ডাঃ নৰেন্দ্র নাথ দত্তঃ এটি সপোন, কর্মৰ সাধনা আৰু দায়বদ্ধ জীৱন

পথাৰৰ বোকা–পানী গচকি, ওখোৰা–মোখোৰা আলিবোৰেদি লৰি–ঢ়াপৰিয়েই পাঠশালালৈ ঢ়াপলি মেলিছিল ল’ৰাজনে৷ কণমানিজনৰ দেউতাক যিহেতু গাঁৱৰ মণ্ডল আছিল, গতিকে গাঁওখনৰ আত্মীয়তাপূর্ণ পৰিৱেশত কণমানিজনে চুবুৰিৰ প্রায় ঘৰৰে বাৰীত নির্বিঘ্ণে প্রৱেশ কৰিছিল৷ আম গছৰ ডাল বগাই বগাই পকা আম গছৰ ওপৰতে খাই শেষ কৰা, পথৰুৱা বাট ভিৰভিৰাই দৌৰি কুঁহিয়াৰ বিচাৰি এখনৰ পাছত আনখন বাৰী চলাথ কৰা আদি দৈনন্দিন কাম আছিল৷ আকৌ বাৰিষাৰ আগমনৰ লগে লগে মেঘৰ গর্জন আৰু বিজুলীৰ চিকমিকনিয়ে বৰষুণত তিতি ভূৰ বা ভেলত নৌকাবিহাৰৰ আনন্দই সুকীয়া আছিল৷ ভূৰত উঠি ঘূৰি ফুৰোঁতে বৰশীৰ টোপ পানীত পেলাওঁতে এদিন এটা ডাঙৰ ভাঙোন মাছ লাগিল৷ বাৰিষা ঋতু শেষ হোৱাৰ লগে লগে আন এটা আনন্দময় পৰিৱেশৰ সৃষ্টি হয়৷ ঘৰৰ পিছফালে থকা পথাৰখনত লগ– সমনীয়াৰ লগত জাকৈ পাতি মাছ ধৰা, পথাৰত মৈ চলাওঁতে মাটিৰ ওপৰত জঁপিয়াই জঁপিয়াই ওলাই পৰা মাছবোৰ বোকা গচকি হাতেৰে ধৰাৰ অভিজ্ঞতাই বিচিত্র৷ সেই অভিজ্ঞতাৰ লগত সংপৃক্ত হৈ আছে স্কুলৰ স্মৃতি৷ কেৰাহীৰ ছাই, কেহেৰাজ গছৰ পাতৰ ৰসৰ মিশ্রণেৰে নিজে তৈয়াৰ কৰা চিয়াঁহী, পথাৰৰ পৰা বুটলি অনা চৰাইৰ পাখিৰ মূৰটো কাটি চিয়াঁহীত জুবুৰিয়াই কলপাতত বর্ণমালা লিখাৰ সেই পাঠশালাৰ দিনবিলাকৰ মধুৰ স্মৃতিৰ লগতে লাভ কৰিছিল জীৱনৰ আদিপাঠ৷ শৈশৱতে ফিট–ফাট পোছাক পিন্ধি অত্যন্ত ব্যস্ততাৰে গাঁৱৰ মাজেৰে চাইকেল চলাই যোৱা ব্যক্তিজনৰ পিছে পিছে দৌৰি মনতে শপত লৈছিল ময়ো এদিন ডাক্তৰ হ’ম৷ গুৱাহাটীৰ কিছু নিলগত টিহুৰ পৰা চাৰি কিলোমিটাৰ দূৰৈৰ ক্ষেত্রপাৰা নামৰ এখন অতি ভিতৰুৱা গাঁৱত জন্ম হৈছিল শৈশৱতে চিকিৎসক হোৱাৰ সপোন দেখা তেতিয়াৰ মেধা ছাত্র তথা বর্তমানৰ এজন প্রসিদ্ধ চিকিৎসক গুৱাহাটীস্থিত ডাউন টাউন হাস্পতালৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ডাঃ নৰেন্দ্র নাথ দত্তৰ৷
