গৃহ মন্ত্রী মহোদয়, পৰিবহন মন্ত্রী মহোদয়ঃ ১৪ চকীয়া, ২২ চকীয়া ট্রাকৰ নম্বৰ ফলিত কিয় বোকাৰ লেপন ?

মাননীয় গৃহ মন্ত্রী মহোদয় সোণোৱালদেউ আৰু মাননীয় পৰিবহন মন্ত্রী মহোদয় পাটোৱাৰীদেউ, নমস্কাৰ গ্রহণ কৰিব ৷
জীৱনত অলেখ ঠাইত অলেখবাৰ লিখাৰ দৰে, যোৱা ৫ আৰু ১৯ ফে’ব্রুৱাৰীত আৰু ৪ মার্চত এইখন কাকততো মোৰ এই পষেকীয়া শিতানটোত অসমৰ নিয়ন্ত্রণহীন, আতংকজনকভাবে বিধ্বস্ত পথ পৰিবহন ব্যৱস্থাটোৰ বিষয়ে ভালেখিনি কথা লিখিছিলোঁ যদিও, আৰু যে কিমানবোৰ কথা লিখিবলৈ আছে লিখি থাকিম৷ আপোনালোকে কিবা কৰিলে ভাল পাম৷ একো নকৰিলে নিস্তাৰ নিদিওঁ৷ নাপাব নিস্তাৰ৷ উদঙায়েই থাকিম, উদঙায়েই থাকিম আপোনালোকৰ দৰে আমাসৱৰ ‘অসমীয়া জনপ্রতিনিধি’সৱৰ ভাষাত,– ‘ফাদিল’ কৰিয়েই থাকিম৷ আকৌ কওঁ,– অসমৰ পৰিবহন জগতখনত এই নাৰকীয় ছবিখনৰ বাবে গৃহ আৰু পৰিবহন বিভাগৰ ৰাজনৈতিক মহল, আমোলা মহল, আৰক্ষী, গড়কাপ্ঢানি বিভাগ (জঘন্য বাট–পথ–দলঙৰ যোগে), পৰিবহন সম্রাটসকল, হিন্দুস্তানী–পাঞ্জাবী–ৰ্ পৰিবহন ছিণ্ডিকেইট্সমূহ, নিবোকা ৰাজনৈতিক দলসমূহ, চান্দাজীৱি তথাকথিত যুৱক আৰু ছাত্র নামধাৰী, একো শিক্ষানুষ্ঠানত ছাত্র ৰূপে পঞ্জীয়ন নোহোৱা কিছুমান মতলবী বুঢ়া মানুহ, হাস্যকৰ ‘আইন অমান্য আন্দোলন’ চলাই চালকৰ আসনত তিনি–চাৰিগৰাকীকৈ পুৰুষ–মহিলা ‘যাত্রী’ বহুৱাই ঠেলা–ঠেলিকৈ ধন লুণ্ঠন কৰা উদণ্ড ঈ ৰিক্সা চালক, অট’চালক, টাটা মেজিক চালক, আৰু আইন–কানুনৰ ‘আ’–টোও নাজানি বুঢ়া আঙুলি দেখুওৱা কিছুমান চেঙেলীয়া হেণ্ডিমেন, আৰু গৃহ বিভাগ আৰু পৰিবহন বিভাগৰ ৰাজনৈতিক আৰু আমোলা মহলৰ কাকো একো সুধিবলৈ বুকুত সাহস গোটাব নোৱৰা তথা নিজেও অলেখ উলংঘনত দোষী একাংশ (সকলো নহয়) ‘সংবাদ সেৱী’ও প্রত্যক্ষ তথা পৰোক্ষ এই দুয়ো প্রকাৰে কিম্বা তাৰ ভিতৰৰ এক প্রকাৰে দায়ী ৷

