চলিত বৰ্ষত ৰেচন কাৰ্ডৰ পৰা পেঞ্চনলৈ হোৱা কেইটামান পৰিৱৰ্তন

নিয়মীয়া বাৰ্তা ৩০ ডিচেম্বৰঃ ২০১৯ বৰ্ষটো দেশত কেইবাটাও গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হৈছিল। সেই পৰিৱৰ্তন সাধাৰণ জনতাৰ ওপৰতো পৰিছিল। এক দেশ ৰেছন কাৰ্ড ৰ লগতে সমগ্ৰ দেশতে একে গাড়ী চালকৰ অনুজ্ঞা পত্ৰৰ দৰে কেইবাটাও পৰিৱৰ্তন আহিছিল। ২০১৯ বৰ্ষৰ ১০ টা বিশেষ পৰিৱৰ্তন

এক দেশ এক ৰেচনঃ এক দেশ এক ৰেচন কাৰ্ড যোজনাৰ অধীনত ১৪ খন ৰাজ্যত আৰম্ভ কৰা হৈছিল। অতি সোনকালে সমগ্ৰ দেশতে এই যোজনা প্ৰযোজ্য হ’ব। এই যোজনাৰ অধীনত পূৰ্বৰ দৰে নিজ অঞ্চলত থকা চৰকাৰী সূলভ মূলৰ দোকানতহে ৰেচন ক্ৰয় কৰিব পাৰিছিল কিন্তু এতিয়া যিকোনো অঞ্চলত থকা চৰকাৰী সূলভ মূল্যৰ দোকানৰ পৰা সামগ্ৰী ক্ৰয় কৰিব পাৰিব।

সমগ্ৰ দেশতে একে গাড়ীৰ চালকৰ অনুজ্ঞাপত্ৰ আৰু গাড়ীৰ নথি পত্ৰঃ ৰাজ্য বিশেষে বেলেগ বেলেগ চালকৰ অনুজ্ঞা পত্ৰ বেলেগ হোৱাৰ বাবে বহু সমস্য়াৰ সন্মুখীন হয়। যাৰ বাবে কেন্দ্ৰই সমগ্ৰ দেশতে একে ধৰণৰ চালকৰ অনুজ্ঞাপত্ৰ বনোৱাৰ সিদ্ধান্ত লয়। ১ অক্টোবৰ ২০১৯ পৰা সমগ্ৰ দেশত চালকৰ অনুজ্ঞাপত্ৰ আৰু গাড়ীৰ নথিপত্ৰ একে ধৰণৰ বনোৱা হৈছে।

টোল গেটত ফাষ্টেগ ব্যৱস্থাঃ কেন্দ্ৰ চৰকাৰে ৰাষ্ট্ৰীয় ঘাইপথ সমূহৰ টোল প্লাজা সমূহত বাহন সমূহ চলাচল কৰাৰ ক্ষেত্ৰত ফাষ্টেগ অনিবাৰ্য । যদি কোনো বাহন বিনা ফাষ্টেগ ত টোল গেট পাৰ হয় তেতিয়া দুগুণ মূল্য ভৰিব লাগিব।

প্ৰথম ব্যক্তিগত ৰেলৰ চলাচলঃ লক্ষ্ণৌ আৰু নতুন দিল্লীৰ মাজত ৪ অক্টোবৰৰ পৰা প্ৰথমখন ব্যক্তিগত ৰেল টেজচৰ চলাচল আৰম্ভ কৰা হয়। এই ৰেলখন আই আৰ টি চিয়ে পৰিচালনা কৰিছে। এই ৰেল খন যাত্ৰাত বিলম্ব হলে যাত্ৰীক ক্ষতিপূৰণ দিয়া হব। ১ ঘণ্টা বিলম্ব হলে ১০০ টকা আৰু ২ ঘণ্টা বিলম্ব হলে ২৫০ টকাৰ ক্ষতিপূৰণ দিয়া হয়।

