মানুহে মিছাৰ সহায় ল’বলগীয়া হয় কিয় ?

  • দেৱান ৰাম বড়ো

সকলো ধর্মতে মিছা কথা কোৱা বা মিছাৰ সহায় লোৱাটো পাপ বুলি গণ্য কৰা হয়৷ সেয়েহে কোনো মিছলীয়াক মিছা কথা নক’বলৈ ‘মিছা কথাত ঠেং চুটি’ এই প্রবচনফাঁকিৰে সকীয়নি দিয়া হয়৷ মিছা কথা কোৱা বা মিছাৰ সহায় লোৱাসকল পিছৰ জনমত নহয়, এই জনমতে হেনো পাপৰ কুফল ভোগ কৰিবলগীয়া হয় বুলি সাধু লোকে কোৱা শুনা যায়৷ পিছে মিছা কথা ক’লে পাপৰ কুফল ভোগ কৰিবলগীয়া হয় বুলি বিশ্বাস কৰাসকল (নকৰাসকলক বাদে) কিয় মিছাৰ সহায় লয় বা ল’বলগীয়া হয়? এইটো সঁচা যে বেছিভাগ লোকেই কোনো বিশেষ পৰিৱেশ–পৰিস্থিতিত পৰিহে মিছাৰ সহায় ল’বলগীয়া হয়৷ অৱশ্যে একাংশ লোকক স্বাভাৱিক অৱস্থাতো নিজৰ কোনো স্বার্থ সিদ্ধিৰ কাৰণে বা নিজৰ নাম জাহিৰ কৰি সমাজত নিজৰ স্থান তথা প্রতিপত্তি অটুট ৰখাৰ স্বার্থতে মিছাৰ সহায় লোৱা দেখা যায়৷ বার্গেন ইভানছে কৈছিল– ‘মিছাৰ সহায় নোলোৱাকৈ কোনো মানুহে জীৱনটো সহনীয় কৰি তুলিব নোৱাৰে৷’ অর্থাৎ মানুহে সমাজ জীৱনত সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ সৈতে মোকাবিলা কৰি জীৱনটো সহনীয় কৰি তুলিবলৈ হ’লে মিছাৰ সহায় ল’বলগীয়া হয়৷