৫ আৰু ১৯ ফে’ব্রুৱাৰী আৰু ৪ মার্চৰ মোৰ সেই লেখাকেইটা পঢ়ি উঠি মোলৈ যে কিমান পঢ়ুৱৈয়ে ফৌন্ কৰিছিল, তাৰ লেখ নাই৷ আটায়ে বিচাৰে, জনসাধাৰণৰ দৈনন্দিন জীৱন যাত্রাৰ লগত ওতপ্রোতভাবে জড়িত, এই পৰিবহন ব্যৱস্থাটো উন্নত হওক, সভ্য হওক, কাৰণ, বর্তমান এইটো অসভ্য৷ অৱশ্যে মই জানো যে এই ‘আটাই’ৰ ভিতৰৰে অনেকজনেয়, অৱস্থাৰ দাস হৈ বাধ্য হৈ হ’লেও, প্রত্যক্ষ কিম্বা পৰোক্ষভাবে, পৰিবহনৰ ক্ষেত্রখনৰ এই চূড়ান্ত লজ্জাজনক বিশৃংখলাৰ বাবে বহুলাংশে দায়ী৷ কিন্তু গৃহ মন্ত্রী মহোদয় আৰু পৰিবহন মন্ত্রী মহোদয়, প্রশ্ণ হৈছে– সমস্যাটোক লৈ চৰকাৰ দৰাচলতে কিমান চিন্তিত? ৰাজ্য প্রশাসনৰ মুৰব্বী মুখ্য সচিবগৰাকী যদিহে ৫/৬গৰাকী অতিৰিক্ত মুখ্য সচিবৰ ভিতৰৰ কোনো এগৰাকীক পৰিবহন বিভাগৰ বিশেষ দায়িত্ব দিয়া আছে, তেন্তে, সেইগৰাকী বিভাগৰ প্রধান সচিবগৰাকী আয়ুক্ত সচিবগৰাকী পৰিবহন আয়ুক্ত (সঞ্চালক)গৰাকী আইন–শৃংখলা ৰক্ষাৰ দায়িত্বপ্রাপ্ত, গৃহ বিভাগৰ অতিৰিক্ত মুখ্য সচিবগৰাকী বিভাগৰ প্রধান সচিবগৰাকী আয়ুক্ত–সচিবগৰাকী আৰক্ষী সঞ্চালক প্রধানগৰাকী আইন–শৃংখলা আৰু যান–বাহন শাখাৰ দায়িত্বপ্রাপ্ত অতিৰিক্ত সঞ্চালক প্রধানগৰাকী, জিলা উপায়ুক্তসকল জিলা আৰক্ষী অধীক্ষকসকল জিলা পৰিবহন বিষয়া আৰু ম’টৰ যান–বাহন পৰিদর্শকসকলে কি কৰি আছে, কি চিন্তা–চর্চা কৰিছে? ঘটনাবোৰ দেখি–শুনি তেখেতসকলৰ গাৰ নোমবোৰ ডাল ডাল হোৱা নাইনে? তেখেতসকলৰ মাজ তালুত বিবেক দংশন হোৱা নাইনে? আকৌ সোধোঁ,– সেই যে ‘নৱনিযুক্ত দহ হাজাৰ আৰক্ষী লোক’, সেইসকল ক’ত? প্রতিদিনে পগলা ফাটেকৰ নিচিনা হৈ পৰা, ৰাজ্যখনৰ ইমূৰৰ পৰা সিমূৰলৈ, ভয়ংকৰ যান–জঁটপূর্ণ অসংখ্য ঠাইবোৰ, সেইবোৰ কেতিয়া নিয়াৰি হ’ব ?

