বোকাজানৰ খটখটীত মৰণাস্ত্ৰ সহ দুই যুৱক ধৃত

নিয়মীয়া বাৰ্তা, ২ এপ্ৰিল: দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটদান সমাপ্ত হোৱাৰ পিছত আজি কাৰ্বি আংলং-নাগালেণ্ড সীমান্ত অঞ্চলত অস্ত্ৰ-শস্ত্ৰসহ দুজন যুৱক আটক হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

প্ৰাপ্ত খবৰ অনুসৰি বোকাজানৰ আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত আৰু বৰপথাৰ আৰক্ষীৰ চি আই ভূপেন কলিতাৰ লগতে খটখটী থানাৰ অ’চি ম’বলিক ব্ৰহ্মৰ সহযোগত খটখটী থানা এলেকাৰ ছানডে’ মাৰ্কেটত নাকা তালাচী চলোৱা হয় ৷

উল্লেখ্য যে উক্ত তালাচী অভিযানত সন্দেহবশতঃ নম্বৰ প্লেটবিহীন এখন স্কুটিক ৰখিবলৈ নিৰ্দেশ প্ৰদান কৰে। তাৰপাছতে আৰক্ষীয়ে এই স্কুটীৰ পৰা এটা ৭’৬৫ পিষ্টল, ১ টা মেগাজিন, দুই জাঁই সজীৱ গুলী উদ্ধাৰ কৰাৰ লগতে দুজন যুৱকক আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত যুৱক দুজন ক্ৰমে, ডিমাপুৰৰ শ্বহ’বি চ্যুৰ পুত্ৰ নিক’ট’ চ্যু আৰু নিল’জ’ চ্যুৰ পুত্ৰ অৰুনাট’ চ্যু বুলি চিনাক্ত কৰা হৈছে ৷