বয়স ফাঁকিৰে পেন্সন লাভ বিল্বেশ্বৰ দেৱালয়ৰ দলৈ ৰঞ্জিত মিশ্ৰৰ

বিশেষ বাৰ্তা, ৭ ছেপ্টেম্বৰঃ ভয়ংকৰ বয়স জালিয়াতিৰে শিল্পী পেঞ্চনৰ ধন সৰকাই নিয়া ঘটনা এটাই নলবাৰী জিলাৰ সাংস্কৃতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ৰাজ্যৰ সাংস্কৃতিক সঞ্চালকালয়ৰ কাৰ্যালয়ত শিল্পী পেঞ্চনৰ নামত এনেদৰোও দীৰ্ঘদিন ধৰি ব্যাপক অনিয়ম কাণ্ড সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপন হৈ অহাৰ সময়তে শেহতীয়াকৈ সাংস্কৃতিক সঞ্চালকালয়ে বয়স ফাঁকি দি পিছ দুৱাৰেদি পেঞ্চন লাভ কৰি অহা এগৰাকী শিল্পী পেঞ্চনাৰৰ পেঞ্চন বন্ধ কৰাকলৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।এই পেঞ্চনাৰ গৰাকী হৈছে বেলশৰৰ ইতিহাস প্ৰসিদ্ধ বিল্বেশ্বৰ দেৱালয়ৰ দলৈ ৰঞ্জিত মিশ্ৰ।প্ৰাপ্ত তথ্য মতে, অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ  সঞ্চালক মীনাক্ষী দাস নাথে যোৱা ২৮ আগষ্টৰ চিঠিৰ মেমো নম্বৰ ECF no.36589/181 যোগে ছেপ্তেম্বৰৰ পৰা ৰঞ্জিত মিশ্ৰৰ শিল্পী পেঞ্চনৰ ধন বন্ধ ৰখাৰ নিৰ্দ্দেশ জাৰি কৰিছে।লগতে ৰঞ্জিত মিশ্ৰৰ এছ বি আই ৰ চামতা শাখাৰ ৩৭৩৫৫৫২২৫০০ নম্বৰৰ একাউন্টযোগে প্ৰতিমাহে লাভ কৰি থকা ৮ হাজাৰ টকাৰ পেঞ্চন বন্ধৰ নিৰ্দেশৰ ক’পিও প্ৰেৰন কৰে। এই সন্দৰ্ভত পূৰ্বে শিল্পী পেঞ্চনৰ নামত সংঘটিত ব্যাপক কেলেংকাৰীৰ বাতৰি ‘নিয়মীয়া বাৰ্তা’ত প্ৰকাশিত হৈ অহা আজি সেই বাতৰি প্ৰমানিত হৈ পৰা বুলি চৰ্চা লাভ কৰিছে।
উল্লেখ্যযে, ওৰেটো জীৱন নাটক, সংগীত,ওজাপালি,ঢুলীয়া আদি সংস্কৃতিৰ লগত জড়িত হোৱা ৰাজ্যৰ লগতে নলবাৰী জিলাৰ অশীতিপৰৰ বহু প্ৰবীন শিল্পী আজিও চৰকাৰী শিল্পী পেঞ্চনৰ পৰা বঞ্চিত হৈ থাকিব লগা হোৱাৰ সময়তে কিন্তু বয়স জালিয়াতিৰে একমাত্ৰ ৰাজনৈতিক ক্ষমতাৰ বলত আৰু ঐতিহাসিক দেৱালয়খনৰ দলৈ হোৱাৰ সুবাদতেই শিল্পী পেঞ্চন লাভ কৰিবলৈ সক্ষম হৈছিল ৰঞ্জিত মিশ্ৰই। বিগত ২০১৯-২০ বিত্তীয় বৰ্ষত অসম চৰকাৰৰ পৰা শিল্পী পেঞ্চন লাভ কৰা শিল্পী ৰঞ্জিত মিশ্ৰৰ বিৰুদ্ধে ভয়ংকৰ বয়স ফাঁকিৰ গুৰুতৰ অভিযোগ উত্থাপন হয়।