অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত উপ-সভাপতি মৃণালিনী দেৱী

মৃদুল কুমাৰ চাহু

সাম্প্রতিক সাহিত্য জগতত নতুনকৈ চর্চিত ব্যক্তিগৰাকীৰ নাম হৈছে মৃণালিনী দেৱী৷ অসম সাহিত্য সভাৰ নৱনির্বাচিত উপ–সভানেত্রী মৃণালিনী দেৱীয়ে নিজৰ আধৰুৱা জীৱনত সমাজখনলৈ কিবা এটা দি যোৱাৰ সংকল্পৰে হাতত কলম তুলি লৈছে৷ বিশৃংখলিত সমাজ ব্যৱস্থাত আধ্যাত্মিক চর্চাৰ মাজেৰে সুস্থ তথা আদর্শ সমাজ প্রতিষ্ঠাত গুৰুত্বপূর্ণ ভূমিকা ল’বলৈ চেষ্টা কৰা মৃণালিনী দেৱী আদর্শৱান ব্যক্তি ৰূপে পৰিগণিত হৈছে৷ মৃণালিনী দেৱী সংসাৰৰ মায়াজালৰ বেহু ভাঙিসামাজিক কাম–কাজত নিজক জডিত কৰি মাতৃসমাজক নতুনত্বৰ চিন্তাৰ খোৰাক দিয়াতেই ক্ষান্ত নাথাকি সাহিত্যৰ পথাৰত নিজৰ নাম খোদিত কৰিবলৈ সক্ষম হৈছে৷ সংসাৰৰ লগতে এগৰাকী মহিলাই সমানে সমাজসেৱা আৰু সাহিত্য চর্চা কৰি যোৱাটো ইমান সহজ নহয়৷ জটিল পথেৰে অতিক্রম কৰি মৃণালিনী দেৱীয়ে সংসাৰৰ লগতে সমাজসেৱা আৰু সাহিত্য সৃষ্টিত জটিল সমস্যাৰ সন্মুখীন হৈছে৷ হাজাৰগৰাকী মহিলাৰ তুলনাত তেওঁ মানুহৰ প্রতি থকা দৃষ্টিভংগী তথা ধ্যান–ধাৰণাৰ ওপৰত পর্যবেক্ষণ কৰি জীৱনত লাভ কৰা ঘাত–প্রতিঘাত নেওচি সমাজৰ এলান্ধুকলীয়া আন্ধাৰ ফালি নতুন চিন্তা–চেতনাৰে পোহৰৰ বাট দেখুৱাবলৈ চেষ্টা কৰি আহিছে৷ নাৰীৰ মর্যাদা কেৱল ঘৰৰ চাৰিবেৰৰ মাজত সীমাবদ্ধ নহয়৷ তাক প্রতিপন্ন কৰিবলৈ সকলো নাৰীক শিক্ষা–দিক্ষাৰ মাধ্যমেৰে সামাজিক মর্যাদাৰ নিমিত্তে কাম কৰিবলৈ উৎসাহিত কৰি অহা মৃণালিনী দেৱীক নলিনীবালা দেৱী, মহাশ্বেতা দেৱীৰ লগত তুলনা কৰিব পাৰি৷ স্পষ্টবাদিতা, সততা আৰু কর্তব্যপৰায়ণ গুণৰ অধিকাৰী হোৱা হেতুকে সংসাৰৰ দায়িত্ব পালন কৰাৰ সমান্তৰালভাৱে সামাজিক দায়িত্ব পালন কৰিবলৈ সক্ষম হৈছে৷ নিজৰ কর্মৰ যোগে নিজৰ পৰিচয় দিবলৈ শক্তিশালী তথা দৃঢ় মনৰ মৃণালিনী দেৱীয়ে সাহিত্য সভাৰ দৰে জাতীয় অনুষ্ঠানৰ উপ–সভাপতিৰ আসন অলংকৃত কৰিবলৈ সক্ষম হৈছে৷ ২০১০ চনত স্বামী কৈলাশ নাথ শর্মাক হেৰুৱাৰ লগতে ডেকা পুত্র তথা অভিযন্তা প্রশান্ত বিশ্ব শর্মাক অবাঞ্ছিতভাৱে হেৰুৱাই বুকুত এবুকু বেদনাৰে ভাৰাক্রান্ত হোৱাৰ পিছতো নিজক