কওক, চৰকাৰ বাহাদুৰ, কওক, উত্তৰ দিয়ক– (১) গুৱাহাটীৰ বাহিৰে আন ঠাইবোৰত কিমান বাইক্ আৰু সূকটা(ৰ্) চালকে হে’ল্মিট্ পৰিধান কৰে? (২) পৰিধান নকৰা কিমানজনক কিমান শাস্তি দিয়া হৈছে? (যথেষ্ট সংখ্যক চাকৰিয়ালৰ অভাৱৰ অজুহাত নাখাটে চৰকাৰে কৈয়েই আছে যে ধনৰ অভাৱত প্রয়োজনীয় পদ খালী হৈ নাথাকে) (৩) ৰাজআলিৰ সোঁ কাষেদি, পথ বিভাজকৰ সোঁ কাষেদি দেখোন অসংখ্য লোক যান–বাহন চলায়েই আছে মই যে চৌদিশে দেখা পাওঁ, চৰকাৰ বাহাদুৰৰ অংগ–প্রত্যংগবোৰে কিয় দেখা নাপায়? সিবোৰ অন্ধ নেকি? (৪) পথ বিভাজকৰ মাজত থকা ডেৰ ফুট/দুফুট বহল ফাঁকেদি বাইক্ চালক আৰু সূকটা(ৰ্) চালকক ইফালৰ পৰা সিফাললৈ পাৰ হ’বলৈ দিয়াটো কেনেকুৱা নিয়ম? পথ সুৰক্ষা সপ্তাহ পতাসকলে আৰু সংশ্লিষ্ট চিত্রাভিনেতা–চিত্রাভি কিবা এষাৰ কওক ধাপ্পাবাজি আৰু ভেঁকোভাওনা বহুত হ’ল ‘হাউ মেনি আ(ৰ্) ৰীয়েলি কন্সে’ন্ড্’? হোৱৎ এবাউট্ দ্য পাব্লিক্ ৰে’প্রিজে’ণ্টেটিভ্য্ ?

সোণোৱালদেউ আৰু পাটোৱাৰীদেউ, (৫) বহুখিনি বলকাৰ পাছতো দেখোন পথ দুর্ঘটনাৰ অজুহাতত প্রতিদিনে অনেক লোকৰ নিধন যজ্ঞ চলিয়েই আছে, কিয় চলি আছে? (৬) আইন ৰক্ষক গণে কি কাটি আছে? (৭) সিসৱে উদণ্ড চালকসকলক ভয় কৰে নেকি? (৮) হত্যাকাৰী চালকসকলৰ কিমানৰ যান–বাহন চলাচলৰ অনুজ্ঞাপত্র বাতিল কৰা হৈছে? (৯) হত্যাকাৰী চালকসকলৰ বেছিভাগেই ততালিকে পলাব পাৰে কেনেকৈ দহ হাজাৰ নতুন চিপাহী ক’ত? (১০) ৰকিবুল হুছেইনে চৰকাৰক নোসোধে কিয়? (১১) সকলো প্রকাৰৰ বেছিভাগ যান–বাহন চালকে, বিশেষতঃ বাইক্ আৰু সূকটা(ৰ্) চালকে বাটৰ কাষত যান–বাহন থওঁতে (পার্কিং কৰোঁতে) যে আনৰ সুবিধা–সুবিধালৈ কাণ নকৰাকৈ, অনাহকত বহুত বেছি ঠাই দখল কৰে আৰু দুর্ঘটনা ঘটাত অৰিহণা যোগায়, সেই অপকর্মবোৰত বাধা দিবলৈ ক’তো যান–বাহন আৰক্ষী আৰু পৰিবহন বিভাগৰ লোক নাথাকে কিয়? (১২) গৃহ মন্ত্রী মহোদয় আৰু পৰিবহন মন্ত্রী মহোদয়, আন্তঃজিলা ৰাজপথেদি কোনো ‘ভী আই পী’ গ’লে, সেই ‘ভী আই পী’ৰ যান বহৰ (কন্ভয়)–এ এখন জিলাৰ সীমা পাৰ হৈ আন এখন জিলাত প্রৱেশ কৰাৰ লগে লগে দ্বিতীয়খন জিলাৰ আৰক্ষীয়ে প্রথমখন জিলাৰ আৰক্ষীৰ পৰা ‘ভী আই পী’ৰ নিৰাপত্তাৰ দায়িত্ব গ্রহণ কৰে পিচে, এই দিশত যে আৰক্ষীৰ ইমান তৎপৰতা, নিজ জিলাৰ ভিতৰত পৰা ঘাই পথৰ ভুল তথা