চৰকাৰী নিয়মানুসৰি চৰকাৰীভাবে যিকোনো পেঞ্চন লাভ কৰিবলৈ হ’লে ন্যুনতম বয়স ৬০ বছৰ হৱ লাগে যদিও মিশ্ৰৰ বয়স ২০১৯ বৰ্ষৰ পহিলা জানুৱাৰীৰ দিনা ৫২ বছৰ ছয় মাহ ২২ দিন আছিল। কিন্তু মিশ্ৰই আবেদন কৰাৰ সময়ত  ৬১ বছৰ ৯ মাহ বয়স দেখুৱাইছে। প্ৰাপ্ত তথ্য মতে, মিশ্ৰৰ পান কাৰ্ড নং AWFPM3583R আৰু Assam Building & Other Construction Workers Welfare Board ৰ পৰিচয় পত্ৰ আৰু এছ বি আই ৰ চামতা শাখাৰ 37355522500 নম্বৰ একাউন্টত জন্মৰ তাৰিখ ০৯/০৬/১৯৬৬ বুলি উল্লেখ আছে।  ইপিনে, দলৈ মিশ্ৰয়ে শিক্ষা গ্ৰহন কৰা  বেলশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়েও ১৯৮২ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অবতীৰ্ন হোৱা বুলিও তথ্য প্ৰদান কৰিছে। এই তথ্য ‘তথ্য জনাৰ অধিকাৰ আইন-২০০৫’ৰ অধীনত সাংস্কৃতিক সঞ্চালকালয়ৰ কাৰ্যালয়ত আবেদন কৰি  আহৰন কৰে বিল্বেশ্বৰ দেৱালয়ৰ প্ৰাক্তন দলৈ বসন্ত কুমাৰ মিশ্ৰই।ইয়াৰ পিছতেই বয়স ফাঁকিৰ আশ্ৰয় লৈ চৰকাৰী ধনৰ লুন্ঠন চলোৱা  কাণ্ডত সাঙোৰ খাই পৰা ইতিহাসপ্ৰসিদ্ধ বেলশৰৰ বিল্বেশ্বৰ দেৱালয়ৰ দলৈ ৰঞ্জিত মিশ্ৰৰ এনে কৰ্মকাণ্ডৰ তদন্ত বিচাৰি যোৱা বৰ্ষৰ ৮ জানুৱাৰীতেই নলবাৰী জিলা উপায়ুক্ত,জিলা আৰক্ষী অধীক্ষক,স্থানীয় বেলশৰ থানাৰ ওচৰত এজাহাৰ দাখিল কৰিছে প্ৰাক্তন দলৈ বসন্ত কুমাৰ মিশ্ৰকে ধৰি মনোজ কুমাৰ মিশ্ৰ, বিল্বেশ্বৰৰ অৱনী দেৱ শৰ্মা, প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য,অতুল চন্দ্ৰ ভট্টই।কিন্তু আজিলৈকে এই ঘটনাত কোনো এটা পক্ষই ৰহস্যজনকভাৱে তদন্ত নকৰাত গভীৰ আক্ষেপ প্ৰকাশ কৰে এই অভিযোগকাৰী সকলে।ৰাজনৈতিক প্ৰভাৱ বিস্তাৰ কৰি দেৱালয়ৰ দলৈ হোৱাৰ সুবাদতেই চৰকাৰী নীতি-নিয়ম উলংঘনেৰে শিল্পী পেঞ্চন লাভ কৰা ৰঞ্জিত মিশ্ৰৰ প্ৰতি দৰদ থকা এনে চৰকাৰী পক্ষৰ  ভুমিকাকলৈ ক্ষুদ্ধ এই পাচ গৰাকী নাগৰিকে অৱশেষত আদালতৰ দ্বাৰস্থ হব লগা হয়। অসম চৰকাৰৰ শিল্পী পেঞ্চনৰ নামত সংঘটিত এনে অনিয়মৰ বিৰুদ্ধে অবশেষত আইনী যুঁজত নামিল এইসকল সচেতন জ্যেষ্ঠ নাগৰিকে।