ব্রিটিছৰ দিনতে ককাক আছিল মণ্ডল৷ গতিকে ঘৰখনৰ চৌহদত আছিল এক ৰাজকীয় পৰিৱেশ৷ পিতৃ প্রয়াত সভানাথ দত্তই ১৯২০ চনতেই প্রথম বিভাগত অংকত লেটাৰ নম্বৰসহ মেট্রিক পাছ কৰি দৃষ্টান্ত দাঙি ধৰিছিল৷ পিতৃ পিতামহৰ পদাংক অনুকৰণ কৰিয়েই পৰৱর্তী সময়ত ডাঃ নৰেন্দ্র নাথ দত্ত আৰু আটাইকেইজন জ্যেষ্ঠ–কনিষ্ঠ সহোদৰে স্কুলীয়া দিনতে মেধা শক্তিৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছিল৷ হাতত ৰবাব টেঙা লৈ ঘূৰণীয়া পৃথিৱীৰ দৰে ভাবি কল্পনাৰ জগতত সোমাই পৰা ডাঃ দত্তই পৰৱর্তী সময়ত নিজৰ মেধা শক্তিৰ বাবেই পৃথিৱীৰ বিভিন্ন প্রান্তলৈ ভ্রমণৰ সুযোগ পাইছিল৷ ষাঠিৰ দশকৰ প্রথম ভাগতে ডাঃ নৰেন্দ্র নাথ দত্তই গুৱাহাটী মেডিকেল কলেজত চিকিৎসা শাস্ত্রৰ ছাত্র জীৱন আৰম্ভ কৰে৷ শিক্ষা সমাপ্ত কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়তে কনিষ্ঠ চিকিৎসক হিচাপে কার্যনির্বাহ কৰাৰ পাছত দিল্লীৰ এইম্ছৰ পৰা এম এছ পাছ কৰি আহি সুৰেন্দ্র নাথ শর্মাৰ নির্দেশত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শিক্ষকতা আৰম্ভ কৰে৷ নাক–কাণ–ডিঙি বিভাগৰ ৰেজিষ্ট্রাৰ হিচাপে সাত বছৰ কাম কৰাৰ পাছত ব্রিটিছ কমনৱেলথ ফেল’শ্বিপৰ সুযোগ লাভ কৰি ইংলেণ্ডলৈ ৰাওনা হয় আৰু দত্তদেৱৰ প্রিয় বিষয় ‘মাইক্র’ছার্জাৰী’ত উচ্চ শিক্ষা লাভ কৰিবলৈ সক্ষম হয়৷ বিগত শতিকাৰ সত্তৰ দশকত গুৱাহাটী মেডিকেল কলেজত শিক্ষকতা কৰি থকাৰ সময়ত ছ’চিয়েল ছার্ভিচৰ ইনচার্জ ৰূপে কাম কৰি দুখীয়া ৰোগীসকলৰ বাবে মেডিকেল কলেজ চৌহদত গছৰ তলত এটি সমাজ সেৱা কেন্দ্র স্থাপন কৰিছিল৷ চিকিৎসক হিচাপে সকলোখিনি কাম নিয়াৰিকৈ কৰি থকাৰ পাছতো চাকৰি জীৱনৰ বান্ধোনে আমুৱাইছিল চিকিৎসকজনক আৰু নিজে কিবা এটা কৰাৰ উদ্যম আৰু ইচ্ছাই তেওঁক আগুৱাই যাবলৈ আহ্বান দি থাকিল৷ কেতবোৰ বিশেষ কাৰকৰ বাবেই আশীৰ দশকৰ আৰম্ভণিতে চৰকাৰী চাকৰি ত্যাগ কৰি, বেচৰকাৰী খণ্ডত চিকিৎসালয় খোলাৰ সপোনৰ উকমুকনি ঘটিল৷ তাৰ ফলত গুৱাহাটী ডাউন টাউন হাস্পতাল স্থাপন হ’ল৷