বে’–আইনী কাষেদি যান–বাহন চলোৱা অপৰাধী চালকসকলক ধৰিবলৈ, সংশ্লিষ্ট ‘পুলিচ চাহেব’ আৰু ‘পুলিচ মেনচাহেব’সকলৰ সেই একে তৎপৰতা নাই কিয়? (১৩) নে, ‘ভী আই পী’–ৰ সুৰক্ষাহে আৰক্ষীৰ দায়িত্ব ‘ভী অউ পী’ VOP– ভে’ৰি অর্ড্ন্ৰি পে’(ৰ্) ছ্ন্)–ৰ হত্যা একো দোষণীয় কথা নহয়? (১৪) এই যে ফাস্ত্ ফূড্ কর্না(ৰ্), স্নেক্ বা(ৰ্) আদিৰ সন্মুখৰ ৰাজপথত একা–বেঁকা, অথালি–পথালিকৈ বাইক্ আৰু সূকটা(ৰ্) ৰাখি সিবোৰৰ ওপৰত বহি ‘খানা–পীনা’ কৰি আড্ডাত মছগুল– ‘বিন্দাছ’ হৈ প্রচণ্ড যান–জঁট সৃষ্টিৰ দৰে ‘সৃষ্টিশীল কর্ম’ কৰি নৰ–নাৰীয়ে অন্যান্য চালক তথা পথচাৰী লোকক ভয়ংকৰ অসুবিধাত পেলায়, সেইবোৰ নিয়ন্ত্রণ কৰাটো আইন–শৃংখলা ৰক্ষাৰ ভিতৰত নপৰে নেকি? (১৫) বজাৰৰ বাবে সুনির্দিষ্ট স্থান নির্ধাৰণ কৰিব নোৱৰা প্রতিখন চৰকাৰে, পথচাৰী লোকে পদপথেদি খোজ কঢ়াৰ ন্যায্য অধিকাৰ তেওঁলোকৰ পৰা কাঢ়ি লৈ আৰু, নিবনুৱা সমস্যাই দানহৰ ৰূপ লোৱাৰ ভয়ত, সমগ্র ৰাজ্যৰ য’তেই পদপথ আছে, তাতেই হৰেক কিচিমৰ দোকান–বজাৰ বহুওৱাটো, পথ দুর্ঘটনাৰ অন্যতম প্রধান কাৰণ হয়নে নহয়, গুৱাহাটী উন্নয়ন (?) বিভাগৰ মন্ত্রী সিদ্ধার্থ ভট্টাচার্য্যদেউ আৰু নগৰ উন্নয়ন (?) মন্ত্রী পীয়ূষ হাজৰিকাদেউ? কওক৷ হে’লৌ গাভ্ন্মে’ণ্ট্, হুৱে(ৰ্) ৱিল্ বী য়(ৰ্) স্মার্ট্ ছিটি, প্রে’ই Pray) ?

এতিয়া চৈধ্যচকীয়া, বাইশচকীয়া আদি ট্রাকৰ কথা৷ কিন্তু কেৱল এই চৈধ্যচকীয়া বা বাইশচকীয়া বাণিজ্যিক বাহনসমূহেই নহয় চাৰিচকীয়া, ছয়চকীয়া আদি মিনি ট্রাক্সমূহে, ডাম্পা(ৰ্), তেলৰ টেংকা(ৰ্), পানীৰ টেংকা(ৰ্) আদি সমূহ বাণিজ্যিক বাহনে যান–বাহন আৰক্ষী আৰু পৰিবহন বিভাগৰ চকুৰ আগতে আৰু নাকৰ তলতে নিতৌ সকলো আইন–বিধি উলংঘা কৰি টিঘিলঘিলাই আছে ৷

গৃহ মন্ত্রী মহোদয় আৰু পৰিবহন মন্ত্রী মহোদয়, (১৬) নিয়ম মতে, সর্বসাধাৰণ ৰাইজৰ অপৰিহার্য্য দৈনন্দিন জীৱন যাত্রা আৰু কর্তব্য পালনত একো অসুবিধা বা হেঙাৰৰ সৃষ্টি নহ’বৰ বাবে, ভিন্ ভিন্ ঠাইৰ সংশ্লিষ্ট সাধাৰণ প্রশাসনীয় কর্তৃপক্ষ তথা আৰক্ষী কর্তৃপক্ষই সুনির্দিষ্ট দিনৰ সুনির্দিষ্ট কিছুমান সময়ত কিছুমান সুনির্দিষ্ট পথেদি গধুৰ যান–বাহনৰ প্রৱেশ/অহা–যোৱা নিষিদ্ধ কৰি সময়ে সময়ে জাননী দি থাকে৷ কিন্তু সমগ্র কার্য্য ব্যৱস্থাটো মাথোন