বিধ্বংসী মালিংগা, শচীন তেণ্ডুলকাৰে কিয় চোৱা নাছিল মালিংগাৰ জপৰা চুলি?

-প্ৰণৱ জ্যোতি

বিশ্বৰ সকলো বেটছমেনৰ মূৰৰ কামোৰণি একমাত্ৰ বলাৰজনেই হৈছে লাচিথ মালিংগা । ২০০৪ চনত শ্ৰীলংকা ক্ৰিকেট দলত প্ৰথম বাৰ স্থান লাভ কৰিছিল মালিংগাই । কিন্তু বিধ্বংসী য়কাৰৰ লগতে বিষাক্ত বাউন্সাৰ বাবে পৰিচিত এইগৰাকী খেলুৱৈ আজিও প্ৰতিগৰাকী বেটছমেনৰ ত্ৰাসৰ কাৰণ হৈ আছে ।

জপৰা চুলিৰে বলটো লৈ ক্ৰিজত বলৰ কৰাৰ বাবে দৌৰাৰ সময়তে সকলোৱে দৃষ্টি নিবদ্ধ কৰে মালিংগাৰ সেই বলিং একচনটোলৈ । কাৰণ সেই বলটো বিধ্বংসী য়কাৰেই হ’ব নে বিষাক্ত বাউন্সাৰ বা তাক কেনেকৈ বেটছমেনজনে মুখামুখি হ’ব সকলো ক্ৰীড়াপ্ৰেমীয়েই যেন জানিবলৈ উৎসুক হৈ পৰে ।

এবাৰ এটা সাক্ষাৎকাৰত মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰক যেতিয়া সোধা হৈছিল যে তেওঁ মালিংগাৰ বিধ্বংসী  বলক কেনেকৈ প্ৰত্যাক্ৰমণ কৰে, উত্তৰত তেওঁ কৈছিল- মই মালিংগাৰ জপৰা চুলিলৈ ধ্যান নিদিওঁ, সদায়েই বলটো কেনেকৈ এৰিছে তালৈ লক্ষ্য কৰি বলটো কেনেকৈ খেলিম নিমিষতে সিদ্ধান্ত কৰোঁ ।

২০১১ ৰ ২২ এপ্ৰিলত টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰা লাচিথ মালিংগাই ২০১৯ ৰ ২৬ জুলাইত এদিনীয়া ক্ৰিকেটৰ পৰাও অৱসৰ লয় ।

লাচিথ মালিংগাৰ শীৰ্ষ কেইটামান অভিলেখ এনেধৰণৰ-

  • ২০১৪ ত মালিংগাৰ নেতৃত্বতে শ্ৰীলংকাই জিকিছিল টি-২০ বিশ্বকাপ
  • বিশ্বৰ প্ৰথমজন এনে ব’লাৰ যিয়ে ২ বাৰকৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত একেলেথাৰিয়ে ৪ টা বলত ৪ টাকৈ উইকেট দখল কৰিছে । (২০০৭ ত দক্ষিণ আফ্ৰিকা আৰু ২০১৯ ত নিউজিলেণ্ড)
  • টি-২০ ৰ লগতে ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে দ্ৰুততম ১০০ উইকেট দখল কৰা প্ৰথমজন খেলুৱৈ
  • বিশ্বকাপত ২ বাৰকৈ হেটট্ৰিকৰ খিতাপ অৰ্জন কৰা একমাত্ৰ খেলুৱৈ হৈছে মালিংগা
  • আই পি এল ইতিহাসতো তেওঁৰ নামতে আছে সৰ্বাধিক উইকেট লাভ কৰাৰ অভিলেখ

ইপিনে আগন্তুক টি-২০ বিশ্বকাপ খেলিয়েই টি-২০ ৰ পৰাও অৱসৰ ল’ব মালিংগাই । যাৰ পিছত হয়টো য়কাৰমেন মালিংগাৰ বিধ্বংসী বলিং একচন ইতিহাস হৈয়ে ৰ’ব ।

এইজন লাচিথ মালিংগা দেওবাৰে বৰ্ষাপাৰালৈ প্ৰথম আৰু অন্তিমবাৰলৈ আহিছিল । ভাৰত-শ্ৰীলংকাৰ ৩ খন টি-২০ শৃংখলাৰ খেলৰ বাবে অসমত উপস্থিত হোৱাৰ পিছতে অসমৰ ক্ৰিকেটপ্ৰেমীৰ মাজত উছাহ দুগুণে বৃদ্ধি পাইছিল । পিচে বৰষুণৰ বিধি পথালিৰ বাবে খেলখন বাতিল হোৱাত অসমৰ ক্ৰিকেটপ্ৰেমীয়ে মালিংগাক এবাৰ ওচৰৰ পৰা চোৱাৰ সুযোগ হেৰুৱাবলগীয়া হ’ল ।

FeaturedLasith Malingaলাচিথ মালিংগা
Comments (0)
Add Comment