প্ৰবীণ জাতীয়তাবাদী নেতা গিৰীশ দাসৰ মৃত্যু

বিশেষ বাৰ্তা, ১১ ছেপ্টেম্বৰ : শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি ৰাজহ চক্ৰ এলেকাৰ কেহেৰুখন্দাৰ নিবাসী এগৰাকী প্ৰবীণ জাতীয়তাবাদী নেতা,সক্ৰিয় ৰাজহুৱা কৰ্মী গিৰীশ দাসৰ কালি ৰোগাগ্ৰস্ত হৈ বিয়োগ ঘটাত বৃহত্তৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে ৷ শৈক্ষিক উত্তৰণত কেহেৰুখন্দা অঞ্চলত অগ্ৰণী ভূমিকা পালন কৰা বিশিষ্ট সমাজকৰ্মী গিৰীশ দাসৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৮০ বছৰ। উল্লেখ্য যে, কেহেৰুখন্দা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উদ্‌যাপন সমিতিৰ কাৰ্যকৰী সভাপতি, বিদ্যালয়ৰ ভূমিদাতাৰ লগতে এসময়ৰ অসম আন্দোলনৰ অগ্ৰণী নেতা তথা চিৰাজুলি পঞ্চায়ত গণ পৰিষদৰ প্ৰাক্তন সম্পাদক, প্ৰবীণ জাতীয়তাবাদী নেতা,কেহেৰুখণ্ডাস্থিত কস্তুৰবা সেৱাশ্ৰমৰ প্ৰতিষ্ঠাকালৰে পৰা জড়িত নমস্য ব্যক্তি গিৰীশ দাসৰ মৃত্যুত বৃহত্তৰ অঞ্চলটোৰ জাতীয় দল-সংগঠনৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে৷ মৃত্যুৰ সময়ত তেওঁ  ধৰ্মপত্নীৰ লগতে সন্তানক ইহসংসাৰত এৰি যায়। ইফালে বিশিষ্ট ব্যক্তিগৰাকীৰ কৰ্মৰাজি সুঁৱৰি গুণমুগ্ধসকলে ‘প্রজ্ঞাৱন্ত’ নামৰ এখনি স্মৰণিকা প্ৰকাশৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ২০ ছেপ্টেম্বৰত প্ৰকাশ কৰিবলৈ লোৱা এই স্মৰণিকাখনিলৈ স্থানীয় তথা তেওঁৰ স’তে অনুষ্ঠান -প্ৰতিষ্ঠানসমূহত নিৱিড়ভাৱে জড়িত সদাশয় ব্যক্তিসকলৰ পৰা প্ৰয়াত গিৰীশ দাসৰ এগৰাকী শুভাকাংক্ষী হিচাপে এটি মূল্যবান লেখা আহ্বান কৰিছে স্মৰণিকা প্রকাশ সমিতিয়ে৷ ১৪ ছেপ্টেম্বৰৰ ভিতৰত লেখাটি পঠিয়াই কৃতাৰ্থ কৰিবলৈ স্মৰণিকা প্রকাশ সমিতিয়ে ৰাইজলৈ বিনম্ৰ আহ্বান জনাইছে।

প্ৰেৰক কল্পজ্যোতি নাথ

Featured