২০১৯ত ক্ৰিকেটৰ বিতৰ্ক

নিয়মীয়া বাৰ্তা ৩০ ডিচেম্বৰঃ ২০১৯ বৰ্ষত ভদ্ৰলোকৰ খেল ক্ৰিকেটত বহু বিতৰ্কই দেখা দিলে। বৰ্ষটোৰ আৰম্ভণিতে হাৰ্দিক পাণ্ডিয়া আৰু কে এল ৰাহুল কফী উইথ কৰণত মহিলাসকলক লৈ বিবাদিত মন্তব্য প্ৰদান কৰিছিল। ইয়াৰ উপৰিও পাকিস্তানৰ ক্ৰিকেটৰ দলৰ প্ৰাক্তন অধিনায়ক ছৰফৰাজ আহমেদ দক্ষিণ আফ্ৰিকাৰ খেলুৱৈৰ বিৰোধে বৰ্ণবৈষম্য মূলক মন্তব্য কৰিছিল। বৰ্ষটোৰ পাঁচটা ক্ৰিকেট বিবাদ

হাৰ্দিক আৰু ৰাহুলঃ হাৰ্দিক আৰু ৰাহুলয়ে কফী উইথ কৰণত মহিলাসকলক লৈ আপত্তিজনক মন্তব্য কৰিছিল। যাৰ পৰিপেক্ষিতত দুয়োজন খেলুৱৈক অষ্ট্ৰেলিয়া ভ্ৰমণৰ পৰা ভাৰতলৈ উভতাই অনা হৈছিল।

 

 

ছৰফৰাজ আহমেদঃ পাকিস্তান ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক ছৰফৰাজ আহমেদক আই চি চিয়ে চাৰিখন আন্তজাৰ্তিক মেচত নিষিদ্ধ কৰে। ছৰফৰাজে দক্ষিণ আফ্ৰিকাৰ খেলুৱৈ এণ্ডিল ফেহলুকায়ৰ ওপৰত বৰ্ণবৈষম্য মূলক মন্তব্য কৰিছিল। পিচত ছৰফৰাজে উক্ত মন্তব্যৰ বাবে ক্ষমা খোজে।

ৰবিচন্দ্ৰন অশ্বিণঃ আই পি এলত প্ৰথম বাৰৰ বাবে মাইকডিং ৰ দ্বাৰা অশ্বিণে ৱাটলাৰক বিনা সতৰ্ক প্ৰদান কৰি ৰাণ আউট কৰাইছিল। যাৰ পৰিপেক্ষিতত বহুকেইজন জেষ্ঠ খেলুৱৈয়ে অশ্বিণৰ খেলৰ মনোভাৱক লৈ প্ৰশ্ন তুলিছিল।

 

মহেন্দ্ৰ সিঙ ধোনীঃ কেপ্তেইন কুল হিচাপে খ্যাত মহেন্দ্ৰ সিঙ ধোনীয়ে চলিত বৰ্ষৰ আই পি এলত খেলপথাৰৰ মাজতেই আম্পায়ৰৰ লগত বিতৰ্ক কৰা দেখা গৈছিল। যাৰ বাবে ধোনীক মেচ ফ্ৰীৰ ৫০ শতাংশ জৰিমণা বিহা হৈছিল। আম্পায়াৰে ন বল দিয়াৰ সিদ্ধান্তৰ বাবে ধোনীয়ে খেলপথাৰলৈ আহিছিল।

 

বিশ্বকাপৰ ফাইনেল বিতৰ্কঃ আই চি চি বিশ্ব কাপৰ ফাইনেল খেল খন সমাপ্তিৰ পিছত তীব্ৰ বিতৰ্ক দেখা গৈছিল। ক্ৰিকেটৰ ইতিহাসত প্ৰথম বাৰৰ ফাইনেল খেল খন নিউজিলেণ্ড আৰু ইংলেণ্ডৰ মাজত টাই হয়। ছুপাৰ অভাৰত দুয়োটা দলে ১৫-১৫ ৰাণ সংগ্ৰহ কৰে। তাৰ পাছত মেচখনত ইংলেণ্ড দলে সৰ্বাধিক বাউণ্ডেৰী বনোৱাৰ বাবে বিজয়ী ঘোষণা কৰা হয়।

Comments (0)
Add Comment