গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিবিএ–বিচিএ পাঠ্যক্রমৰ ফলাফল ৩০ ছেপ্টেম্বৰত

বিশেষ বাৰ্তা, ১০ ছেপ্টেম্বৰঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ চলিত বর্ষৰ এপ্রিল মাহত অনুষ্ঠিত বি বি এ আৰু বি চি এ পাঠ্যক্রমৰ প্রথম, তৃতীয় আৰু পঞ্চম ষাণ্মাসিক পৰীক্ষাৰ ফলাফল অহা ৩০ ছেপ্টেম্বৰত ঘোষণা কৰা হ’ব৷ এই কথা জাননীযোগে প্রকাশ কৰিছে বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্রকে৷ আনহাতে, বিগত তিনি সপ্তাহত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ স্নাতক ষাণ্মাসিকৰ পাঠ্যক্রমত কিছুসংখ্যক পৰীক্ষাৰ লগতে বিভিন্ন পর্যায়ৰ শতাধিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে বুলি জানিবলৈ দি অহা ৩০ ছেপ্টেম্বৰৰ ভিতৰত আন কেইবাটাও বিষয়ৰ চার্টিফিকেট, ডিপ্ল’মা, স্নাতকোত্তৰ ডিপ্ল’মা পৰীক্ষাৰ লগতে স্নাতক পর্যায়ত বাকী থকা কিছু পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব৷ আনহাতে বিশ্ববিদ্যালয়ৰ অধীনৰ তিনিবছৰীয়া বি বি এ আৰু বি চি এ পাঠ্যক্রমৰ চলিত বর্ষৰ দ্বিতীয় আৰু চতুর্থ ষাণ্মাসিক পৰীক্ষা অহা ১৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব বুলি পৰীক্ষা নিয়ন্ত্রকে জাননীযোগে উল্লেখ কৰিছে৷ এই পৰীক্ষাৰ বাবে ছাত্র–ছাত্রীসকলে বিস্তৃত সূচী বিশ্ববিদ্যালয়ৰ ৱেবছাইটৰ পৰা সংগ্রহ কৰিব পাৰিব৷