সময় আৰু পৰিস্থিতিৰ ওচৰত বিচলিত হ’বলৈ নিদি নিজক নিজৰ ভিতৰত দুর্বল মনটোক দৃঢ়তাৰে ধৰি বাস্তৱবাদী চিন্তাক প্রতিফলন ঘটাবলৈ এৰি দিয়া নাছিল৷ সমাজৰ সূক্ষ্ম দিশবোৰ গভীৰভাৱে বিশ্লেষণ কৰি প্রতিভাৰ মাধ্যমেৰে প্রভাৱিত কৰিবলৈ চেষ্টা কৰি আহিছে৷ ফ্রান্সিছ বেকনে বহু বছৰ পূর্বে উল্লেখ কৰি যোৱা এষাৰি মন্তব্য– পঢ়াই মানুহক পৰিপূর্ণ কৰে, লিখাই কৰে সম্পূর্ণ মানুহ৷ লেখাৰ জৰিয়তে এগৰাকী ব্যক্তি নিখুঁতভাৱে মানুহ হ’ব পাৰে৷ ফ্রান্সিছ বেকনৰ এই মহান মন্তব্যক সাৰোগত কৰি মৃণালিনী দেৱীয়ে জীৱনৰ অন্তিম বয়সত নিজক এগৰাকী নিখুঁত মানুহৰ যোগ্যতাৰ শাৰীত ৰখাৰ উদ্দেশ্যেৰে হাতত কলম তুলি লিখিবলৈ আৰম্ভ কৰিছে৷ এগৰাকী লেখকে হাতত কলম তুলি লোৱাৰ পূর্বে চকুত জিলিকি উঠা কেইটামান প্রতিচ্ছবিৰ ভিতৰত অন্যতম হৈছে মানুহৰ আত্মপ্রকাশৰ ইচ্ছা, মানুহ আৰু মানুহৰ কাম–কাজৰ বিষয়ে জনাৰ হাবিয়াস, বাস্তৱ পৃথিৱী আৰু আমাৰ কাল্পনিক পৃথিৱীলৈ যাব পোৱাৰ হাবিয়াস, আৰু মানুহৰ চিন্তা আৰু অনুভূতিক নানন্দিক ৰূপক সাহিত্যৰ মাধ্যমেৰে প্রতিষ্ঠা কৰাৰ ইছা৷ এই গুৰুত্বপূর্ণ দিশবোৰক লেখিকা হিচাপে মৃণালিনী দেৱীয়ে অনুধাৱন কৰি লেখা–মেলা কৰিবলৈ আৰম্ভ কৰে৷ উক্ত বিষয়বোৰক প্রেৰণাৰ উৎস ৰূপে লৈ লেখিকাগৰাকীয়ে নিজস্ব শৈলীৰে সাহিত্যৰ পথাৰত খোজ পেলাইছিল৷ সৃষ্টিৰ তৃপ্তি বা সন্তুষ্টিয়ে লেখিকাগৰাকীক আনি দিয়া অনামী সুখ আৰু আত্মতৃপ্তিয়ে ভাব–ভাষা, কল্পনা আৰু উপলব্ধিৰে নিজস্ব সত্তাক আটোমটোকাৰিকৈ সজাই সাহিত্যৰ পথাৰত খোজ পেলাবলৈ অনুপ্রাণিত কৰিছিল৷
সাহিত্যিক এজনৰ অনুভূতিৰ পৰশত একোটা ঘটনাই বাস্তৱ সত্যতকৈ হূদয়স্পশী হৈ উঠে৷ সাহিত্যৰ যোগেদি সমাজত পৰিৱর্তন আনিবলৈ নিশ্চয় মৃণালিনী দেৱীয়ে হাতত কলম তুলি ল’লে৷ সমানে অব্যাহত ৰাখিলে গ্রন্থ অধ্যয়ন৷ মৃণালিনী দেৱী বর্তমানৰ মাতৃ সমাজৰ এগৰাকী আদর্শ মাতৃৰূপে চিহ্ণিত হৈছে৷ পাঁচজনকৈ প্রতিষ্ঠিত পুত্রৰ জননী মৃণালিনী দেৱীয়ে আজিও নিজৰ পৰিচয় নিজৰ যোগ্যতাৰ ওপৰত দি ভাল পায়৷ লণ্ডনস্থিত বিখ্যাত চিকিৎসক ডাঃ জয়ন্ত বিশ্ব শর্মা, বর্তমান চৰকাৰৰ অন্যতম চর্চিত মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ মাতৃ মৃণালিনী দেৱীয়ে নিজৰ পুত্রৰ পৰিচয়ৰ পৰিৱর্তে নিজৰ সামাজিক কর্ম, সাহিত্য সৃষ্টিৰ মাধ্যমেৰে সমাজত নিজৰ পৰিচয়ৰ বাবে অবিৰত সংগ্রাম অব্যাহত ৰাখিছে৷
