ড০ হিমন্ত বিশ্ব শর্মা চৰকাৰৰ দুবছৰ

ইতিমধ্যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন এন ডি এ চৰকাৰে দুটা বছৰ অতিক্রম কৰিলে৷ ঘটনাবহুল দুটা বছৰ, মাত্র দুটা বছৰতে এখন চৰকাৰৰ সঠিক মূল্যায়ন সম্ভৱ নহয়৷ কিন্তু চৰকাৰখনৰ কাম–কাজ, ভৱিষ্যৎ পৰিকল্পনা সন্দর্ভত বহুখিনি কথাই সন্মুখলৈ আহিছে৷ প্রথমতেই সাত শতৰুৱেও স্বীকাৰ কৰিব যে হিমন্ত বিশ্ব শর্মাই মুখ্যমন্ত্রী হিচাপে দিন–ৰাতি একাকাৰ কৰি কাম কৰাৰ প্রয়াস কৰিছে৷ কিছু কাম সম্পূর্ণ হৈছে আৰু বহু কাম চকুত পৰিবলৈ বাকী৷ চৰকাৰখনৰ কর্ম সংস্কৃতি বা কাম কৰাৰ প্রৱণতাৰ চিন্তাধাৰাৰ কথা মানুহে প্রশংসা কৰিছে৷ মুখ্যমন্ত্রীৰ নিজস্ব গতিশীল চিন্তাধাৰা তথা কামেৰে বাকীসকলোকো অনুপ্রাণিত কৰিছে৷ অসমৰ আমোলা ব্যৱস্থাৰ কাম–কাজৰ গতি মন্থৰ বুলিও বহু সময়ত বদনাম আছে, তথাপি পৰিস্থিতি আগতকৈ উন্নত হৈছে বুলি ক’ব পাৰি৷ চৰকাৰখনৰ আটাইতকৈ বৃহৎ সফলতা স্বচ্ছতাৰ ভিত্তিত হোৱা নিযুক্তি প্রক্রিয়া৷

এক লাখ চাকৰিৰ প্রতিশ্রুতিও বহুখিনি আগবাঢ়িছে৷ বিগত কিছুদিনত পইচা দি চাকৰি পাইছে বুলি কাকো কোৱা শুনা নাই৷ মই ভাবোঁ যে স্বচ্ছতাৰে হোৱা নিযুক্তি প্রক্রিয়াৰ সুফল অসমৰ ৰাইজে ভৱিষ্যতে ভোগ কৰিব৷ এতিয়া অসমৰ বাহিৰত অধ্যয়নৰত বহু মেধাৱী ছাত্র–ছাত্রীয়ে অসমলৈ প্রশাসনিক বা বিভিন্ন পর্যায়ৰ পৰীক্ষা দিবলৈ আহে৷ আমাৰ সময়বোৰত পৰিস্থিতি তেনেকুৱা নাছিল৷ টকা দিয়াৰ ক্ষমতা নাইবা ভাল ফিটিং নাথাকিলে চাকৰি পোৱাটো আছিল অসম্ভৱ৷ স্বচ্ছতাৰ এই নিযুক্তি প্রক্রিয়াটোৱে অসমৰ প্রশাসনিক ব্যৱস্থাত যুগান্তকাৰী পৰিৱর্তন ঘটাব৷ নিকা নিযুক্তিৰে চাকৰি পোৱাসকলে নিশ্চিতভাৱেই অসমৰ উন্নতিত প্রকৃত অৰিহণা যোগাব৷ স্বচ্ছতাৰ এই বার্তাৰ বাবে ৰাজনৈতিক নেতৃত্ব কৃতিত্বৰ দাবীদাৰ৷ এবছৰীয়া কার্যকাল সম্পূর্ণ হোৱাৰ সময়তো মই লিখিছিলোঁ যে এক লাখ চাকৰি নিযুক্তি প্রক্রিয়া চৰকাৰে নিশ্চয় সম্পূর্ণ কৰিব৷ অনাগত দিনত আৰু কেইবাটাও পৰীক্ষা অনুষ্ঠিত হ’ব৷ চৰকাৰী চাকৰিৰ প্রতি মানুহৰ হাবিয়াস অতি বেছি৷ এইখিনিতে মূল সমস্যাটো থাকে৷ কেৱল চৰকাৰী চাকৰিৰ ওপৰত নির্ভৰ কৰি থাকিলেই নহ’ব৷ অসমত ২৫–৩০ লাখৰ বৃহৎসংখ্যক নিবনুৱা আছে৷ বাকী নিৱনুৱাৰ সংস্থাপনৰ ক্ষেত্রত চৰকাৰৰ বহু কৰিবলগীয়া আছে৷ উদ্যোগ–বাণিজ্যৰ বাবে এইছোৱা স্বর্ণিল সময় বুলি মই ভাবোঁ৷ অসমৰ মুখ্যমন্ত্রীৰ শক্তিশালী ভাবমূর্তিৰ কথা সমগ্র দেশতে জনাজাত৷ এজন কর্মঠ মুখ্যমন্ত্রীৰ ৰাজ্যখনত বহু বিনিয়োগকাৰীয়ে বিনিয়োগ কৰিব বিচাৰে৷

অলপতে ৮ হাজাৰ কোটি টকাৰ বিভিন্ন ক্ষেত্রত বিনিয়োগৰ চুক্তি স্বাক্ষৰ হৈছে৷ কিন্তু নিয়োগ আৰু ঔদ্যোগিক উন্নয়নৰ ক্ষেত্রত আৰু বহু কৰিবলগীয়া আছে বুলি মই ভােবাঁ৷ তাৰ কাৰণে কেৱল নেতৃত্বই নহয়, সমগ্র আমোলাতান্ত্রিক ব্যৱস্থাটোৰ ভূমিকা আৰু শক্তিশালী হ’ব লাগিব৷ এইখন চৰকাৰৰ আন এক বৃহৎ কৃতিত্ব ৰাস্তা–ঘাটৰ উন্নয়ন৷ সমগ্র অসমৰ বাট–পথৰ লগতে গুৱাহাটীত বহুখিনি কাম হৈছে৷ কেইবাখনো উৰণীয়া সেতু নির্মাণ হোৱাৰ লগতে মেৰামতিৰ কামো চকুত পৰা৷ ৰাষ্ট্রীয় ঘাইপথ উন্নয়নৰ দায়িত্বত থকা চাৰিলেন নির্মাণৰ ক্ষেত্রত বিশেষকৈ উজনিত কামