২০১৯ : এইসকল মহিলা আপোনাৰ বাবেও প্ৰেৰণা

পাৰ্থৱ শইকীয়া

নিয়মীয়া বাৰ্তা, ৩০ ডিচেম্বৰঃ চাওঁতে চাওঁতে মেলানি মাগিবৰ হ’ল এটা বছৰে । ২০১৯ বৰ্ষই কি দিলে, কি হেৰুৱালে সেয়া এতিয়া সকলোৰে মুখে মুখে যেন চৰ্চিত । তথাপিও এনে কিছু বিষয় আছে যি সমূহ জনচক্ষুৰ দৃষ্টিৰ পৰা বহু আঁতৰত থাকে । বৰ্ষটোৰ তেনে কেইগৰাকীমান প্ৰভাৱশালী মহিলাৰ বিষয়ে আমি আপোনালৈ আগবঢ়াইছো এই বিশেষ প্ৰতিবেদন …

য়াছমিন জুবিৰ পিৰজাদাঃ নতুন চিন্তাৰে এতিয়া চৰ্চিত হৈছে য়াছমিন জুবিৰ পিৰজাদা নামৰ এইগৰাকী মহিলা । মুছলমান মহিলাসকলৰ মছজিদত প্ৰৱেশ নিষিদ্ধ আৰু উপাসনাৰ ক্ষেত্ৰত থকা দীৰ্ঘদিনীয়া ৰীতি-নীতিৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত এক আবেদন দাখিল কৰিছে এইগৰাকী মহিলাই । য়াছমিনে মুছলমান মহিলাসকলক মছজিদত প্ৰৱেশ কৰিবলৈ দিয়াৰ লগতে উপাসনাৰ বাবে মুকলি কৰি দিব লাগে বুলি দাবী তোলে । উল্লেখ্য যে, য়াছমিনৰ স্বামী জুবিদেও থিয় দিছে য়াছমিনৰ এই সিদ্ধান্তত ।

পুষ্পলতা ৰাথোৰঃ উত্তৰ প্ৰদেশৰ এখন সৰু গাঁও হৰহাৰ এইগৰাকী মহিলা এতিয়া দেশত ‘চ’লাৰ দিদি’ ৰূপে পৰিচিত । কিয়নো স্বামীৰ মৃত্যুৰ হোৱাৰ পাচত এইগৰাকী মহিলাই সকলো বেথা আৰু শোক পৰিত্যাগ কৰি আৰম্ভ কৰিছিল এক নতুন যাত্ৰা । চ’লাৰ মেকানিকৰ প্ৰশিক্ষণ গ্ৰহণ কৰি মহিলাগৰাকীয়ে এতিয়া চ’লাৰ লাইট , বৈদ্যুতিক পাংখা আৰু ৰন্ধন ষ্ট’ভৰ মেৰামতিৰ কাম কৰি বাচি লৈছে উপাৰ্জনৰ পথ । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে উত্তৰ প্ৰদেশ চৰকাৰৰ পৰাও প্ৰশংসিত হৈছে পুষ্পলতা ।

চন্দ্ৰকান্তা জেঠৱানি

চন্দ্ৰকান্তা জেঠৱানিঃ নিজৰ কৰ্মৰে উজলি উঠা মহিলাসকলৰ ভিতৰত অন্যতম হৈছে চন্দ্ৰকান্তা জেঠৱানি । বিশেষ ভাৱে সক্ষম এইগৰাকী শিক্ষয়িত্ৰী হৈছে মধ্যপ্ৰদেশৰ ইন্দোৰৰ । শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত থাকে তেওঁ সদায় অটুট ৰাখিছে শিক্ষকতাৰ পবিত্ৰতা । জীৱনকালত কেৱল দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলক পাঠদান কৰাৰ লগতে শেহতীয়া তেওঁৰ নিজৰ ডেৰ কোটিটকীয়া সম্পত্তি দান কৰিছে দৰিদ্ৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ নামত । চন্দ্ৰকান্তা জেঠৱানি হাঁড়ৰ সমস্যাত দগ্ধ হৈ থকা লগতে দুয়োটা ভৰিয়েই অচল ।

মণিকা হাজাৰদাৰ

মণিকা হাজাৰদাৰঃ আমেৰিকান বিশ্ববিদ্যালয়ৰ এখন গৱেষণা গ্ৰন্থত নাম সন্নিৱিষ্ট হৈছে ছত্তিশগড়ৰ ৰায়গড়ৰ এইগৰাকী মহিলা মণিকা হাজাৰদাৰৰ । টয়লেট মেডাম ৰূপে পৰিচিত মণিকাই স্বচ্ছ ভাৰত অভিযানৰ অধীনত বহুখিনি উল্লেখযোগ্য কাৰ্য সমাপন কৰাৰ বাবে এই স্বীকৃতি প্ৰদান কৰা হৈছে ।

 

হেমন্তী দেৱী

 

হেমন্তী দেৱীঃ পঞ্চম শ্ৰেণীলৈকে অধ্যয়ন কৰা এইগৰাকী মহিলা এতিয়া স্বচ্ছ গ্ৰামীণ অভিযান ৰাষ্ট্ৰীয় আইকন । বিহাৰৰ চেমৰী গাঁৱৰ এইগৰাকী হেমন্তী দেৱীয়ে হাতত এটা বাদ্যযন্ত্ৰ লৈ গাঁৱে গাঁৱে গীত পৰিৱেশন কৰি স্বচ্ছতাৰ বাবে সজাগ কৰিছিল ৰাইজক । তেওঁৰ আহ্বানতেই এতিয়া স্বচ্ছতাৰ ক্ষেত্ৰত অতি সজাগ হৈ পৰিছে গাঁৱখনৰ ৰাইজ । স্বচ্ছ গ্ৰামীণ অভিযানৰ এইগৰাকী হেমন্তীক দূৰদৰ্শন নিয়মীয়া অনুষ্ঠান ‘চফৰ মঞ্জিল কা’টো চামিল কৰা হৈছে ।

Featured
Comments (0)
Add Comment