আমেৰিকাৰ চহৰ ‘ডাউন টাউন’ ভ্রমণৰ সময়তে চিকিৎসক দত্তৰ মনত হাস্পতাল এখন গঢ়ি তোলাৰ অনুভৱে দোলা দি গৈছিল কাৰণেই হাস্পতালখনৰ নামৰ কথা চিন্তা কৰোঁতে ডাউন টাউন শব্দটোৱে আটাইতকৈ উপযুক্ত বুলি বিবেচনা কৰা হৈছিল৷ কাৰণ ডাঙৰ–সৰু সকলোৱে নির্ভুলভাৱে সহজেই উচ্চাৰণ কৰিব পাৰে৷ হাতত থকা তাকৰীয়া মূলধন আৰু জি এছ ৰোডৰ মাটিডোখৰক সম্পদ হিচাপে লৈ ১৯৮৫ চনত আৰম্ভ কৰা হ’ল হাস্পতালৰ পৰিকল্পনা৷ প্রথমতে একক প্রচেষ্টাৰে নানা বাধা–বিঘিনিৰ মাজেৰে আগবঢ়া সেই যাত্রাৰ কথা মনত পেলালে এতিয়াও শিহৰিত হৈ উঠে ডাঃ দত্ত৷ ইলেক্ট্রিচিটী ব’ডৰ অনুমতি, পলিউচন ব’ডৰ অনুমতি, আদি নানা অনুমতি বিচাৰি তেওঁ কার্যালয়ে কার্যালয়ে ঘূৰি তিক্ততাপূর্ণ অভিজ্ঞতাৰো সন্মুখীন হৈছিল৷ লগতে অর্থই আন এটা জটিল বিষয় হিচাপে দেখা দিছিল৷ এক কোটিৰো অধিক অর্থ হাস্পতাল পৰিকল্পনাত প্রয়োজন হ’ল৷ দুই কন্যা সন্তানৰ নামত জমা ৰখা টকা, পৰিয়ালৰ আত্মীয়ৰ পৰা ধাৰ লৈ পঁচিশ লাখ টকা মূলধন যোগাৰ কৰি,AIDCৰ পৰা ঋণ লোৱা হ’ল৷ প্রথমতে পাঁচটা মহলাৰ পৰিকল্পনাৰে বর্তমান স্থানতে ডাউন টাউন হাস্পতাল স্থাপন হ’ল৷ ছয়ত্রিশখন বিছনা, ছটা অপাৰেচন কক্ষ নিখুঁতভাৱে স্থাপন কৰা হ’ল৷ অতি সুন্দৰভাৱে হাস্পতালৰ কাম–কাজ আগবাঢ়িল৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত কর্মৰত অৱস্থাত, সামাজিক কাম–কাজ কৰোঁতেও ডাঃ দত্ত অতি জনপ্রিয় আছিল৷ পাছত হাস্পতালখন স্থাপন কৰাত চিকিৎসা মহাবিদ্যালয়ৰ পৰা অৱসৰ গ্রহণ কৰা চিকিৎসকসকলে স্ব–ইচ্ছাৰে ডাউন টাউনত চিকিৎসা প্রদান কৰিবলৈ আহিল৷ এনেদৰে ডাউন টাউন হাস্পতাল খুব ভালদৰে আগবাঢ়িল৷ ইতিমধ্যে লণ্ডন আৰু নিউয়র্ক ভ্রমণৰ সময়ত অত্যাধুনিক সা–সুবিধাৰ হাস্পতালসমূহ ভ্রমণ কৰি সকলো পৰিকল্পনা প্রয়োগ কৰিব খুজিছিল ডাউন টাউন হাস্পতালত৷ দ্বিতীয়বাৰ ঋণ লোৱা হ’ল আই ডি বি বেংকৰ পৰা আৰু হাস্পতালৰ পৰিসৰ বৃদ্ধি কৰা হ’ল৷ ইউকো বেংকে ঋণ আগবঢ়ালে৷ হাস্পতালখনে ক্রমে পূর্ণতা লাভ কৰিলে৷ সময়ত সকলো ঋণ ঘূৰাই বেংকৰ ওচৰতো এজন আস্থাভাজন গ্রাহক হৈ পৰিল৷ সেই সময়তে কাষৰ মাটিখিনি কিনিবৰ বাবে এল আই চি আৰু আইডিবিআই বেংকে ঋণ প্রদান কৰিবলৈ আগবাঢ়ি আহিল৷ এনেদৰে ডাউন টাউন হাস্পতালে পূর্ণ পর্যায়লৈ গতি কৰিলে৷
