চৰাইদেউত শিলাবৃষ্টিয়ে প্ৰকোপ বঢ়ালে ঠাণ্ডাৰঃ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীয়ে খেলা-ধুলাৰ পৰিবৰ্তে লৈছে জুইৰ তাপ

নিয়মীয়া বাৰ্তা, ২৮ ডিচেম্বৰঃ   কালি চৰাইদউ জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে জিলাখনৰ আশে পাশে এক ধুমুহা সদৃশ শিলা বৃষ্টি হোৱাৰ পাছত আজি জিলাখনৰ কাষৰীয়া অঞ্চল সমূহত বিশেষকৈ জিলাৰ সোণাৰি শিক্ষাখণ্ডৰ অন্তৰ্গত বিভিন্ন বিদ্যালয় সমূহত শীতৰ প্ৰকোপ বৃদ্ধি পাবলৈ ধৰিছে। তদুপৰি মাজে সময়ে এক মৃদু বতাহ বলাত গ্ৰামঞ্চলৰ বহু ছাত্ৰ ছাত্ৰীয়ে গৰম কাপোৰ নথকাত বিদ্যালয়ত উপস্থিতি সেৰেঙা দেখা গৈছে। আজি জিলাখনৰ মাহমৰা উচ্চ মাধ্যমিক বিদ্যায়ত ঠাণ্ডাৰ প্ৰকোপ বৃদ্ধি পাবলৈ ধৰাত বিৰতিৰ সময়ত ছাত্ৰ ছাত্ৰী সকলে খেলা-ধূলাৰ পৰিবৰ্তে জুইৰ তাপ ল’বলৈ হেতাওপৰা লগাইছে । পানী স্পৰ্শ কৰাৰ ভয়ত মধ্যহ্ন ভোজন গ্ৰহণ কৰিবলৈও ইচ্ছা প্ৰকাশ নকৰা পৰিলক্ষিত হৈছে ।প্ৰায় তিনিশ ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়ত গৰম কাপোৰৰ অভাৱত ভালেমান দুখীয়া ছাত্ৰ ছাত্ৰী উপস্থিতিৰ সংখ্যাও পাতল হোৱা দেখা গৈছে ।

দীপাংকৰ পাল, সোণাৰি।

Featured