিতিৰ ওপৰত আলোকপাত কৰে। আজিৰ এই বৈঠকত অসম চৰকাৰৰ জেষ্ঠ সচিব জে বি এক্কা, জি ডি ত্ৰিপাঠী, এম এছ মনিভনন, অনন্ত লাল জ্ঞানী আদিকে ধৰি আন আন বিষয়ববীয়া উপস্থিত থাকে।

Featured