আজিৰ দিনটোৰ ৰাশিফল

আজি ২৪ ছেপ্টেম্বৰ, আহিন মাহৰ ৭ তাৰিখ
মঙলবাৰ : তিথি–কৃষ্ণা সপ্তমী, নক্ষত্র : মৃগশিৰা, যাত্রা : শুভ

মেষ : আয় উন্নতিৰ বাবে দিনটো শুভ যদিও ব্যয় বহুলতাৰ কাৰণে সঞ্চয় নহ’ব৷ বিপত্তি থকা সত্ত্বেও লক্ষ্যত উপনীত হ’ব পাৰিব৷ আকস্মিকভাৱে প্রাপ্তি যোগ ঘটিব পাৰে৷ কিবা কাৰণত মানসিক অশান্তিত ভুগিব পাৰে৷ প্রেমত শুভ৷ শুভ ৰং হালধীয়া৷

বৃষ : কর্মক্ষেত্রত সুখ্যাতি লাভ। ভাতৃৰ লগত মতৰ অমিল দেখা দিব পাৰে৷ চকুৰ সমস্যাত ভুগিব পাৰে। অযথা অর্থ নাশ হ’ব পাৰে৷ ব্যৱসায়-বাণিজ্যৰ ক্ষেত্রত শুভ নহ’ব৷ বিদ্যার্থীৰ উন্নতিৰ যোগ৷ শুভ ৰং কমলা৷

মিথুন : নিজৰ ভুলৰ কাৰণে ভাল সুযোগ হাতৰ পৰা এৰা যাব পাৰে৷ দৈনন্দিন কামত বাধাৰ মাজেৰে অগ্রগতি। আকস্মিক কোনো অপ্রীতিকৰ ঘটনাৰ সন্মুখীন হ’ব পাৰে৷ গতিকে সাৱধানতা অৱলম্বন কৰিব৷ আর্থিকত মধ্যম ফল৷ শুভ ৰং ৰঙা৷

কর্কট : নিজৰ কোনোবাৰ লগত বিবাদৰ সূত্রপাত ঘটিব পাৰে৷ বুধৰ শুভ প্রভাৱৰ ফলত ব্যৱসায়-বাণিজ্যত শুভ প্রভাৱ পৰিব৷ গৃহ নির্মাণৰ পৰিকল্পনা গ্রহণ কৰিব পাৰে৷ বিনা কাৰণত অপবাদৰ ভয় আছে৷ শুভ ৰং সেউজীয়া৷

সিংহ : অশুভ ৰাহুৰ কাৰণে কর্মত পদোন্নতিৰ ক্ষেত্রত বাধা থাকিব৷ ৰাহুৰ অশুভ প্রভাৱৰ ফলত শত্রুৰ বেয়া নজৰত পৰিব পাৰে৷ পাৰিবাৰিক ক্ষেত্রত শান্তি বিঘ্ণিত হ’ব পাৰে৷ বিদ্যার্থীৰ মানসিক চঞ্চলতা বৃদ্ধিৰ ফলত বিদ্যাত বাধা৷ শুভ ৰং বগা৷

কন্যা : বুধৰ শুভ প্রভাৱত সম্পদ লাভৰ যোগ৷ কর্মসূত্রে বাহিৰলৈ যোৱাৰ যোগ৷ দাম্পত্যত সুখ আৰু শান্তি বজাই থাকিব৷ খং নিয়ন্ত্রণত ৰাখিব৷ বিনা কাৰণত মানহানিৰ যোগ, গতিকে সতর্কতা অৱলম্বন কৰিব৷ শুভ ৰং নীলা৷

তুলা : আর্থিক ক্ষেত্রত উন্নতিৰ যোগ৷ কিবা কাৰণত মানসিক পীড়াত ভুগিব পাৰে৷ যোগ্যতা অনুযায়ী নিবনুৱাৰ কর্মপ্রাপ্তিৰ যোগ৷ বন্ধু বিয়োগৰ যোগ৷ কিবা কাৰণত মনত ভয়ৰ সঞ্চাৰ হ’ব পাৰে৷ প্রেমত অশুভ৷ শুভ ৰং ৰঙা৷

বৃশ্চিক : যোগ্যতা অনুযায়ী কর্ম পৰিৱর্তনৰ যোগ আছে৷ শিক্ষকতাৰ লগত জড়িত ব্যক্তিসকলৰ শুভ বুলি ক’ব নোৱাৰি৷ ঘৰুৱা দিশত সমস্যাই দেখা দিব পাৰে৷ আর্থিক ক্ষেত্রত শুভ যদিও সঞ্চয় নহ’ব৷ বিদ্যার্থীৰ মধ্যম ফলদায়ক৷ শুভ ৰং সোণালী৷

ধনু : নিবনুৱাৰ কর্ম লাভৰ যোগ৷ কর্মক্ষেত্রত বিশৃংখলাই দেখা দিব পাৰে৷ আত্মীয়ৰ কাৰণে ক্ষতিগ্রস্ত হ’ব পাৰে৷ মূৰৰ বিষত কষ্ট পাব পাৰে৷ আকস্মিকভাৱে কোনো বিতর্কত জড়িত হ’ব পাৰে৷ প্রেম আৰু দাম্পত্যত অশুভ ফলদায়ক৷ শুভ ৰং গুলপীয়া৷

মকৰ : অন্য ব্যক্তিৰ সহায়ত উন্নতিৰ যোগ৷ কর্মক্ষেত্রত ব্যস্ততা বৃদ্ধি পাব যদিও আর্থিক ক্ষেত্রত ভাল ফল নাপাব৷ সন্তানৰ কর্মপ্রাপ্তিৰ যোগ৷ শৰীৰ-স্বাস্থ্য সম্পর্কে সচেতন থাকিব৷ বিদ্যার্থীৰ শুভ ফলদায়ক৷ শুভ ৰং মটীয়া৷

কুম্ভ : পৰিকল্পিত কর্মত ব্যাঘাত ঘটিব পাৰে৷ বাধা-বিপত্তি সত্ত্বেও বিদ্যার্থীৰ সাফল্য আহিব৷ যান-বাহন চলোৱাৰ পৰা সতর্ক থাকিব৷ আর্থিক ক্ষেত্রত উন্নতিৰ যোগ আছে যদিও অপ্রত্যাশিতভাৱে বাধাই দেখা দিব পাৰে৷ শুভ ৰং ক’লা৷

মীন : কর্মক্ষেত্রত একাধিক সুযোগ-সুবিধা আহিব৷ গুপ্ত শত্রুৰ পৰা সতর্ক থাকিব৷ বস্তু কিনা-বেচাৰ বাবে দিনটো শুভ ফলদায়ক হ’ব৷ গুৰুজনাৰ লগত কিবা কাৰণত মতানৈক্যই দেখা দিব পাৰে৷ প্রেম আৰু দাম্পত্যত শুভ ফলদায়ক৷ শুভ ৰং ৰঙা ৷

Featured