ডাঃ নৰেন্দ্র নাথ দত্তৰ এই যাত্রাত পূর্ণ সহায় আগবঢ়াইছিল তেওঁৰ পত্নী অধ্যাপিকা বন্দনা দত্তই৷ কটন মহাবিদ্যালয়ৰ নৃতত্ত্ব বিভাগৰ ৩৫ বছৰ অধ্যাপনা কৰি বিভাগৰ মুৰব্বী হিচাপে অৱসৰ গ্রহণ কৰে৷ লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা’School of Oriental and African Studies’ বিষয়ক বিশেষ পাঠ্যক্রম সমাপ্ত কৰা বন্দনা দত্ত হাস্পতালখনৰ আৰম্ভণিৰে পৰাই প্রম’টাৰ ডাইৰেক্টৰ হিচাপে ফুড ছার্ভিচ আৰু হাউছ কিপিঙৰ সম্পূর্ণ দায়িত্ব গ্রহণ কৰাৰ লগতে প্রতিষ্ঠানটিত কর্মৰত বিভিন্ন পর্যায়ৰ প্রতিগৰাকী মহিলা কর্মচাৰীৰ লগত প্রত্যক্ষ যোগাযোগ ৰাখিছিল৷ অসমৰ সাংস্কৃতিক সমাজ জীৱনৰ এটি পৰিচিত নাম প্রয়াত হৰিনাৰায়ণ দত্তবৰুৱাৰ কনিষ্ঠা কন্যা অধ্যাপিকা বন্দনা দত্তই শৈশৱতে লাভ কৰিছিল সংস্কৃতিৰ এক বর্ণাঢ়্য পৰিৱেশ৷ সেইবাবেই হয়তো সংগীত তেওঁৰ শৈশৱৰ লগৰী হ’ল৷ পাঠ্যপুথিৰ শিক্ষা সমাপ্ত কৰাৰ লগে লগে শাস্ত্রীয় সংগীতৰো শিক্ষা সমাপ্ত কৰি অনাতাঁৰ কেন্দ্রৰ স্বীকৃতিপ্রাপ্ত শিল্পীগৰাকীয়ে বিদ্যালয়–মহাবিদ্যাল্ শ্রেষ্ঠ গায়িকাৰ আসন অলংকৃত কৰি পৰৱর্তী সময়ত শিক্ষকতা, সংগীতৰ সাধনা দুয়োটা বৃত্তি যতি নপৰাকৈ আগবঢ়াই নিছিল৷ আজিও অত্যন্ত ব্যস্ত কর্মজীৱনত যতি নপৰাকৈয়ে চলাই আছে নিতৌ নতুন পৰিকল্পনাৰে সংগীতৰ যাত্রা৷ ডাঃ নৰেন্দ্র নাথ দত্তৰ তিনিটা সন্তান৷ প্রথম কন্যা ময়ূৰাক্ষী দত্ত, তেওঁ অষ্ট্রেলিয়াৰ গ্রিফিট বিশ্ববিদ্যালয়ৰ পৰা এম বি এ ডিগ্রী গ্রহণ কৰি বর্তমান ডাউন টাউন হাস্পতালত কার্যবাহী সঞ্চালক হিচাপে কর্মৰত, দ্বিতীয় কন্যা গৰীয়সী দত্ত টিচৰ পৰা এম এছ ডব্লিউ ডিগ্রী গ্রহণ কৰি বর্তমান ডাউন টাউন হাস্পতালত চাইক্রেট্রী আৰু চাইক’লজিকেল কাউঞ্চিলিং থেৰাপিষ্ট বিভাগৰ কাউঞ্চিলৰ হিচাপে কর্মৰত৷ একমাত্র পুত্র জ্যোতিষ্মান দত্ত ডাউন টাউন বিশ্ববিদ্যালয়ৰ লগত