আলফা স্বাধীনলৈ নাহৰকটীয়াৰ সাংবাদিক বিদ্যুৎ মহন্ত

নিয়মীয়া বাৰ্তা, ৬ ডিচেম্বৰঃ শেহতীয়াভাৱে সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফাৰ প্ৰতি অসমৰ ডেকাচাম অধিক আকৰ্ষিত হোৱা পৰিলক্ষিত হৈছে। ইয়াৰ সমান্তৰালভাৱে শিক্ষিত যুৱ চামৰ আলফাত যোগদান কৰাৰ ধুম উঠাও পৰিলক্ষিত হৈছে। এইবাৰ পুনৰ পৰেশ বৰুৱাৰ কাষলৈ গল নাহৰকটীয়াৰ বাসিন্দা তথা এগৰাকী সক্ৰিয় সাংবাদিক। এইবাৰ আলফা স্বাধীনত যোগদান দিলে এখন অসমীয়া কাকত দৈনিক অসমৰ নাহৰকটীয়াৰ স্থানীয় সংবাদদাতা বিদ্যুৎ মহন্তই। আজি দিনৰ প্ৰায় এক বজাত নিজৰ টাইম লাইনত এক দীঘলীয়া ফেচবুক পষ্ট দি আলফা স্বাধীনলৈ যোৱাৰ কথা ৰাজহুৱা কৰিলে সংবাদদাতা বিদ্যুৎ মহন্তই। এটি কণমানি পুত্ৰ সন্তানৰ পিতৃ বিদ্যুৎ মহন্তই এক দীঘলীয়া সময় ধৰি সাংবাদিকতাৰ ক্ষেত্ৰখনত সদা সচেতন আৰু নিৰ্ভীকভাৱে সেৱা আগবঢ়াই আহিছিল। বিদ্যুৎ মহন্তৰ এনে সিদ্ধান্তত পৰিয়ালৰ লোকৰ লগতে তেওঁৰ বন্ধু মহল আৰু সামাজিক মাধ্যমৰ অনুগামীসকলকো আচৰিত কৰি তুলিছে। সকলোৱে তেওঁৰ সিদ্ধান্তক ভুল আখ্যা দি পুনৰ ঘৰলৈ ঘূৰি আহিবলৈ সামাজিক মাধ্যমত তীব্ৰ আহ্বান জনাইছে।

প্ৰেৰক স্মৃতিৰেখা কলিতা

Featured