২০১৯ বৰ্ষৰ টপ ফাইভ মটৰচাইকেল কি ?

পাৰ্থৱ শইকীয়া

নিয়মীয়া বাৰ্তা, ৩০ ডিচেম্বৰঃ মটৰচাইকেলক লৈ সকলোৰে সপোন থাকে । নিজৰ সপোনৰ মটৰচাইকেলখন চলোৱাৰ বাবে সকলোৰে থাকে এটা মন । এটা বৰ্ষত বহু সংখ্যক নতুন মটৰচাইকেল বজাৰলৈ আহে । আপুনি জানেনে ২০১৯ বৰ্ষত বজাৰলৈ অহা পাঁচখন অতিকৈ জনপ্ৰিয় আৰু চৰ্চিত মটৰচাইকেল কি ? যদি সেই পাঁচখন মটৰচাইকেলৰ সকলো দিশ জানিব বিচাৰে তেন্তে চাওক এই প্ৰতিবেদন…

১ . বি এম ডব্লিউ এছ ১০০০ আৰ আৰ (BMW S 1000 RR) : ২০১৯ বৰ্ষত বজাৰলৈ অহা এইখন হৈছে এখন অতি বিলাসী মটৰচাইকেল । ৯৯৯ চিচি ইঞ্জিনৰ ৪ ষ্ট্ৰোক চাৰিটা চিলিণ্ডাৰ যুক্ত এইখন মটৰচাইকেলে দৃষ্টি আকৰ্ষণ কৰিছে বহু যুৱকৰ । ১৩,০০০ আৰ পি এম যুক্ত ইঞ্জিনত ২০৫ হৰ্ছ পাৱাৰ আৰু ১১,০০০ আৰ পি এমত ১১৩ এন এম টৰ্ক যুক্ত বি এম ডব্লিউ এছ ১০০০ আৰ আৰ । প্ৰতি ঘণ্টাত এইখন মটৰচাইকেলৰ গতিবেগ হৈছে ১২৫ কিলোমিটাৰ । মটৰচাইকেলখনৰ দৈৰ্ঘ্য ২,০৭৩ মিলিমিটাৰ, প্ৰস্থ ৮৪৮ মিলিমিটাৰ আৰু উচ্চতা হৈছে ১১৫১ মিলিমিটাৰ । ১৬.৫ লিটাৰ ইন্ধনযুক্ত মটৰচাইকেলখনত ৪ লিটাৰৰ ৰিজাৰ্ভ টেংকি সংলগ্ন কৰা হৈছে । বি এম ডব্লিউ এছ ১০০০ আৰ আৰৰ মূল্য ১৮.৫ লাখৰ পৰা ২২.৯৫ লাখ ।

২. ডুকাটি ডিয়াভেল ১২৬০ এছ (Ducati Diavel 1260 S) : চৰ্চিত হৈ থকা এইখন মটৰচাইকেলৰ দুটা সংস্কৰণ উপলব্ধ হৈছে ভাৰতবৰ্ষত । ডিয়াভেল ১২৬০ আৰু ডিয়াভেল ১২৬০ এছ দুটা সংস্কৰণত মুক্তি দিয়া হৈছে এইখন মটৰচাইকেল । দুয়োটা সংস্কৰণৰ মূল্য ক্ৰমে ১৭.৭০ লাখ আৰু ১৯.২৫ লাখ টকা ।

 

৩. ইণ্ডিয়ান এফটিআৰ ১২০০ এছ (Indian FTR 1200 S) : ইণ্ডিয়ান এফটিআৰ ১২০০ এছ ১২০৩ চিচি ইঞ্জিনযুক্ত মটৰচাইকেলখনত ১২০ বিএইচপি পাৱাৰ আৰু ১১২.৫ এন এম টৰ্ক সংযুক্ত কৰা হৈছে । ৬ টা গীয়েৰযুক্ত এইখন মটৰচাইকেল বহু নতুন ফিচাৰ্ছ সংযুক্ত কৰা হৈছে । মটৰচাইকেলখনৰ এক্স শ্ব’ৰোম প্ৰাইছ হৈছে ১৫.৯৯ লাখ টকা ।

৪. ট্ৰিউম্ফ স্পীড টুইন (Triumph Speed Twin) : ভাৰতীয় সম্ভ্ৰান্ত পৰিয়ালৰ নতুন মটৰচাইকেল হৈছে ট্ৰিউম্ফ স্পীড টুইন । ৯.৪৬ লাখ মূল্যৰ এইখন মটৰচাইকেলত Thruxton R ৰ হাইপাৱাৰ Bonneville 1200 ইঞ্জিন যুক্ত কৰা হৈছে ।

 

৫. হোণ্ডা চিবিআৰ ৩০০ আৰ (Honda CB300R) : বহু চৰ্চিত এইখন মটৰচাইকেলত ২৮৬ চিচিৰ ৪ ষ্ট্ৰোক, লিকুইড কুল এছ আই ইঞ্জিন দিয়া হৈছে । ৮৫০০ আৰ পি এম ইঞ্জিনত ৩০.৯ বি এইচ পি সৰ্বাধিক শক্তি আৰু ৬৫০০ আৰ পি এমত ২৭.৪ এন এম টৰ্ক দিয়া হৈছে । ১০ লিটাৰৰ ইন্ধনযুক্ত এইখন মটৰচাইকেলৰ মূল্য হৈছে ২.৪২ লাখ টকা ।

Featured
Comments (0)
Add Comment