অভিশপ্ত নিমাতী ফেৰী দুৰ্ঘটনাৰ দুবছৰ সম্পূৰ্ণ

নিয়মীয়া বাৰ্তা, ৮ ছেপ্টেম্বৰ : নিমাতীৰ শোকাৱহ ফেৰী দুৰ্ঘটনাৰ আজি দুটা বছৰ সম্পূৰ্ণ হ’ল। ৮ ছেপ্টেম্বৰৰ মাজুলী জিলা ঘোষণাৰ দিনটোতে ২০২১ বৰ্ষত চিংগল ইঞ্জিনৰ ফেৰী অভিশপ্ত মা’ কমলা আৰু চৰকাৰী মাৰ নাও টিপকাইৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত তিনিগৰাকীকৈ সমাজৰ আগশাৰীৰ লোকক অসমবাসীয়ে হেৰুৱাবলগীয়া হৈছিল।দুৰ্ঘটনাটোত ক্ৰমে মাজুলীৰ ৰঙাচাহী মহাবিদ্যালয়ৰ অধ্যাপিকা পৰিমিতা দাস, গড়মূৰ পীতাম্বৰ দেৱ অসামৰিক চিকিৎসালয়ৰ জনপ্ৰিয় চিকিৎসক ডাঃ বিক্ৰম জিৎ বৰুৱা আৰু লখিমপুৰৰ শিক্ষক ইন্দ্ৰেশ্বৰ বৰাই প্ৰাণ আহুতি দিবলগীয়া হৈছিল। যাৰ বাবে আজিৰ দিনটো মাজুলী তথা অসমবাসী ৰাইজে এক অভিশপ্ত দিন হিচাপেই হয়টো চিৰদিনলৈ মনত ৰাখিব। কিন্তু আশ্চৰ্যজনক কথাটো হৈছে উক্ত ফেৰী দুৰ্ঘটনাৰ আজি দুটাকৈ বছৰ সম্পূৰ্ণ হোৱাৰ দিনটোতে ব্ৰহ্মপুত্ৰৰ মাজত পুনৰ এখন যাত্ৰীবাহী ফেৰী আৱদ্ধ হোৱাত যাত্ৰী সকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। নিমাতীৰ পৰা ৯.৪৫ বজাত মাজুলী কমলাবাৰীলৈ যাত্ৰা কৰা এমভি লোহিত নামৰ ফেৰী খন ব্ৰহ্মপুত্ৰৰ বালিচৰত লাগি ধৰাত এঘন্টা ধৰি ফেৰী খন ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ হৈ থাকে। ফেৰী খনত ৬৪ জন যাত্ৰী, ২৭ খন মটৰ চাইকেল ,৩ কুইন্টল বস্তু আছিল বুলি জানিব পৰা গৈছে।  পিছত এছ বি প্ৰীতিশ নামৰ চিংগল ইঞ্জিনৰ ফেৰীখনে আৱদ্ধ ফেৰী খনৰ যাত্ৰী সকলক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইফালে নিমাতিৰ শোকাৱহ ফেৰী দুৰ্ঘটনাত মৃত্যুক আকোঁৱালি লোৱা মাজুলী ৰঙাচাহী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা পৰিমিতা দাস,গড়মূড় চিকিৎসালয়ৰ চিকিৎসক ডাঃ বিক্ৰমজিত বৰুৱা আৰু লখিমপুৰৰ শিক্ষক ইন্দ্ৰেশ্বৰ বৰাক সুঁৱৰি বহু কেইটা স্থানত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰে। সেই অনুসৰি আজি শোকাৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ৰঙাচাহী মহাবিদ্যালয়ৰ অধ্যাপিকা পৰিমিতা দাসক সুঁৱৰি ৰঙাচাহী মহাবিদ্যালয়ত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে।মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা অধ্যক্ষ ড° নৱ কুমাৰ গাম সহ অধ্যাপক অধ্যাপিকা সকলে মহাবিদ্যালয় খনৰ অধ্যাপিকা গৰাকীক সুঁৱৰি বিদেহী আত্মাৰ সদগতি অৰ্থে ধুপ দ্বীপ জ্বলোৱাৰ সমান্তৰালকৈ অশ্ৰু অঞ্জলিয়ে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়।
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড
Featured