২০১৯ বৰ্ষৰ ৰাজনৈতিক ক্ষেত্ৰৰ প্ৰভাৱশালী মহিলা

পাৰ্থৱ শইকীয়া

নিয়মীয়া বাৰ্তা, ৩০ ডিচেম্বৰঃ চাওঁতে চাওঁতে মেলানি মাগিবৰ হ’ল এটা বছৰে । ২০১৯ বৰ্ষই কি দিলে, কি হেৰুৱালে সেয়া এতিয়া সকলোৰে মুখে মুখে যেন চৰ্চিত । তথাপিও এনে কিছু বিষয় আছে যি সমূহ জনচক্ষুৰ দৃষ্টিৰ পৰা বহু আঁতৰত থাকে । বৰ্ষটোৰ তেনে কেইগৰাকীমান প্ৰভাৱশালী মহিলাৰ বিষয়ে আমি আপোনালৈ আগবঢ়াইছো এই বিশেষ প্ৰতিবেদন …

নিৰ্মলা সীতাৰমনঃ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰথমটো শাসনকালত দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীৰূপে দায়িত্বভাৰ গ্ৰহণ কৰা নিৰ্মলা সীতাৰমনে ২০১৯ বৰ্ষৰ দ্বিতীয় কাৰ্যকালত লাভ কৰিছে দেশৰ এক গুৰুত্বপূৰ্ণ পদ । প্ৰথমগৰাকী পূৰ্ণকালীন মহিলা বিত্তমন্ত্ৰীৰূপে বিজেপিৰ দ্বিতীয়টো শাসনকালত দায়িত্ব গ্ৰহণ কৰে নিৰ্মলা সীতাৰমনে ।

 

স্মৃতি ইৰাণীঃ ১৭ সংখ্যক লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ হৈ আমেঠী লোকসভা সমষ্টিৰ পৰা বিপুল ভোটত জয়যুক্ত হোৱা স্মৃতি ইৰাণী হৈছে বৰ্ষটোৰ প্ৰভাৱশালী ভাৰতীয় মহিলা । নৰেন্দ্ৰ মোডী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালত স্মৃতি ইৰাণীক দিয়া হৈছে মহিলা আৰু শিশু বিকাশ মন্ত্ৰণালয়ৰ দায়িত্ব ।

 

হেমা মালিনীঃ প্ৰসিদ্ধ অভিনেত্ৰী তথা নৃত্যপটিয়সী হেমা মালিনীও হৈছে বৰ্ষটোৰ এগৰাকী প্ৰভাৱশালী মহিলা । উত্তৰপ্ৰদেশৰ মথুৰা সংসদীয় সমষ্টিৰ পৰা দ্বিতীয়বাৰৰ বাবে জয়যুক্ত হৈ সাংসদ ৰূপে কাৰ্যভাৰ পালন কৰি আছে হেমা মালিনীয়ে ।

 

 

কিৰণ খেৰঃ

এইগৰাকী প্ৰসিদ্ধ অভিনেত্ৰীও হৈছে বৰ্ষটোৰ এগৰাকী প্ৰভাৱশালী মহিলা । চণ্ডীগড়ৰ লোকসভা সমষ্টিৰ পৰা দ্বিতীয়বাৰৰ বাবে জয়যুক্ত হৈ সাংসদ ৰূপে দায়িত্ব পালন কৰি আছে এইগৰাকী অভিনেত্ৰী কিৰণ খেৰে ।

মেনকা গান্ধীঃ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা উত্তৰ প্ৰদেশৰ চুলতানপুৰ সমষ্টিৰ সাংসদ মেনকা গান্ধী হৈছে বৰ্ষটোৰ এগৰাকী প্ৰভাৱশালী ভাৰতীয় মহিলা । ২০১৯ বৰ্ষত চুলতানপুৰৰ পৰা জয়যুক্ত হৈ আঠবাৰৰ বাবে সাংসদ ৰূপে শপত গ্ৰহণ কৰিছে মেনকা গান্ধীয়ে ।

Featured
Comments (0)
Add Comment