লখিমপুৰত অসমীয়া যুৱ মঞ্চৰ তিনি নেতাক গ্ৰেপ্তাৰ

বিশেষ বাৰ্তা, ৮ ছেপ্টেম্বৰঃ অসমীয়া যুৱ মঞ্চৰ লখিমপুৰ জিলা সভাপতি সহ তিনি জনক গ্ৰেপ্তাৰ কৰা হৈছে। তেওলোক হল মঞ্চৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি চিৰঞ্জিত বৰদলৈ, লখিমপুৰ আঞ্চলিক সমিতিৰ সম্পাদক দিপাংকৰ নাথ আৰু সদস্য লক্ষীকান্ত দাস। তেওলোকক লখিমপুৰ সদৰ থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আজি আদালতত হাজিৰ কৰি জেললৈ প্ৰেৰণ কৰে। উল্লেখ্য চাৰিদিনমানৰ আগতে লখিমপুৰ নগৰ এলেকাত কিবা কথাত মঞ্চৰ জিলা সভাপতি চিৰঞ্জিত বৰদলৈ য়ে এজন অনা অসমীয়া যুৱকক কাণত ধৰাই আঠু কঢাইছিল। যুৱকজনে অসমীয়া বিদ্বেষী মন্তব্য কৰাৰ বাবে তেওঁ এনেদৰে যুৱক জনক আঠু কঢাইছিল বুলি জানিব পৰা গৈছে। পিছে এনেদৰে যুৱক জনক আঠু কঢাই কাণত ধৰোৱা ভিডিঅ এটা ভাইৰেল হৈ পৰে। একাধিক পৰ্টেলে এই ভিডিঅটো সম্প্ৰচাৰো কৰে। এই ভিডিঅটো প্ৰত্যক্ষ কৰি আৰক্ষী তৎপৰ হৈ পৰে। কালিয়েই প্ৰথমে চিৰঞ্জিত বৰদলৈ ক আটক কৰাৰ পাছত দিপাংকৰ আৰু লক্ষীকান্ত কো আটক কৰে আৰক্ষীয়ে। তেওলোকক সোধপোচ কৰাৰ অন্তত আজি তেও লোকৰ স্বাস্হ্য পৰীক্ষা সম্পন্ন কৰি আৰক্ষীয়ে তেওলোকক গ্ৰেপ্তাৰ কৰে। লখিমপুৰ সদৰ থানাত তেও লোকৰ বিৰুদ্ধে ৩২৯/২০২৩ নম্বৰত আৰু ১২০(বি) /১৫৩(এ) /৩৪১/৫০৫(আই) (চি) /৩৮৭ ধাৰাত এটা গোচৰ ৰুজু হয়। এই গোচৰ মৰ্মে আৰক্ষীয়ে তেও লোকক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰি জেললৈ প্ৰেৰণ কৰে। এই সন্দৰ্ভত লখিমপুৰ আদালতত ৮৬১/২০২৩ নম্বৰত তেও লোকৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন হয়। তেও লোকক আদালতত হাজিৰ কৰোৱা সময়ত অধিবক্তা ই জামিন আবেদন দাখিল কৰিছিল যদিও আদালতে নাকচ কৰে। ফলত তেওঁ লোকৰ জেল যাত্রাৰ পথ অৱধাৰিত হৈ পৰে। উল্লেখ্য তেও লোকৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰটোত সংযুক্ত হোৱা চাৰিটা ধাৰাৰ ভিতৰত ১৫৩(এ) আৰু ৩৮৭ ধাৰা জামিন বিহীন। যাৰ বাবে আদালতে জামিন আবেদন নামঞ্জুৰ কৰা বুলি ধাৰণা কৰা হৈছে।ইফালে তেও লোকক বিনা চৰ্তে  মুক্তি দিয়াৰ দাবীত কাইলৈ লখিমপুৰ জিলাত তলা আৰু চকা বন্ধ ৰ আহ্বান জনাইছে মঞ্চৰ লখিমপুৰ জিলা সমিতিয়ে। পূৱা ছয় বজাৰ পৰা বিয়লি ছয় বজালৈ  সংগঠন টোৱে এই বন্ধ ৰ আহ্বান জনাই ৰাইজক সহযোগ কৰিবৰ বাবে  ৰাইজক আহ্বান জনাই ছে।
প্ৰেৰক জীৱন গোস্বামী
Featured