এবাৰ জাননী এখন প্রকাশতে সীমাৱদ্ধ কিয়? তেনে নিষেধাজ্ঞা কঠোৰভাবে বলৱৎ কৰা নহয় কিয়? ছাত্র–ছাত্রী, চাকৰিয়াল, শ্রমিক, সাধাৰণ নাগৰিক, আটাইৰে বাবে দিনটোৰ অত্যন্ত জৰুৰী তথা ব্যস্ততাপূর্ণ সময়বোৰতো ব্যস্ত ৰাজপথবোৰেদি, চাৰিচকীয়া, ছয়চকীয়া, দহচকীয়া, চৈধ্যচকীয়, আনকি বাইশচকীয়া এনে বাণিজ্যিক যান–বাহনবোৰৰ অবাধ, বে’–পৰোৱা অহা–যোৱা কিয়? কেনেকৈ? কিহৰ বলত? কাৰ সাহসত? কর্তব্য (বি–)ৰ’ত আৰক্ষীয়ে আৰু পৰিবহন বিভাগে কি কাটি থাকে? (১৭) দিল্লী, হাৰিয়ানা, পাঞ্জাব (‘ৱ’ নহয়), ৰাজস্থান, মধ্যপ্রদেশ, উত্তৰ প্রদেশ, বিহাৰ, তামিলনাডু, অন্ধ্রপ্রদেশ তথা অসমৰ এই বাণিজ্যিক গাড়ীবোৰৰ প্রতি সাধাৰণ প্রশাসন, আৰক্ষী প্রশাসন, পৰিবহন বিভাগ তথা, শেষ বিচাৰত চৰকাৰ বাহাদুৰৰ ইমান মৰম–চেনেহ, ইমান প্রেম–পিৰীতি কিয়? (১৮) চৰকাৰক শোধাবলগীয়া কৰ ফাঁকি দি ৰাইজৰ মূৰত ৰামটাঙোন শোধাই অতি বিপজ্জনকভাবে মাত্রাধিক বোজা কঢ়িয়াই ৰাজহুৱা পথবোৰ ধ্বংস কৰা এই বাণিজ্যিক বাহনবোৰৰ চালক, হেণ্ডিমেন আদিৰ লগত আৰক্ষী, পৰিবহন বিভাগ, বন বিভাগ, আব্কাৰী বিভাগ, কৰ বিভাগ আদিৰ ৰজাঘৰীয়া লোকসকলৰ ইমান গোপন আৰু ‘খুল্লাম খুল্লা’ দহৰম–মহৰম কিয়? (১৯) অধিক কি, স্বয়ং ৰাজধানী মহানগৰ গুৱাহাটীৰ মাজেদি যোৱা ৩৭সংখ্যক ৰাষ্ট্রীয় ঘাইপথটোৰ যিটো অংশইদি বিমান যাত্রীসকলে বৰঝাৰ বিমান বন্দৰলৈ (আন্তঃৰাষ্ট্রীয়) অহা–যোৱা কৰে, সেই অংশতো খানাপাৰা, বশিষ্ঠ, লখৰা, গড়চুক, বৰাগাঁও, জালুকবাৰী, আজাৰা আদি ঠাইতো আৰক্ষী বাহাদুৰসকলৰ চকুৰ সন্মুখতে এই গাড়ীবোৰৰ তথা ‘টাটা মেজিক্’ আদি যাত্রীবাহী ভাৰা গাড়ীবোৰৰ ইমান অবাধ দপ্দপনি তথা একপ্রকাৰৰ পথ অৱৰোধ কার্য্যসূচী কিয়? কাৰ সাহসত? কাৰ পৰা পোৱা লাইৰ বলত? অৱশ্যে সেই পথেদি তথা আন পথেদিও আপোনাসৱৰ অহা–যোৱাৰ বেলিকা আৰক্ষী বাহাদুৰ আৰু পৰিবহন বাহাদুৰসকলৰ কর্তব্যপৰায়ণতাৰ ৰেহ–ৰূপ সুকীয়া
গৃহ মন্ত্রী মহোদয় আৰু পৰিবহন মন্ত্রী মহোদয়, (২০) এই যে নৰহত্যাকাৰী দৈত্যাকায় গাড়ীবোৰ, এইবোৰৰ পিছফালবোৰলৈ আপোনাসৱে বাৰু আপোনাসৱৰ ছাত্রাৱস্থা আৰু যুৱাৱস্থাৰ পৰা এতিয়ালৈকে কেতিয়াবা ভালদৰে মন কৰিছেনে? মন কৰিছেনে বাৰু যে এই গাড়ীবোৰৰ বেছিভাগৰে, প্রায় আটাইৰে, পিছফালৰ নম্বৰ ফলিবোৰৰ ওপৰত বোকা, ক’লা