স্বাভাৱিক অৱস্থাত বা কোনো বিশেষ পৰিৱেশ–পৰিস্থিতিত পৰি মিছাৰ সহায় লোৱা লোক জাতি–ধর্ম–বর্ণ নির্বিশেষে সকলো শ্রেণীৰ লোকৰ মাজত থাকিলেও ৰাজনীতিৰ ক্ষেত্রখনলৈ যোৱা লোকৰ সংখ্যাই সম্ভৱতঃ অধিক হ’ব৷ ইয়াৰ প্রমাণ হ’ল দেশ–ৰাজ্যৰ যিকোনো নির্বাচনৰ আগত কোনো ৰাজনৈতিক দলৰ প্রার্থীয়ে ভোট লাভৰ কাৰণে নির্বাচনী ইস্তাহাৰৰ জৰিয়তে ৰাইজৰ বিভিন্ন জনকল্যাণমূলক কাম কৰাৰ মিছা প্রতিশ্রুতি দি নির্বাচনত জিকাৰ পাছত এটাও প্রতিশ্রুতি পালন নকৰাটো৷ স্বাভাৱিক অৱস্থাত বা কোনো বিশেষ পৰিৱেশ–পৰিস্থিতিৰ সন্মুখীন হৈ মিছাৰ আশ্রয় ল’বলগীয়া হোৱাৰ ঘটনা অকল সাম্প্রতিক কালতেই যে ঘটি আছে, এনে নহয়৷ প্রাগৈতিহাসিক যুগৰ মহাকাব্য, পুৰাণ, উপনিষদ আদিত বর্ণিত আখ্যান–উপাখ্যানতো এনে ঘটনা ঘটাৰ যথেষ্ট উদাহৰণ পোৱা যায়৷ মহাকাব্য মহাভাৰতত বর্ণিত কুৰুক্ষেত্র মহাসমৰত পাণ্ডৱ পক্ষৰ সত্যবাদী  যুধিষ্ঠিৰে শ্রীকৃষ্ণৰ পৰামর্শত মিছাৰ সহায় লৈ শ্রেষ্ঠ ধনুর্ধৰ অর্জুনৰ দ্বাৰা গুৰু দ্রোণাচার্যক বধ কৰাৰ কাৰণে ‘অশ্বত্থামা হত, ইতি গজঃ’ বুলি চিঞৰাত পুত্রৰ মৃত্যু হোৱা বুলি নিশ্চিত হৈ দ্রোণাচার্যই মর্মান্তিক বেদনাত অস্ত্র সম্বৰণ কৰোঁতে অর্জুনে নিৰস্ত্র গুৰু দ্রোণাচার্যক বাণ নিক্ষেপ কৰি বধ কৰিছিল৷ কুৰুক্ষেত্র মহাসমৰত যুধিষ্ঠিৰে এনে মিছাৰ সহায় লোৱাৰ পাছৰে পৰাই হেনো পাপৰ ফলত তেওঁৰ ৰথৰ চকৰি আগৰ দৰে মাটিৰ কিছু ওপৰেদি নগৈ মাটি চুইহে গৈছিল৷ মহাকাব্য ৰামায়ণত বর্ণিত অযোধ্যাৰ ৰজা দশৰথৰ জ্যেষ্ঠ পুত্র ৰামে ভার্যা সীতা আৰু সহোদৰ ভাই লক্ষ্মণৰ সৈতে বনবাসত থাকোঁতে ৰাৱণৰ আদেশত সোণৰ হৰিণাৰ ৰূপ লোৱা মাৰিছে ছলনা কৰি ‘ভাই লক্ষ্মণ, মোক বচোৱা’ বুলি মিছা মাতি সাইলাখ ৰামৰ দৰে চিঞৰোঁতে সীতাই স্বামী বিপদত পৰি চিঞৰা বুলি তেওঁক বচাবলৈ লক্ষ্মণক পঠিওৱাত সন্ন্যাসীৰ বেশত অহা ৰাৱণে অকলশৰীয়া সীতাক হৰণ কৰিছিল৷ পিছে মিছাৰ সহায় লৈ সীতাক হৰণ কৰিবলৈ সমর্থ হোৱা মহা পৰাক্রমী ৰাৱণে যুদ্ধত হাৰি মৃত্যুক বৰণ কৰিবলগীয়া হৈছিল ৷

