হোৱাটছএপযোগে তিনি তালাক জুৰীয়াৰ লুভীয়া স্বামীৰ

নিয়মীয়া বাৰ্তা ২৬ এপ্ৰিলঃ ৰাজ্যত সংঘটিত হ’ল তিনি তালাকৰ আন এটা ঘটনা৷ যৌতুক নিদিয়াৰ বাবেই ধনলোলুপ স্বামীৰ বিৰুদ্ধে তিনি তালাকৰ অভিযোগ উঠিছে৷ নগাঁও জিলাৰ জুৰীয়া থানাৰ অন্তর্গত আলিটাঙনিত আজি সংঘটিত হৈছে এই কাণ্ড৷ জানিব পৰা মতে, আলিটাঙনি গাঁৱৰ আবু শ্বহীদে প্রায় এবছৰ আগতে একে গাঁৱৰে এটাদৰিদ্র পৰিয়ালৰ তচলিমা খাতুনৰ লগত সামাজিক ৰীতি–নীতি অনুসৰি বিবাহপাশত আবদ্ধ হৈছিল৷ বিয়াৰ কেইদিনমান পিছৰে পৰাই স্বামী আবু শ্বহীদে যৌতুকৰ বাবে পত্নীক অকথ্য নির্যাতন চলোৱাৰ অভিযোগ উঠিছে৷ যাৰ বাবে পর্যায়ক্রমে পত্নীয়ে পিতৃগৃহৰ পৰা লক্ষাধিক টকা আদায় দিবলৈ বাধ্য হয়৷ কিন্তু ইয়াতে ক্ষান্ত নহৈ কিছুদিন পিছত পুনৰ এক লাখ টকা আনি দিবলৈ পত্নী তচলিমা খাতুনৰ ওপৰত হেঁচা প্রয়োগ কৰে৷

এইবাৰ পিতৃগৃহৰ পৰা টকা আনি দিয়াৰ ক্ষেত্রত অমান্তি হোৱাত প্রথমে আবুয়ে পত্নীক চলায় শাৰীৰিক আৰু মানসিক নির্যাতন৷ পিছলৈ স্বামীয়ে বলপূর্বক পত্নীক পিতৃগৃহলৈ পঠিয়াই দিয়ে৷ পিতৃগৃহত থাকোঁতে স্বামীয়ে হোৱাটছএপযোগে তিনি তালাকৰ জাননী প্রেৰণ কৰে৷ ইয়াকে লৈ অঞ্চলজুৰি তীব্র চাঞ্চল্য সৃষ্টি হৈছে৷ ঘটনা সন্দর্ভত ইতিমধ্যে ভুক্তভোগী মহিলাগৰাকীয়ে স্থানীয় দগাঁও আৰক্ষী পহৰা চকীত এজাহাৰ দাখিল কৰিছে যদিও এতিয়াও মুকলি আকাশৰ তলত লম্পট স্বামী৷ উল্লেখ্য যে ইতিমধ্যে উচ্চতম ন্যায়ালয়ে তাৎক্ষণিক তিনি তালাক নিষিদ্ধ ঘোষণা কৰিছে৷ কিন্তু এই ঘোষণাক একাংশই অংগুষ্ঠ প্রদর্শন কৰি চলাই গৈছে বে–আইনী কার্য৷ এতিয়া প্রশ্ণ হয়– উচ্চতম ন্যায়ালয়ক অৱমাননা কৰাৰ অপৰাধত গ্রেপ্তাৰ হ’ব নে আবু শ্বহীদ?