বিজেপিৰ ভৱিষ্যৎ

দিল্লীৰ বিধানসভা নিৰ্বাচনত পৰাজয় বৰণ কৰাৰ আগতেও ইখনৰ পাছত সিখনকৈ ৰাজ্যত বিজেপিয়ে বিধানসভাৰ নিৰ্বাচনত পৰাজয়বৰণ কৰিবলগীয়া হৈছিল । সেই কাৰণে দিল্লীৰ সাধাৰণ নিৰ্বাচনত বিজেপিয়ে মৰণপণ যঁজ কৰিবলগীয়া হৈছিল । দিল্লীৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে সৰ্বশক্তি প্ৰয়োগ কৰি যুদ্ধত অৱতীৰ্ণ হৈছিল, কাৰণ ই একপ্ৰকাৰে আছিল তেওঁলোকৰ অস্তিত্ব ৰক্ষাৰ যুদ্ধ । কিন্তু বিজেপিৰ সকলো চেষ্টা অথলে গ’ল । বিজেপি শোচনীয়ভাৱে পৰাজিত হ’ল । গতিকে বিজেপিৰ এতিয়া নিৰ্মম আত্মসমালোচনাৰ সময় আহি পৰিছে ।

এজন শিক্ষিত আৰু সচেতন নাগৰিক তথা ভোটদাতা হিচাপে মই ক’ব খোজোঁ যে বিজেপিয়ে আটাইতকৈ ডাঙৰ ভুল কৰিছে কৰিবলগীয়া কৰিবলগীয়া কামৰ অগ্ৰাধিকাৰ নিৰূপণ কৰাত । অৰ্থাৎ কোনবোৰ কাম জৰুৰীভাৱে সৰ্বপ্ৰথমে কৰিবলৈ বাছি উলিয়াব লাগিব আৰু কোনবোৰ কাম লাহে-ধীৰে কৰিবলৈ পিছলৈ থ’ব লাগিব, সেই কথা নিৰ্ণয় কৰাত বিজেপিয়ে ডাঙৰ ভুল কৰিছে । ভাৰতত যদিও কেইশমান ধনকুবেৰৰ উত্থান ঘটিছে আৰু কেইকোটিমান মানুহৰ এটা শক্তিশালী মধ্যবিত্ত শ্ৰেণী গঢ় লৈ উঠিছে, তথাপিতো সকলো ঘৰণৰ ব্যৱহাৰিক বিচাৰত ভাৰত এখন অতি দৰিদ্ৰ মানুহৰ দেশ । পৃথিৱীৰ আটাইতকৈ বেছি দৰিদ্ৰ মানুহ ভাৰতত বাস কৰে । মহাত্মা গান্ধীয়ে এই দৰিদ্র মানুহবোৰৰ কথা মনত ৰাখিয়েই কৈছিল যে এখন ৰুটীয়েই হ’ল দৰিদ্র মানুহৰ আচল ভগৱান৷ কিন্তু বিপুল জনসমর্থন লৈ ক্ষমতালৈ অহা বিজেপিয়ে দেশৰ কোটি কোটি দৰিদ্র মানুহৰ মুখত একোখন ৰুটী গুঁজি দিবলৈ চেষ্টা কৰাৰ পৰিৱর্তে বহুত বেছি সময় আৰু শক্তি ব্যয় কৰিছে হিন্দুত্বৰ লগত জড়িত কথাবোৰৰ ওপৰত৷ অর্থাৎ জৰুৰী অর্থনৈতিক বিষয়বোৰত দিবলগীয়া গুৰুত্ব নিদি কেৱল ৰাজনৈতিক শক্তি বৃদ্ধিৰ চেষ্টাত বেছি ব্যস্ত হৈ পৰাৰ কাৰণে বিজেপিৰ শাসনৰ সময়ছোৱাত দেশত বৃহত্তম অর্থনৈতিক সংকটে দেখা দিছে৷ নিবনুৱাৰ সংখ্যাই যোৱা ৪৫ বছৰৰ অভিলেখ ভংগ কৰিছে৷ মহাত্মা গান্ধীয়ে ভগৱান আখ্যা দিয়া ৰুটীৰ সমস্যাৰ সমাধানত অধিক গুৰুত্ব দিয়াৰ পৰিৱর্তে বিজেপিয়ে বেছি গুৰুত্ব দিছে ৰাম মন্দিৰ নির্মাণত, ভাৰতৰ বিভিন্ন ঠাইবোৰৰ মুছলমানী নাম সলনি কৰি হিন্দু নাম দিয়াৰ ওপৰত, গৰুৰ নামত সাম্প্রদায়িক উত্তেজনা সৃষ্টি কৰাৰ কামত৷ এজন শিক্ষিত আৰু সচেতন ভোটদাতা হিচাপে ক’ব খোজোঁ যে বিজেপিয়ে সর্বপ্রথমে ভাৰতৰ কোটি কোটি দৰিদ্র জনতাৰ ভাত–কাপোৰৰ সমস্যা সমাধানত অগ্রাধিকাৰ দি তেওঁলোকৰ হূদয় জয় কৰি লোৱাৰ পিছত বাকী ৰাজনৈতিক আৰু সাংস্কৃতিক কার্যসূচীবোৰ ৰূপায়ণ কৰিবলৈ লোৱা হ’লে ভোটযুদ্ধত ইমান সোনকালেই বিজেপিৰ বোধহয় ইমান ডাঙৰ বিপর্যয় নহ’লহেঁতেন৷
কেন্দ্রত বিজেপি হয়তো আকৌ ক্ষমতালৈ আহিব পাৰে, কাৰণ ৰাষ্ট্রীয় স্তৰত বিজেপিক প্রত্যাহ্বান জনাব পৰা কোনো ৰাজনৈতিক শক্তিৰ উত্থান এতিয়ালৈকে চকুত পৰা নাই৷ অসমতো মাত্র এবছৰৰ পিছত হ’ব লগা বিধানসভা নির্বাচনত বিজেপিৰ জয়ৰ সম্ভাৱনাই বেছি, কাৰণ বিজেপিক প্রত্যাহ্বান জনাব পৰা ৰাজনৈতিক শক্তিৰ উত্থান অসমতো পৰিলক্ষিত হোৱা নাই৷ কিন্তু এনেবোৰ বিক্ষিপ্ত জয়ৰ কাহিনীয়ে শেষপর্যন্ত বিজেপিক বিশেষ সহায় কৰিব নোৱাৰিব৷ কেন্দ্রত বিজেপিৰ শাসন প্রতিষ্ঠিত হ’লেও যদিহে বেছিভাগ ৰাজ্য বা আনকি প্রধান ৰাজ্যকেইখন বিৰোধীৰ দখললৈ যায়, তেন্তে কেন্দ্রত ক্ষমতাত থাকিলেও বিজেপিৰ বিশেষ একো লাভ নহ’ব৷ সংক্ষেপে ইয়াকে ক’ব পাৰি যে বিজেপিৰ ইতিমধ্যে নৈতিক আৰু আদর্শগত পৰাজয়ৰ প্রক্রিয়া আৰম্ভ হৈছে৷ নির্মম আত্মসমালোচনা কৰি বিজেপিয়ে নিজৰ ভুলবোৰৰ শুধৰণি কৰিবলৈ চেষ্টা নকৰিলে বিজেপিৰ বিপদ অনিবার্য৷

Featured
Comments (0)
Add Comment