প্রত্যক্ষভাৱে জড়িত, লগতে ডাউন টাউন এণ্টাৰপ্রাইজ লিমিটেডৰ পৰিচালন সঞ্চালক৷ দুয়োজন জোঁৱায়েক বিশিষ্ট চিকিৎসক আৰু একমাত্র বোৱাৰী সন্দিকৈ মহাবিদ্যালয়ৰ অধ্যাপিকা৷ পিতৃ–মাতৃয়ে তিনিও সন্তানকে শৈশৱৰে পৰা অতি সাধাৰণভাৱে জীৱন নির্বাহ কৰাৰ লগতে কর্মমুখী শিক্ষাৰে শিক্ষিত কৰি তুলিছিল৷ তাৰ ফলত আজি তিনিও সন্তান পিতৃ–মাতৃৰ পদাংক অনুকৰণ কৰিয়েই ডাউন টাউন নামৰ বৃহৎ প্রতিষ্ঠানটিক আগুৱাই নিয়াত দৃঢ় পদক্ষেপেৰে আগবাঢ়িছে৷
হাস্পতাল পূর্ণগতিত আগবঢ়াৰ পাছত ডাঃ নৰেন্দ্র নাথ দত্তৰ শিক্ষক মনটোৱে আকৌ শিক্ষাৰ ক্ষেত্রখনলৈ ঢ়াপলি মেলিব বিচাৰিলে৷ এখন মেডিকেল কলেজ খোলাৰ পৰিকল্পনা মনতে যুগুত কৰিলে, পৰিকল্পনা মতে কাম আগবাঢ়িল৷ ডাউন টাউন হাস্পতাল কর্তৃপক্ষৰ পৰা এটি ট্রাষ্ট গঠন কৰা হ’ল৷ হাস্পতালৰ তৰফৰ পৰাই মেঘালয়ৰ উপকণ্ঠ অঞ্চলকে ধৰি অসমৰ বিভিন্ন প্রান্তত প্রাকৃতিক দুর্যোগৰ সময়ত সাহায্য প্রদানকে আদি কৰি বিভিন্ন সামাজিক কাম–কাজ কৰি থকা হৈছিল৷ ইতিমধ্যে ডাউন টাউন হাস্পতালত নার্ছিং স্কুল আৰু এলাইট ডিপ্ল’মাৰ শ্রেণীসমূহ খোলা হৈছিল৷ নতুন নতুন পৰিকল্পনাৰে সদায় ঊর্ধ্বমুখী গতিৰে আগবঢ়া ডাঃ দত্তৰ মনত মেডিকেল কলেজ স্থাপনৰ পৰিকল্পনাৰ প্রথম উকমুকনি ঘটিছিল নব্বৈৰ দশকৰ আৰম্ভণিতে৷ তেতিয়াৰ মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তই পানীখাইতিত নব্বৈ বিঘা চৰকাৰী মাটি দান দিছিল৷ কাষৰ প্রায় পঞ্চাশ বিঘা মাটি হাস্পতাল কর্তৃপক্ষই কিনি ল’লে৷ বেংকৰ পৰা বৃহৎ অংকৰ ঋণ লৈ ঘৰ–দুৱাৰ নির্মাণ কৰাৰ পাছত নব্বৈ দশকৰ আৰম্ভণিৰ ছয়–সাত বছৰ ডাঃ নৰেন্দ্র নাথ দত্তই অপৰিসীম শাৰীৰিক আৰু মানসিক কষ্টৰ মাজেৰে সময় অতিবাহিত কৰিবলগীয়া হ’ল৷ ৯ বাৰ সম্পূর্ণ পর্যবেক্ষণৰ পাছতো মেডিকেল কাউঞ্চিলে মেডিকেল কলেজ স্থাপন কৰিবলৈ অনুমতি প্রদান নকৰিলে৷ বৃহৎ পৰিমাণৰ ঋণৰ বোজা, নতুন পৰিকল্পনাৰ অনিশ্চিত ভৱিষ্যৎ, ভাৰাক্রান্ত ডাঃ নৰেন্দ্র নাথ দত্ত হূদৰোগত আক্রান্ত হ’ল৷ ঘৰ–দুৱাৰ, মাটি–বাৰী সকলো আছে, কিন্তু