জীৱন
নলবাৰী জিলাৰ বৃহত্তৰ ৰভাগ অঞ্চলৰ লৰমা গাঁৱত ১৯৩৯ চনৰ ৬ নৱেম্বৰত মৃণালিনী দেৱীৰ জন্ম হয়৷ সাহিত্যিক, শিক্ষাবিদ প্রাচ্যতত্ত্ববিদ প্রয়াত শৰৎ চন্দ্র শর্মা, পিতৃ আৰু নলবাৰীৰ বিখ্যাত আঠঘৰীয়া গাঁৱৰ ভট্টাচার্য বংশৰ ধর্মপ্রাণা দুহিতা বেদৱতী দেৱী আছিল মৃণালিনী দেৱীৰ মাতৃ৷ বাল্য অৱস্থাৰ পৰা এক আধ্যাত্মিক চর্চাৰ পৰিৱেশৰ মাজত ডাঙৰ–দীঘল হোৱা মৃণালিনী দেৱী বৈবাহিক জীৱনত জীৱন সংগী লাভ কৰা কৈলাশ নাথ শর্মাৰ সংস্পর্শৰ দিন ধৰি সাহিত্যৰ পৰিৱেশ লাভ কৰিছিল৷ স্বামী ৰূপে লাভ কৰা কৈলাশ নাথ শর্মা সহস্র গীতি–কবিতাৰ স্রষ্টা, তিনিটা ভাষাত প্রায় অর্ধসহস্র কবিতাৰ জনক, লোকমান্য বাল গংগাধৰ তিলকৰ সুবিখ্যাত বৃহৎ গীতা ৰহস্য অথবা কর্মযোগ শাস্ত্রৰ অসমীয়া অনুবাদক, নীৰৱ সাহিত্যিক প্রয়াত কৈলাশ নাথ শর্র্মাক স্বামী ৰূপে লাভ কৰি সাহিত্যৰ পৃথিৱীত প্রৱেশৰ সুৰঙা পোৱাই নহয় অনুপ্রাণিত হৈছিল৷ পিতৃ–মাতৃৰ ঘৰৰ পৰা শহুৰ–শাহুৰ ঘৰলৈকে বিস্তাৰিত পৰিৱেশত লাভ কৰা সাহিত্য–সংস্কৃতিৰ পৰিৱেশে মৃণালিনী দেৱী নীৰৱে সাহিত্যৰ পথাৰত সোমাই পৰিছিল৷ মন কৰিবলগীয়া বিষয় যে তেতিয়াৰ দিনতেই প্রাথমিক স্তৰত বৃত্তি লাভ কৰা মৃণালিনী দেৱী আছিল বৰভাৰা অঞ্চলৰ পশ্চিম বডিগোগ ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উত্তীর্ণ হোৱা অঞ্চলটোৰ প্রথমগৰাকী মহিলা প্রৱেশিকা পৰীক্ষার্থী৷ মৃণালিনী দেৱীৰ নাছিল আজিৰ দিনত থকাৰ দৰে উচ্চ ডিগ্রী৷ নলিনীবালা দেৱীৰ দৰে সামাজিক সমস্যাক বুকুত সাবটি জীয়াই থকাৰ সংগ্রামত ব্রতী হোৱা মৃণালিনী দেৱী এগৰাকী গৃহিণী ৰূপে সম্পূর্ণ সফল বুলি ক’ব পাৰি৷ গৃহিণীৰ লগতে মাতৃত্বৰ দায়িত্ব পালনৰ মাজতে সময় আৰু পৰিস্থিতিৰ সুযোগ বুজি মহিলা সমাজ, নামঘৰ, মহিলা সমিতিৰ লগত জডিত হৈ সামাজিক কামত নিজক জডিত কৰিছিল৷ ইমানেই নহয়, বৃহত্তৰ কাহিলিপাৰা শাখা সাহিত্য সভাৰ প্রতিষ্ঠাপক সভাপতি ৰূপে কার্যনির্বাহ কৰা মৃণালিনী দেৱী বর্তমান