ন্যায় বিচাৰি যোৱা বছৰৰ ১১ এপ্ৰিলৰ দিনা নলবাৰীৰ মুন্সিফ আদালতত এক আবেদন দাখিল কৰে।এই আবেদন গ্ৰহন কৰি আদালতখনে  ৮৩/২০২২ নম্বৰত এক গোচৰ ৰুজু কৰে।ইপিনে, জানিব পৰা মতে, এই গোচৰৰ ভিত্তিত  আবেদনকাৰীৰ উকীলেও অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ আয়ুক্ত সচিব আৰু নলবাৰীৰ উপায়ুক্তলৈ একোখনকৈ ‘উকীল জাননী’ প্ৰেৰন কৰে।ইয়াৰ পিছত বিভাগীয় সঞ্চালকে চিঠিৰ no.CAG/13/2022/73 যোগে ৰঞ্জিত মিশ্ৰৰ পৰা যাৱতীয় তথ্যপাতি বিচাৰে।এই বয়স সন্দৰ্ভত যোৱা ২২-০৫-২৩ তাৰিখে সাংস্কৃতিক সঞ্চালকে  চিঠিৰ  মেমো নম্বৰ CAG.13/2022/73 ৰ যোগে বেলশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষলৈ চিঠি প্ৰেৰন কৰি বয়সৰ স্পষ্টীকৰন  বিচাৰে।উক্ত পত্ৰৰ ভিত্তিত  বেলশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষই যোৱা ০৮-০৬-২৩ তাৰিখে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ন হোৱাৰ সময়ত ১৯৮২ চনৰ ১ মাৰ্চত মিশ্ৰৰ বয়স ১৭ বছৰ ১ মাহ আছিল  বুলি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালকলৈ এখন পত্ৰ প্ৰেৰন কৰে।ইপিনে, ০৩/০২/২০১৭ তাৰিখে এক প্ৰমানপত্ৰ যোগে ২২৩/২ নম্বৰ বেলশৰ প্ৰাথমিক বিদ্যালয়ত ৰঞ্জিত মিশ্ৰই ১৯৬৭ চনৰ ৩১ মাৰ্চৰ দিনা তৃতীয় শ্ৰেনীৰ শেষ পৰীক্ষাত উত্তীৰ্ন হয়(বহী মতে জন্মৰ তাৰিখ ০৩-০৮-১৯৫৭ বুলি  প্ৰধান শিক্ষয়ত্ৰীয়ে প্ৰমানপত্ৰ দাখিল কৰে।এইখন প্ৰমান পত্ৰকেই বিভাগীয় কাৰ্যালয়ত দাখিল কৰে মিশ্ৰই।মন কৰিৱ লগা যে,প্ৰাথমিক বিদ্যালয়ৰ বয়সৰ প্ৰমানপত্ৰ আৰু বেলশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষই বয়স সন্দৰ্ভত দাখিল কৰা পত্ৰকলৈ সৃষ্টি হয় ব্যাপক বিসংগতি।আনকি ৰঞ্জিত মিশ্ৰৰ একেটি  পান কাৰ্ড নম্বৰৰ দুখনত দুটা ভিন্ন জন্মৰ তাৰিখ উল্লেখ থকাটোও আশ্চৰ্যজনক।