টোকোলাই চাহ গৱেষণা কেন্দ্র পুনৰুজ্জীৱিতকৰণৰ নির্দেশ হাইক’ৰ্টৰ

নিয়মীয়া বাৰ্তা ২৭ নৱেম্বৰঃ ৰাজ্যৰ চাহ উদ্যোগৰ উত্তৰণৰ ক্ষেত্রত বিশেষ ভূমিকা থকা টোকোলাই চাহ গৱেষণা কেন্দ্র পুনৰুজ্জীৱিতকৰণৰ নির্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ এই সন্দর্ভত ন্যায়ালয়ৰ নির্দেশত গঠন হোৱা উচ্চস্তৰীয় কমিটীয়ে দাখিল কৰা প্রতিবেদনৰ পৰামর্শৱলী কার্যকৰীকৰণৰ জৰিয়তে গৱেষণা কেন্দ্রটো পুনৰুজ্জীৱিতকৰণৰ ব্যৱস্থা কৰিবলৈ ন্যায়ালয়ে ৰাজ্য চৰকাৰক নির্দেশ দিছে৷

উল্লেখ্য যে ৰাজ্য চৰকাৰৰ গুৰুত্বহীনতাত টোকোলাই চাহ গৱেষণা কেন্দ্রটোৰ কাম–কাজ স্থবিৰ হৈ পৰিছিল৷ যাৰ পৰিপ্রেক্ষিতত উপেন কলিতা নামৰ ব্যক্তি এজনে উচ্চ ন্যায়ালয়ত ৭০/২০১৯ নম্বৰৰ ৰাজহুৱা স্বার্থজড়িত আবেদন দাখিল কৰে৷ এই আবেদনৰ শুনানি গ্রহণ কৰি উচ্চ ন্যায়ালয়ে এখন উচ্চস্তৰীয় কমিটী গঠন কৰিবলৈ নির্দেশ দিয়ে৷

অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্রাপ্ত উপাচার্য ড০ কমলমল্ল বুজৰবৰুৱাৰ নেতৃত্বত এখন পাঁচ জনীয়া কমিটী গঠন কৰা হয়৷ কমিটীখনে চাহ গৱেষণা কেন্দ্রটোৰ বিভিন্ন বিষয়ত বিবেচনা কৰি কেইবাটাও পৰামর্শ আগবঢ়াইছে৷ ইতিমধ্যে কমিটীখনে প্রস্তুত কৰা প্রতিবেদন উচ্চ ন্যায়ালয়ত দাখিল কৰিছে৷ সেই অনুসৰি বিভিন্ন ক্ষেত্রত গৱেষণাৰ বাবে চাহ গৱেষণা কেন্দ্রটোৱে প্রচুৰ পুঁজি লাভ কৰা নাই বুলি প্রতিবেদনত উল্লেখ কৰা হৈছে৷ যাৰ পৰিপ্রেক্ষিতত গৱেষণাৰ কাম–কাজ বাধাপ্রাপ্ত হৈছে৷ তদুপৰি প্রতিষ্ঠানখনত হ্রাস পাইছে বিজ্ঞানী–গৱেষকৰ সংখ্যা৷ বেছিসংখ্যক বিভাগত বিজ্ঞানীৰ অভাৱ প্রতিষ্ঠানখনৰ অন্যতম সমস্যা৷

২০১০ চনত প্রতিষ্ঠানখনত কর্মৰত বিষয়া–কর্মচাৰী সংখ্যা আছিল ৬৬গৰাকী৷ ২০১৯ চনত এই সংখ্যা হৈছে ৫১গৰাকী৷ ইফালে ‘আউটষ্টেচন’ বিজ্ঞানীৰ সংখ্যা ২০১০ চনত ৩৮গৰাকীৰ পৰা ২০১৯ চনত ৩৪ গৰাকীলৈ হ্রাস পাইছে৷ সেইদৰে ফেল’ গৱেষক ২০১০ চনত ৪৪ গৰাকীৰ পৰা ২০১৯ বর্ষত ৩১ গৰাকীলৈ হ্রাস পাইছে৷ ইফালে, কমিটীখনে গৱেষণা কেন্দ্রটোৰ পুনৰুজ্জীৱিতৰ বাবে ৩০ কোটি টকা কেন্দ্রীয় পেকেজ অনুমোদনৰ পোষকতা কৰিছে৷ নতুন প্রশাসনিক আৰু গৱেষণা ভৱনৰ বাবে এই ধন প্রদান কৰিবলৈ কমিটীখনে আহ্বান জনাইছে৷ এইক্ষেত্রত কেন্দ্রীয় চৰকাৰে বিবেচনা কৰিব বুলি আশা প্রকাশ কৰে উচ্চ ন্যায়ালয়ে৷