নগৰবেৰাৰ টুপামাৰীত দুই পক্ষৰ মাজত ভয়ানক মাৰপিট

নিয়মীয়া বাৰ্তা, ১৯ জুলাইঃ নগৰবেৰাৰ টুপামাৰীত ৰাস্তাৰ মাটিত খুঁটি পোতাক লৈ দুই পক্ষৰ ভয়ানক মাৰপিট সংঘটিত হয়। মাৰপিটত গুৰুতৰভাৱে আহত হ’ল দুজনকৈ লোক। জানিব পৰা মতে ৰাস্তাৰে ট্ৰেক্টৰ চলাচল কৰিলে ৰাস্তাৰ অৱস্থা বেয়া হোৱা বাবেই গাঁওখনৰ আলী উদ্দিনে ট্ৰেক্টৰ চলাচল বন্ধ কৰিবলৈ কেইটামান খুঁটি পুতিবলৈ লয় ৰাস্তাত। সেই সময়তে প্ৰতিবেশী ৰশিদ আলী আৰু তেওঁৰ পৰিয়ালৰ লোকে ৰাস্তাটো তেওঁলোকৰহে বুলি কৈ খুঁটি পুতিবলৈ বাধা দিয়ে। তাৰ পাছতেই দুই পক্ষৰ মাজত কথা কটাকটি আৰু পাছলৈ কুৰুক্ষেত্ৰ। উল্লেখ্য যে দুই পক্ষৰ মাজত দীৰ্ঘদিনৰে পৰা উক্ত মাটিডৰাক লৈ চলি আহিছিল শীতল যুঁজ।দুয়োপক্ষৰ মাজত ভয়ানক সংঘৰ্ষ হয় আৰু এই মাৰপিটত ৰশিদ আলী পক্ষৰ মহিলাসহ দুজনকৈ লোক আঘতপ্ৰাপ্ত হয়। আহত দুয়োকে প্ৰথমে টুপামাৰী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰে।ৰাস্তাৰ মাটিক কেন্দ্ৰ কৰি সংঘটিত হোৱা এনে মাৰপিটৰ ঘটনাই চাঞ্চল্য বিয়পাইছে অঞ্চলজুৰি।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

Featured