ইপিনে, প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী গৰাকীয়ে ‘বেক ডেট’ত প্ৰমান পত্ৰ দিয়াৰো অভিযোগ উঠিছে। তদন্ত হ’লেই সকলো  ষ্পষ্ট হৈ পৰিৱ। ইপিনে, একেদৰে সঞ্চালকে চিঠিৰ no.365789/181 যোগে  চলিত বৰ্ষৰ ২৮ আগষ্টৰ দিনা এছ বি আই ৰ সহকাৰী প্ৰবন্ধকলৈ ৰঞ্জিত মিশ্ৰৰ পেঞ্চন বন্ধৰ বিষয়টো অৱগত কৰে। ওৰেটো জীৱন শিল্প সাধনাত ব্ৰতী এগৰাকী শিল্পীয়ে এটা ‘শিল্পী পেঞ্চন’ৰ বাবে হাহাকাৰ কৰি ফুৰিব লগা হৈছে সেইটো সময়ত এনে এচাম শিল্পীয়ে আকৌ চৰকাৰক ফাঁকি দি হ’লেও পিছ দুৱাৰেদি শিল্পী পেঞ্চন লাভ কৰা ঘটনা পোহৰলৈ অহাত নলবাৰীত বিষয়টোকলৈ বিতৰ্ক অব্যাহত আছে। বিল্বেশ্বৰ দেৱালয়ৰ দুটা কাৰ্যকালৰ বাবে দলৈ হিচাপে কাৰ্যনিৰ্বাহ কৰা ৰঞ্জিত মিশ্ৰই নিজৰ কাৰ্যকালৰ সময়ত দেৱালয়ৰ হিচাপ নিকাচ নিদিয়াৰ অভিযোগ উত্থাপন হোৱাৰ লগতে দেৱালয়ত সংঘটিত ব্যাপক বিত্তীয় কেলেংকাৰীৰ তদন্ত বিচাৰি এচাম সচেতন লোকে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষত অভিযোগ দাখিল কৰে।২০১৯ চনৰ আগষ্টৰ পৰা ২০২৩ চনৰ আগষ্টলৈকে নিয়মীয়াকৈ মাহিলী পেঞ্চন লাভ কৰি থকা ৰঞ্জিত মিশ্ৰই প্ৰায় চাৰি লাখ টকা এতিয়া চৰকাৰক ওভতাই যে দিৱ লাগিৱ সেয়া প্ৰায় খাটাং হৈ পৰিছে।এনেদৰে বয়স ফাঁকিৰে শিল্পী পেঞ্চন লাভ কৰা ৰঞ্জিত মিশ্ৰই বিল্বেশ্বৰ দেৱালয়ৰ ঐতিহ্যত কালিমা সানি তৃতীয় কাৰ্যকালৰ বাবে দলৈ হোৱাৰ বাবে উঠি পৰি লগা বুলি চৰ্চা চলিছে।অহা ১০ ছেপ্তেম্বৰত বিল্বেশ্বৰ দেৱালয়ৰ বৰদেউৰী সন্মিলন আয়োজন কৰা হৈছে।উক্ত সন্মিলনতেই নতুন দলৈ নিৰ্বাচন কৰা হৱ।যোৱাবাৰৰ সন্মিলনত ব্যাপক বিশৃংখল, খেলি মেলিৰ মাজেৰে ৰঞ্জিত মিশ্ৰ দলৈ নিৰ্বাচন হয়।এনে নিৰ্বাচনক অসাংবিধানিক আখ্যা দি কেইজনমান জ্যেষ্ঠ বৰদেউৰীয়ে আদালতত ন্যায় বিচাৰি দ্বাৰস্থ হয়।এই গোচৰ এতিয়াও বিচাৰাধীন হৈ আছে।আদালতত চলি থকা কেবাটাও গোচৰৰ সন্মুখীন হোৱা এই গৰাকী বিতৰ্কিত দলৈ যাতে পুনৰবাৰ দলৈ হিচাপে নিৰ্বাচিত হৱ নোৱাৰে তাৰ বাবে সৰহ সংখ্যক বৰদেউৰীয়ে সাজু হৈ পৰিছে বুলি জানিব পৰা গৈছে।
প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন
Featured