গুৱাহাটীত ভুমুকি মাৰিছে ঠেঁটুৱৈ ধৰা জাৰে…

  • পাৰ্থৱ শইকীয়া

চাওঁতে চাওঁতে বাগৰিব হ’ল এটা বছৰ । ইংৰাজী নতুন বছৰলৈ মাজত মাত্ৰ সাতোটা দিন । নৱবৰ্ষক আদৰিবলৈ এতিয়া বিশ্বব্যাপী আৰম্ভ হৈছে খ্ৰীষ্টমাছৰ প্ৰস্তুতি । খ্ৰীষ্টমাছলৈ মাজত এটা দিন । তাৰ সমান্তৰালকৈ এতিয়া মহানগৰীতো পুহৰ এই ঠেঁটুৱৈ ধৰা জাৰৰ আমেজ লৈছে প্ৰতিজনে ।

বছৰৰ সবাতোকৈ সৰ্বনিম্ন তাপমাত্ৰাই এতিয়া স্পৰ্শ কৰি গৈছে মহানগৰীক । কোনোৱে আকৌ ঠেঁটুৱৈ ধৰা জাৰ খেদিবলৈ ব্যৱস্থা কৰিছে একুৰা জুইৰ । কংক্ৰিটৰ নগৰীৰ ঠায়ে ঠায়ে এতিয়া বিৰাজ কৰিছে জুহালৰ সেই আড্ডা । অতি যান্ত্ৰিকতা আৰু ব্যস্ততাময় জীৱনে ধৰাসায়ী কৰা প্ৰতিজন মানুহেই এতিয়া এই চহৰৰ তাপমাত্ৰাত হৈছে ধৰাসায়ী ।

শীতৰ আমেজ । আমেজ হিচাপে লোৱা শীত আকৌ মহানগৰীত একাংশৰ বাবে হৈ পৰে যন্ত্ৰণা । পদপথেই জীৱন, পদপথেই সপোন আৰু পদপথকেই সাৰথি কৰা মানুহবোৰে শীতৰ যন্ত্ৰণাত যেন উজাগৰে ছটফটাইছে । ঘোলা চকু আৰু শেঁতা মুখমণ্ডলত শীতক লৈ যেন কত কি অভিযোগ ? কুঁৱলীৰ আস্বাদন আৰু নিয়ৰৰ টোপালত সপোন দেখা মানুহবোৰৰ বিপৰীতে কুঁৱলী আৰু নিয়ৰ এইসকলৰ বাবে যন্ত্ৰণাৰ জীয়া জুই । এই জুইয়ে পুৰিব নোৱাৰে ঠেঁটুৱৈ ধৰা পুহৰ জাৰ ,মাথোঁ এই জুইয়ে পুৰি গলাব পাৰে মন গহনৰ বিগলিত বেথা ।

শীত । সংগোপনে আহিছে শীত । আঘোণৰ সমাপ্তি ঘটি পুহৰ প্ৰথমটো সপ্তাহৰ শীতে এতিয়া বাৰুকৈয়ে স্পৰ্শ কৰিছে মহানগৰী গুৱাহাটীক । প্ৰায় দুটা দিন ধৰি মহানগৰীৰ আকাশত দেখা পোৱা নাই ৰ’দৰ জিলমিল । সম্পূৰ্ণ দিন ধৰি এতিয়া কুঁৱলীয়ে ঢাকি ৰাখিছে আকাশ । চেঁচা বতাহ আৰু মহাবাহু ব্ৰহ্মপুত্ৰৰ শীতলতাই এতিয়া দুগুণে কঢ়িয়াইছে শীতৰ আমেজ । আজি অৰ্থাৎ ৬ পুহৰ দিনাই মহানগৰীত নমা এনে ঠেঁটুৱৈ ধৰা জাৰ যে আগন্তুক বহুদিন অব্যাহত থাকিব সেইটো নিশ্চিত ।

গুৱাহাটী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি আজিৰ দিনটোৰ সৰ্বাোচ্চ তাপমাত্ৰা হৈছে ২৩ ডিগ্ৰী আৰু সৰ্বনিম্ন তাপমাত্ৰা হৈছে ১২ ডিগ্ৰী । ইফালে , পুৱা ৬.০৭ বজাত সূৰ্যোদয় হোৱাৰ লগতে সূৰ্যাস্তৰ সময় হ’ব ৪.৩৭ । গুৱাহাটী বতৰ বিজ্ঞান কেন্দ্ৰৰ এই তথ্য অনুসৰি দেওবাৰতকৈ সোমবাৰে অৰ্থাৎ আজি বৃদ্ধি পাব ঠাণ্ডাৰ পৰিমাণ । কিয়নো দেওবাৰে সৰ্বনিম্ন তাপমাত্ৰা আছিল ১৩ ডিগ্ৰী ।

Featured
Comments (0)
Add Comment