ধোঁৱা আৰু পোৰা তেলৰ ইমানেই ডাঠ লেপন থাকে যে সিবোৰত ‘ৱান্স্ আপ্ন্ এ’ টাইম’ লিখিত আখৰ আৰু সংখ্যাবোৰ পঢ়াটো কোনোপধ্যে সম্ভৱ নহয়? (২১) মন কৰিছেনে যে এনেকুৱা বেছিভাগ বাহনৰে পিছফালৰ নম্বৰ ফলিবোৰ, বাম্পা(ৰ্)বোৰৰ ভিতৰফালেহে লগাই থোৱা থাকে? (২২) আৰক্ষীয়ে আৰু পৰিবহন বিভাগে এনে গাড়ীৰ মালিক আৰু চালকসকলৰ বিৰুদ্ধে একো ব্যৱস্থা নলয় কিয়? (২৩) এনে গাড়ীবোৰে বাটত মানুহ মাৰি বা ঘুণীয়া কৰি পেলাই থৈ গ’লে তাত ‘কর্তব্যৰত’ আৰক্ষীয়ে নম্বৰ ফলি পঢ়ি নম্বৰ টুকি ৰাখিব আৰু ঊর্ধ্বতন কর্তৃপক্ষক জনাব কেনেকৈ? (২৪) এই সন্দর্ভত ম’ট(ৰ্) যান–বাহন আইনে কি কয়? যদি সুনির্দিষ্ট নীতি–নির্দেশনা বর্তমান নাই, তেন্তে নতুন নির্দেশনা সন্নিৱিষ্টকৰণৰ হকে অসম চৰকাৰে কৰিবলগীয়া একো নাই নেকি? আগভাগ ল’লে মহাভাৰতখন অশুদ্ধ হ’ব নেকি? (২৫) যিহেতু এনে বৃহৎ বৃহৎ গাড়ীবোৰৰ মালিকসকল বৃহৎ পুঁজিপতি ব্যৱসায়িক গোষ্ঠীৰ, সেই হেতুকে, গাড়ীৰ পিছফালৰ নম্বৰ ফলিৰ এই আজব কাণ্ড চলি থাকিবলৈ দিয়াৰ অন্তৰালত কিবা বিশেষ গোপন ৰহস্য আছে নেকি ?

সোণোৱালদেউ আৰু পাটোৱাৰীদেউ (২৬) সমগ্র ৰাজ্যখনৰ ৰাজপথবোৰৰ কাষে কাষে অলেখ ঠাইত, বিশেষতঃ ধাবাবোৰৰ সন্মুখত, ট্রাক্, বাছ্ আৰু অন্যান্য গাড়ীৰ চালকসকলে তেওঁলোকৰ গাড়ীবোৰ সম্পূর্ণ বে’–পৰোৱা আৰু অত্যন্ত বিশৃংখলভাবে ৰখাই থোৱা বাবে, আৰু, অনেক মালিক আৰু চালকে ৰাজপথবোৰ তেওঁলোকৰ ব্যক্তিগত গেৰাজ্ৰূপে ব্যৱহাৰ কৰি থকাৰ ফলতে যে ৰাজ্যত অসংখ্য দুর্ঘটনা ঘটি আছে আৰু অলেখ অমূল্য মানৱ জীৱন অকালতে ধ্বংস হৈছে (গৰু, ছাগলী, কুকুৰ কোন কুটা?) সেই কথা সঁচা, নে, মিছা? আপোনাসৱে তথা চৰকাৰে সেই কথা মানি লয়নে? এই সন্দর্ভত চৰকাৰে কৰিবলগীয়া একো নাই নেকি? দুর্ঘটনা ঘটাৰ পাছত ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষী লোক জনদিয়েকে, তাত সমৱেত হোৱা মানুহখিনিৰ আগত বৰ গহীন হৈ দেখুৱাই ঠাইডোখৰ বেৰি লৈ টোকা বহীত কিবা দুটামান কথা টুকি লৈ বাকচৰ বূম্কেইটাৰ সন্মুখত ঘটনাৰ কাৰণটো ক’লেই চৰকাৰৰ কর্তব্য শেষ নেকি? ঘটনা ঘটাৰ আগেয়ে আৰক্ষীয়ে কি কাটি থাকে? (২৭) দোষীয়ে যদি শাস্তি পায়, চৰকাৰে তাৰ বতৰা সদৰি নকৰে কিয়? (২৮) এই ফুচ্–ফাচ্বোৰৰ অৱসান কেতিয়াও নঘটিবই নেকি, চৰকাৰ বাহাদুৰ ?