অসম সাহিত্য সভাৰ আজীৱন সদস্য৷ লগতে দক্ষিণ গুৱাহাটি লেখিকা সন্থাৰ প্রাক্তন সভানেত্রী, বৃহত্তৰ কাহিলিপাৰা গণেশগুৰি শাখা লেখিকা সংস্থাৰ প্রতিষ্ঠাপক সভানেত্রীৰ দায়িত্ব পালন কৰিছে৷ ইয়াৰ উপৰি দেৱীয়ে অসম লেখিকা সংস্থাৰ পৃষ্ঠপোষক তথা প্রকাশন উপ–সমিতিৰ সভাপতিৰ দায়িত্ব পালন কৰাৰ লগতে অসম সংস্কৃত সাহিত্য সভাৰ ৰাজ্যিক সভানেত্রীৰ দায়িত্ব নিষ্ঠাৰে পালন কৰি আছে৷ লগতে মৃণালিনী দেৱীয়ে বর্তমানে অখিল ভাৰতীয় সাহিত্য পৰিষদৰ অসম শাখাৰ কেন্দ্রীয় উপ–সভানেত্রীৰ দায়িত্বত থকাৰ উপৰি মৃণালিনী দেৱী কার্যনির্বাহ কৰি আছে বিভিন্ন শিশু কল্যাণমূলক অনুষ্ঠানকে ধৰি নামঘৰ মহিলা সমিতি ইত্যাদি অনুষ্ঠানত সক্রিয় ৰূপত জডিত হৈ আছে৷
স্বীকৃতি
জীৱনৰ আধা বয়সত চিৰ তৰুণৰ মানসিকতাৰে সাহিত্য সৃষ্টি–কর্মত নিজক জডিত কৰি সাহিত্যৰ ভঁৰাল চহকী কৰা মৃণালিনী দেৱীয়ে লাভ কৰিছে বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠানৰ্ বঁটা–সন্মান৷ বঁটা–পুৰস্কাৰক সাহিত্য তথা সামাজিক কামৰ স্বীকৃতি বুলি গণ্য কৰি দুগুণ উৎসাহেৰে সাহিত্য চর্চাত নিজক জডিত কৰা মৃণালিনী দেৱীক ২০১৫ চনত ‘মৰমলেণ্ড’ শীর্ষক বার্তালোচনীয়ে সমাজ সংস্কাৰৰ বাবে বিশেষ সন্মান ৰূপে আগবঢ়ায় Women Social Worker বঁটা, বিশিষ্ট সাহিত্যিক মৃণালিনী দেৱীয়ে ২০১৫ চনত শশীপ্রভা কলিতা আদর্শ জননী বঁটা লাভ কৰে, তেনেদৰে ২০১৬ বর্ষত সাহিত্যিক মৃণালিনী দেৱীক অসম লেখিকা সংস্থাই ‘লাৱণ্য হাজৰিকা আদর্শ মাতৃ বঁটা’ প্রদান কৰে৷University of Seicnce and Technology, মেঘালয়ৰDepartment of Social Work–এ সু–লেখিকা, বিশিষ্টা সাহিত্যিক মৃণালিনী দেৱীক প্রদান কৰে ২০১৭ চনতSocial Work Excellence Awardবঁটা, বৰপেটাৰ ঐতিহ্য ক্ষেত্র উন্নয়ন মঞ্চই প্রদান কৰে ‘নৰতনু বঁটা’৷ উচ্চ চিন্তা–চেতনাৰে প্রলুব্ধ মৃণালিনী দেৱীৰ হাতৰ পৰশত সূদুৰ ভৱিষ্যতে আৰু উন্নতমানৰ সাহিত্য সৃষ্টি কৰি পংগুত্বৰ দিশে গতি কৰা মানৱ সমাজৰ চিন্তা–ধাৰাক প্রাণৱন্ত কৰি সঠিক দিশলৈ ঘূৰাই আনিব পৰাকৈ নাৰী সমাজত নব্য আন্দোলনৰ নেতৃত্ব লওক মৃণালিনী দেৱীয়ে৷

Featured
Comments (0)
Add Comment