পৰিকল্পনা মতে নতুন প্রকল্প স্থাপন কৰিব পৰা নাই৷ আনফালে আকৌ পানীখাইতিৰ সেই নির্মীয়মাণ বিল্ডিঙত অর্থনৈতিকভাৱে জুৰুলা ব্যক্তিসকলক বিনামূলীয়া চিকিৎসা প্রদান কৰি থকাও হৈছিল৷ ইতিমধ্যে জানিব পৰা গ’ল ডনবস্ক’ই আজাৰাত এখন বিশ্ববিদ্যালয় স্থাপন কৰিছে৷ এই খবৰে ডাঃ দত্তৰ মনত আশাৰ সঞ্চাৰ কৰিলে৷ যিহেতু পানীখাইতিত ডেৰশ বিঘা মাটিৰ এটি বৃহৎ চৌহদ, পাঁচ লাখ বর্গ ফুটৰ কেইবামহলীয়া ঘৰ আছেই, গতিকে ডাঃ দত্তয়ো চৰকাৰৰ ওচৰত বিশ্ববিদ্যালয় খোলাৰ অনুমতি বিচাৰি আবেদন জনালে৷ চৰকাৰী কর্তৃপক্ষই নথি–পত্রসমূহ পৰীক্ষা কৰি বিশ্ববিদ্যালয় স্থাপনৰ অনুমতি প্রদান কৰিলে৷ ফলত ডাউন টাউন অসমত দ্বিতীয়খন ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয় হিচাপে স্বীকৃত হ’ল৷ সেই সময়তে একমাত্র পুত্র জ্যোতিষ্মান শিক্ষা সমাপ্ত কৰি পিতৃক সহায় কৰিবলৈ স্ব–গৃহলৈ ঘূৰি আহিছিল৷ পত্নী অধ্যাপিকা বন্দনা দত্তয়ো শিক্ষকতা জীৱনৰ পৰা অৱসৰ গ্রহণ কৰি, মাতৃ–পুত্রই পূর্ণ পর্যায়ত বিশ্ববিদ্যালয়ৰ কাম–কাজত অংশগ্রহণ কৰিবলৈ আগবাঢ়ি আহিল৷ মেডিকেল কলেজ স্থাপন কৰাৰ পৰিকল্পনাৰ দিনৰে পৰাই নন্দিতা চৌধুৰীক অধ্যক্ষৰ আসন দিয়া হৈছিল৷ পাছত ভি চি হিচাপেও তেওঁ যথেষ্ট সহায়ৰ হাত আগবঢ়াইছিল৷ লাহেকৈ ডাউন টাউন বিশ্ববিদ্যালয়ৰ কাম–কাজ আৰম্ভ হ’ল৷ প্রথমে অভিযান্ত্রিক আৰু ফার্মাচী বিভাগ আৰম্ভ হ’ল৷ তাৰ পাছত আৰম্ভ হ’ল পেৰামেডিকেল বিভাগ৷ নার্ছিং কলেজ এখন আগৰে পৰাই আছিলেই, ফিজি’থেৰাপী, ফার্মাক’লজী আদি বিষয়সমূহ আৰম্ভ কৰা হ’ল৷ অভিযান্ত্রিক শাখাৰ পাঠ্যক্রমো আৰম্ভ কৰা হ’ল, হাস্পতাল এডমিনিষ্ট্রেচনৰ এম বি এৰ শ্রেণীসমূহো আৰম্ভ হ’ল৷ এলাইট হেল্থ ছায়েঞ্চত বিশেষকৈ ৰেডি’লজী টেকনিচিয়ান, লেবৰেটৰী টেকনিচিয়ান, অ’টি টেকনিচিয়ান, এনাস্থেচিয়া টেকনিচিয়ানকে আদি কৰি সোতৰটা টেকনিচিয়ানৰ পাঠ্যক্রম আৰম্ভ কৰা হ’ল৷ অতি সম্প্রতি ক্লাউড টেকন’লজীৰ পাঠ্যক্রমো প্রদান কৰি থকা হৈছে৷ ইতিমধ্যে কেন্দ্রীয় চৰকাৰে বিশ্ববিদ্যালয়ৰ ছাত্রসকলক বিদেশলৈ পঠিয়াবলৈ অনুৰোধ কৰি পূর্ণ সহায় আগবঢ়োৱাৰ আশ্বাস দিছিল৷ আৰম্ভ হ’ল কমার্চ, মেনেজমেণ্ট, হিউমেনিটিজ আৰু ছ’চিয়েল ছায়েঞ্চৰ বিভিন্ন পাঠ্যক্রম৷