সাম্প্রতিক সময়ত স্বাভাৱিক অৱস্থাতে হওক বা কোনো বিশেষ পৰিৱেশ–পৰিস্থিতিত পৰিয়েই হওক, জীৱনত এবাৰো মিছা কথা নোকোৱা বা মিছাৰ সহায় নোলোৱা মানুহ বোধহয় নোলাব৷ চৰকাৰী কোনো বিভাগ বা কার্যালয়ৰ মুৰব্বী বিষয়াই চৰকাৰৰ পৰা আবণ্টন পোৱা কোনো আঁচনিৰ পুঁজিৰ সদ্ব্যৱহাৰ নকৰাকৈ পৰৱর্তী পুঁজিৰ আবণ্টন পাবৰ কাৰণে পুঁজিৰ সদ্ব্যৱহাৰৰ মিছা প্রমাণ–পত্র দাখিল কৰা, চৰকাৰী বা বেচৰকাৰী চাকৰিয়ালসকলৰ মাজৰ পলমকৈ অফিচলৈ যোৱাসকলৰ একাংশই ৰাস্তাত ট্রেফিক জামৰ কাৰণে পলম হোৱা বুলি ‘বছক’ মিছা কৈফিয়ৎ দিয়া, কোনো বিয়াগোম কেলেংকাৰিত জড়িত বুলি অভিযুক্ত হৈ আৰক্ষী বা ন্যায়িক জিম্মাত থকাৰ ভয়ত আগতীয়া জামিন নোপোৱালৈকে অসুস্থতাৰ ভাও জুৰি ডাক্তৰৰ পৰা ভুৱা প্রমাণ–পত্র লৈ চিকিৎসালয়ত ভর্তি হোৱা, নিজৰ ঘৰতে থাকি ঘৰভাৰা, বানচ পোৱাৰ কাৰণে আনৰ ভাৰাঘৰত থকাৰ ভুৱা ৰচিদ দাখিল কৰা, একাংশ অপ্রাদেশীকৃত শিক্ষানুষ্ঠানৰ মুৰব্বীয়ে শিক্ষানুষ্ঠান প্রাদেশিকীকৰণৰ আশাত ভুৱা শিক্ষার্থী তথা শিক্ষকৰ সংখ্যা বিতং প্রতিবেদনত সন্নিৱিষ্ট কৰি বিভাগীয় কর্তৃপক্ষৰ ওচৰত দাখিল কৰা ইত্যাদি ধৰণৰ মিছাৰ সহায় লোৱা দেখা যায়৷ সেইদৰে পৰীক্ষাত ভালকৈ লিখিব নোৱাৰা কোনো পৰীক্ষার্থীয়ে অভিভাৱকৰ গালি খোৱাৰ ভয়ত পৰীক্ষা ভাল হোৱা বুলি মিছা মতা, পৰীক্ষাত টানি–টুনি ডিষ্টিংচন নম্বৰ পোৱা পৰীক্ষার্থীৰ অভিভাৱকে ৯০ শতাংশৰ ওপৰত নম্বৰ পোৱা বুলি আনৰ আগত সন্তানৰ নাম জাহিৰ কৰিবলৈ মিছা মতা, অতিথি বা বন্ধু–বান্ধৱ বা চিনাকি মানুহ ঘৰলৈ আহিবৰ কাৰণে ফোন কৰি সুধিলে বেছিভাগেই এৰাই চলিবৰ কাৰণে মিছা মাতি ব্যস্ত থকা বা ক’ৰবালৈ যাবলগীয়া থকা বুলি জনোৱা, দাগী অপৰাধী বুলি জানিও অধিবক্তাই ন্যায়ালয়ত আচামীক বচাবৰ কাৰণে মিছা যুক্তি প্রদর্শনেৰে প্রাণটাকি যুঁজা, সংবাদ মাধ্যমৰ সংবাদ প্রতিষ্ঠানৰ কোনো সাংবাদিকে ইচ্ছাকৃত বা বাধ্যবাধকতাত পৰি অনিচ্ছাকৃতভাৱে প্রকৃত তথ্য বিকৃত কৰি মিছা বাতৰি পৰিৱেশন কৰা, সহজ–সৰল তথা নিৰীহ যুৱতীক কোনো চৰিত্রহীন যুৱকে জীৱনসংগী কৰাৰ মিছা প্রতিশ্রুতিৰে প্রেমৰ অভিনয় কৰি যৌন কামনা চৰিতার্থ কৰাৰ পাছত প্রতাৰণা কৰি জীৱন ধ্বংস কৰা, এজনৰ ভূমি আন এজনে বিভাগীয় বিষয়া–কর্মচাৰীৰ সহযোগত মিছাৰ সহায় লৈ জালিয়াতিৰে নিজৰ নামত নামজাৰি কৰা ইত্যাদি দেখা যায় ৷

এইটো অনস্বীকার্য যে স্বাভাৱিক অৱস্থাত বা কোনো বিশেষ পৰিৱেশ–পৰিস্থিতিৰ সন্মুখীন হৈ কোনোৱে কেতিয়াবা সৌজন্যতাৰ খাতিৰত বা নিজৰ স্বার্থ সিদ্ধিৰ কাৰণে মিছাৰ সহায় লৈ নকৰিবলগীয়া কামো কৰিবলগীয়া হয়৷ এই সন্দর্ভত যথেষ্ট উদাহৰণ দাঙি ধৰিব পৰা যায় যদিও তলত মাত্র দুটা উদাহৰণহে দাঙি ধৰা হ’ল ৷

