অযোধ্যাত নিৰ্মাণ হ’ব ৰামৰ 151 মিটাৰ ওখ মূৰ্তি

বৃহৎ তীৰ্থনগৰীলৈ উন্নীত হ'ব অযোধ্যা । উচ্চতম ন্যায়ালয়ে অযোধ্যা গোচৰৰ সন্দৰ্ভত কৰা ৰায়দানত অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ আৰু পৰিচালনা কৰাৰ বাবে তিনি মাহৰ ভিতৰত এখন ট্ৰাষ্ট গঠন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ ।

নিয়মীয়া বাৰ্তাঃ ৰাজনৈতিক ভাৱে অত্যন্ত সংবেদনশীল ৰাম জনমভূমি- বাবৰি মছজিদ বিবাদ গোচৰৰ ঐতিহাসিক ৰায়দানৰ এটা দিন পাছতে অযোধ্যাৰ মেয়ৰে মন্তব্য কৰিছে যে এই প্ৰাচীন পৱিত্ৰ ভূমিক দেশৰ বৃহৎ তীৰ্থনগৰীলৈ উন্নীত কৰা হ’ব । অযোধ্যাৰ মেয়ৰ ঋষিকেশ উপাধ্যায়ে কয় যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মতে জিলাৰ শীৰ্ষ আৰু উত্তৰ প্ৰদেশ চৰকাৰৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতাৰে অচিৰেই মিলিত হৈ অযোধ্যাৰ সৰ্বাংগীণ উন্নয়নৰ বাবে ৰোড মেপ তৈয়াৰ কৰিব । তেওঁ লগতে কয় যে ভগৱান ৰামৰ জন্মস্থান অযোধ্যাত সৰযু নৈৰ পাৰত 151 মিটাৰ উচ্চতাৰ এক বিশাল মূৰ্তি নিৰ্মাণ কৰাৰো প্ৰস্তাৱ লোৱা হৈছে । উল্লেখ্য যে উচ্চতম ন্যায়ালয়ৰ 1,045 পৃষ্ঠাজোৰা ৰায়দানৰ পাছত ভৱিষ্যতৰ কাৰ্যক্ৰম সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ উদ্দেশ্যে অহা সপ্তাহত প্ৰধানমন্ত্ৰী মোদীয়ে এখন বৈঠক আহ্বান কৰিছে ।

ayodhya verdictFeaturedRam Mandir