২০১০ চনৰ ২৯ এপ্রিলত কার্যকৰীভাৱে আৰম্ভ হোৱা ডাউন টাউন বিশ্ববিদ্যালয়ে বর্তমান ড০ অমৰজ্যোতি চৌধুৰী, প্রফেছৰ এইচ কে দাসৰ দৰে সমল ব্যক্তি, তিনিশৰো অধিক ফেকাল্টীৰ সহযোগত ৬ হাজাৰতকৈও অধিক ছাত্র–ছাত্রীক শিক্ষা প্রদান কৰি আছে৷ উত্তৰ–পূর্বাঞ্চল, ভাৰতবর্ষৰ বিভিন্ন প্রান্তৰ উপৰি নেপাল, ভূটান, বাংলাদেশ আৰু আফ্রিকাৰ ছাত্র–ছাত্রীও বর্তমান ডাউন টাউন বিশ্ববিদ্যালয়ত অধ্যয়নৰত৷ ছাত্র–ছাত্রীসকলৰ শাৰীৰিক–মানসিক উৎকর্ষ সাধনত বিশেষ গুৰুত্ব দিয়া বিশ্ববিদ্যালয় কর্তৃপক্ষই ফুটবল ফিল্ড, বাস্কেট বল ফিল্ড, বেডমিণ্টন ক’ট, ছুইমিং পুল আৰু এম পি থিয়েটাৰ হলো স্থাপন কৰিছে৷ বিশ্ববিদ্যালয় চৌহদত হাঁহ, গৰু, কুকুৰা পুহি, পচন সাৰ তৈয়াৰ কৰি শাক–পাচলিৰ খেতিত বিশেষ গুৰুত্ব প্রদান কৰা হৈছে৷ বর্তমান পার্ফমিং আর্টত বিশেষ গুৰুত্ব প্রদান কৰা বিশ্ববিদ্যালয়খনে সত্রীয়া নৃত্য আৰু বৰগীতৰ পদ্ধতিগত শিক্ষাৰে ডিগ্রী প্রদানত বিশেষ গুৰুত্ব প্রদান কৰিছে৷ ডিপ্ল’মা, গ্রেজুৱেট, প’ষ্ট গ্রেজুৱেট পি এইচ ডি ডিগ্রীলৈকে পূর্ণ পাঠ্যক্রম আগবঢ়োৱা বিশ্ববিদ্যালয়ৰ স্বপ্ণদ্রষ্টা ডাঃ দত্তই পৰিয়ালৰ সহযোগত অসমৰ বিভিন্ন প্রান্তত বিদ্যালয় স্থাপনৰ পৰিকল্পনা হাতত লৈছে৷ ইতিমধ্যে দাৰিদ্র্য সীমাৰেখাৰ তলৰ ছাত্র–ছাত্রী কেইবাজনকো বিশ্ববিদ্যালয়ত বিনামূলীয়াকৈ পঢ়ুৱাই থকাৰ লগতে বিশ্ববিদ্যালয়ৰ সমীপৰ ‘ৰাজবাৰী’ গাঁওখন অধিগ্রহণ কৰি ল’ৰা–ছোৱালীখিনিক শিক্ষা প্রদান কৰাৰ লগতে ভৱিষ্যতে কর্মসংস্থাপনৰ বাট মুকলি কৰি দিছে৷ শিক্ষা আৰু স্বাস্থ্যখণ্ডত অতিশয় গুৰুত্বপূর্ণ পদক্ষেপ গ্রহণ কৰি কর্মৰ যোগেদি নিদর্শন দাঙি ধৰা ডাঃ নৰেন্দ্র নাথ দত্ত, বন্দনা দত্ত আৰু ডাউন টাউন পৰিয়ালবর্গ বর্তমান সময়ত সকলোৰে বাবে এক নিদর্শন৷

Featured
Comments (0)
Add Comment