২০১৯ চনত দেশে হেৰুৱা বিশিষ্ট ৰাজনৈতিক নেতাসকল

নিয়মীয়া বাৰ্তা ৩০ ডিচেম্বৰঃ ২০১৯ বৰ্ষত ভাৰতে কেইবাজনো দক্ষ ৰাজনৈতিক নেতা হেৰুৱালে। প্ৰিয় নেতাকেইজনৰ মৃত্যুত দেশত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছিল।

মনোহৰ পাৰিকৰঃ বিজেপিৰ জেষ্ঠ নেতা তথা গোৱাৰ মুখ্যমন্ত্ৰী মনোহৰ পাৰিকৰে ১৭ মাৰ্চত ইহলীলা সম্বৰণ কৰে। তেওঁ দেশৰ প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰীও আছিল। ছাৰ্জিকেল ষ্ট্ৰাইকৰ সময়ত প্ৰয়াত পাৰিকৰ ৰক্ষামন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।

 

শিলা দীক্ষিতঃ কংগ্ৰেছৰ জীয়াৰী ৰূপে পৰিচিত শীলা দীক্ষিতে ২০ জুলাই তাৰিখে শেষ নিশ্বাস ত্যাগ কৰে। শীলা দীক্ষিতৰ নেতৃত্বতে ১৯৯৮ চনৰ পৰা ২০১৩ লৈকে কংগ্ৰেছৰ চৰকাৰ গঠন হৈছিল।

 

 

 

সুষমা স্বৰাজঃ বিজেপিৰ অন্যতম জ্য়েষ্ঠ নেত্ৰী তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সুষমা স্বৰাজৰ ৬ আগষ্ট তাৰিখে শেষ নিশ্বাস ত্যাগ কৰে। এগৰাকী সুব্যক্তা হিচাপে সুষমা পৰিচিত আছিল। নিজৰ ব্যক্তব্যৰ বাবে বিৰোধী পক্ষৰ পৰাও সমাদৰ লাভ কৰিছিল। স্বৰাজে কেন্দ্ৰীয় মন্ত্ৰীৰ উপৰিও দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

 

 

 

অৰুণ জেটলীঃ বিজেপিৰ সংকটমোচক হিচাপে পৰিচিত লগতে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অৰুণ জেটলী ২৪ আগষ্ট তাৰিখে এইমছত শেষ নিশ্বাস ত্যাগ কৰে। মোডীৰ প্ৰথম মন্ত্ৰীসভাত জেটলীয়ে বিত্ত মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

 

ৰাম জেঠমলানীঃ দেশৰ জেষ্ঠ আইনজীৱি ৰাম জেঠমলানীয়ে ৯৫ বছৰ বয়ত ইহলীলা সম্বৰণ কৰে। প্ৰয়াত জেঠমলানী দেশৰ জেষ্ঠ অধিবক্তা হিচাপে পৰিচিত হৈছিল। ৰাম জেঠমলানীয়ে সেইসময়ত পাকিস্তানৰ শিকাৰপুৰত ১৪ ছেপ্তেম্বৰত জন্ম হৈছিল। ৰাম জেঠমলানীয়ে মাত্ৰ ১৭ বছৰ বয়তে আইনৰ ডিগ্ৰী লাভ কৰিছিল।

Featured
Comments (0)
Add Comment