গৃহ মন্ত্রী মহোদয়, আৰু পৰিবহন মন্ত্রী মহোদয়, (২৯) আপোনাসৱে জানেনে যে গুৱাহাটীৰ কইনাধৰা পাহাৰৰ নামনিত ৰাষ্ট্রীয় ঘাইপথৰ পূবৰ প্রায় দুই ফার্লং অংশ ব্যক্তিগত বাছ্, মিনি বাছ্, মেজিক্, টেভ্লা(ৰ্) আদি হৰেক কিচিমৰ যাত্রীবাহী বাণিজ্যিক বাহনৰ চালক, পৰিচালক, হেণ্ডিমেন আদিয়ে অথালি–পথালিকৈ দখল কৰি লৈ কথা পাতি, চাধা খাই, চিঞৰ–বাখৰ কৰি, যাত্রীক টনা–আঁজোৰা কৰি সমগ্র অংশটো দক্ষিণহেঙেৰা গৰু বজাৰ সদৃশ কৰি তুলিছে? চৰকাৰ বাহাদুৰে খানাপাৰা আৰক্ষীৰ যোগে ৰাষ্ট্রীয় ঘাইপথৰ সেই অংশটোৰ মালিকীস্বত্ব ‘আইন অমান্য আন্দোলন’কাৰী এই উদণ্ড লোকসকলক চমজাই দিছে নেকি? মই উজনিলৈ যাওঁতে সেইখিনি ঠাইত প্রায়ে গাড়ীৰ পৰা নামি, তাত দৰৱত দিবৰ বাবে থকা দুই–এজন সাক্ষী গোপাল আৰক্ষী লোকক তেওঁলোকৰ বৃত্তিগত কর্তব্যৰ কথা সোঁৱৰাই দি দুই–একাষাৰ টান কথা শুনাই বাট মোকলাই যাওঁ৷ ৰাষ্ট্রীয় ঘাই পথৰ এই অৰাজক অৱস্থাটো গজগজীয়া হৈছিল কাৰ আমোলত, কওঁ শুনক ঃ পথৰ দক্ষিণে ওপৰৰ পাহাৰটোত থকা ৰাজ্যিক অতিথিশালাটোত আমাৰ ‘অতিথি মুখ্য মন্ত্রী ৰূপে পোন্ধৰ বছৰ কটোৱা তৰুণ গগৈৰ আমোলত৷ এই দুৰৱস্থাৰ অৱসান ঘটাবলৈ আপোনাসৱে কিবা এটা কৰিব পাৰিবনে ?

পুচ্ছপটঃ দিনদিয়েক আগেয়ে উত্তৰ লক্ষীমপুৰ চহৰত ঈ ৰিক্সাচালক নে আন কোনোবা এজন আইন অমান্যকাৰী যুৱকক, প্রকৃতপক্ষে কর্মৰত, শ্রীমতী সংগীতা দাস নামৰ এগৰাকী আৰক্ষী লোকে ভালদৰে কচি কচি গোটাচেৰেক কাণতলীয়া চৰ দি চিধা কৰা দেখা গৈছিল বাকচৰ পর্দাত৷ শ্রীমতী দাসক মোৰ চালাম ৷

ফোনঃ ৯৮৬৪৩–৬৯৮২১

Comments (0)
Add Comment