গুৱাহাটী মহানগৰৰ এখন আগশাৰীৰ মহাবিদ্যালয়ত অধ্যাপনা কৰি কেইবছৰমান আগেয়ে অৱসৰ গ্রহণ কৰা মোৰ কলেজীয়া জীৱনৰ সহপাঠী বন্ধু এগৰাকীয়ে লিখা ২৫টা নিবন্ধ সন্নিৱিষ্টকৰণেৰে কোনো প্রকাশক গোষ্ঠীৰ দ্বাৰা ছপা কৰি উলিওৱা কিতাপ এখন লৈ কেইমাহমান আগেয়ে মোৰ ঘৰলৈ আহি কিতাপখন দি পঢ়াৰ পাছত মোৰ মন্তব্য বিচাৰিছিল৷ কিতাপখনত সন্নিৱিষ্ট বেছিভাগ নিবন্ধই গুৰুত্বহীন, অপ্রাসংগিক তথা সময়োপযোগী নোহোৱা বিষয়বস্তুৰ ওপৰত তথ্য বিভ্রাটেৰে লিখাৰ কাৰণে কিতাপখন পঢ়ি মোৰ অকণো ভাল নালাগিল৷ সেই কিতাপখনৰ ওপৰত কেইদিনমান আগেয়ে এগৰাকী পাঠকে গুৰুত্বহীন তথা অপ্রাসংগিক বিষয়বস্তুৰ ওপৰত তথ্য বিভ্রাটেৰে লিখা নিবন্ধৰ সন্নিৱিষ্ট এখন কিতাপ বুলি বিৰূপ সমালোচনা কৰা সন্দর্ভত কোনো এখন বাতৰিকাকতত পঢ়িবলৈ পাইছিলোঁ৷ কিতাপখন মোক দি যোৱাৰ দুমাহমান পাছত মন্তব্য বিচাৰি মোলৈ ফোন কৰাত কিতাপখন মোৰ ভাল নলগা সত্ত্বেও সৌজন্যতা তথা বন্ধুত্বৰ খাতিৰত ভাল লগা বুলি মিছা মাতিছিলোঁ ৷

অগপৰ কেইজনমান শীর্ষ নেতাই ‘কেব’ৰ বিৰুদ্ধে চলা জোৰদাৰ আন্দোলনত সক্রিয় অংশগ্রহণ কৰাৰ উদ্দেশ্যে মন্ত্রিত্বৰ পদ ইস্তফা দিয়াৰ লগতে বিজেপি মিত্রজোঁট ত্যাগ কৰা তথা ‘কেব’ৰ বিৰোধিতা কৰা নাটক কৰাৰ পাছত বিগত পঞ্চায়ত নির্বাচনত মুখথেকেচা খোৱাত নিজৰ ৰাজনৈতিক ভৱিষ্যতৰ কথা চিন্তা কৰি পুনৰ বিজেপিৰ লগ লাগি মিছাৰ সহায় লৈ ‘কেব’ আৰু পৰৱর্তী সময়ত ‘কা’ৰ সমর্থন কৰি আছে৷ জাতীয়তাবাদী ভাবাদর্শত চলা অসমৰ সর্ববৃহৎ আঞ্চলিক দল অগপৰ তিনিগৰাকী শীর্ষ নেতাই ‘কা’ বলৱৎ হ’লে অসম তথা অসমীয়াৰ জাতীয় জীৱনলৈ আহিব পৰা ভয়ংকৰ দুর্যোগৰ কথা জানিও একমাত্র ক্ষমতাৰ লোভত মন্ত্রিত্বৰ পদ খামুচ মাৰি ধৰি থকাৰ স্বার্থতেই নিজৰ বিবেকৰ বিৰুদ্ধে গৈ ‘কা’ৰ সমর্থন কৰি আছে ৷

Comments (0)
Add Comment