যানবাহন আইনৰ সলনিঃ যোৱা ১ ছেপ্টেম্বৰৰ পৰা সংশোধিত যান বাহন আইন প্ৰযোজ্য হয়। বিশেষকৈ পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবেই কেন্দ্ৰ চৰকাৰে ৩০ বছৰীয়া পুৰণি সংশোধিত আইনখন সংশোধন কৰা হৈছে। নতুন আইনত জৰিমণাৰ হাৰ সৰ্বাধিক কৰা হৈছে।

২৪ ঘণ্টা এনএফটিঃ যোৱা ১৬ ডিচেম্বৰৰ পৰা বেংকিংৰ ক্ষেত্ৰত সপ্তাহৰ সাত দিনতেই ২৪ ঘণ্টা এনএফটি কৰিব পাৰিব। এতিয়াৰে পৰা ২ লাখ টকা লৈকে এনএফটি কৰিব পাৰিব।

বিনা শ্বিপ থকা ডেবিট কাৰ্ড আৰু ক্ৰেডিট কাৰ্ড বন্ধঃ পুৰণি ডেবিট কাৰ্ড আৰু ক্ৰেডিট কাৰ্ড ৩১ ডিচেম্বৰ ২০১৯ৰ পিছত বন্ধ হৈ যাব। দৰাচলতে পুৰণি কাৰ্ড সমূহৰ পৰা গ্ৰাহকৰ তথ্য চুৰ কৰা সম্ভাৱনা থাকে যাৰ পৰিপেক্ষিতত এই কাৰ্ড সমূহ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। শ্বিপ থকা ডেবিট কাৰ্ড আৰু ক্ৰেডিট কাৰ্ড সমূহ গ্ৰাহকৰ তথ্য অধিক সুৰক্ষিত হৈ থাকিব বুলি অনুমান কৰা হৈছে।

আধাৰ কাৰ্ডৰ সৈতে পেন কাৰ্ড সংযুক্তঃ চলিক বৰ্ষতে আধাৰ কাৰ্ডৰ সৈতে পেন কাৰ্ডৰ সংযুক্ত অনিবাৰ্য কৰা হল। ৩১ ডিচেম্বৰৰ ভিতৰত যদি পেন কাৰ্ডৰ সৈতে যদি আধাৰ লগত পেন কাৰ্ড সংযুক্ত কৰা নহয় তেতিয়া পেন কাৰ্ড অম্যান্য কৰা হ’ব।

একক প্লাষ্টিক ব্যৱহাৰৰ বিৰুদ্ধে প্ৰচাৰঃ চলিত বৰ্ষতে চৰকাৰে একক ব্যৱহাৰ যোগ্য প্লাষ্টিক জাতীয় সামগ্ৰী নিষিদ্ধ কৰিছে। প্ৰথমে ধাৰণা কৰা হৈছিল যে ২ অক্টোবৰৰ পৰা এই একক ব্যৱহাৰ যোগ্য প্লাষ্টিক নিষিদ্ধ কৰা হ’ব বুলি কিন্তু চৰকাৰে স্পষ্ট কৰি দিলে যে এনেধৰণৰ কোনো সিদ্ধান্ত চৰকাৰে নলয়। কিন্তু একক ব্যৱহাৰ যোগ্য প্লাষ্টিক বৰ্জন কৰিবলৈহে প্ৰচাৰ কৰা দেখা হল।

পেঞ্চন নিয়মৰ পৰিৱৰ্তনঃ যোৱা অক্টোবৰৰ মাহৰ পৰা পেঞ্চন নিয়মৰ পৰিৱৰ্তন কৰা হৈছে। এই নতুন নিয়মৰ অধীনত ৭ বছৰতকৈ কম কাম কৰা চৰকাৰী কৰ্মচাৰীৰ মৃত্যু হলে তেওঁলোকৰ পৰিবাৰৰ কোনো সদস্যই পেঞ্চন লাভ কৰিব। এই পেঞ্চন ১০ বছৰলৈকে লাভ কৰিব।

Comments (0)
Add Comment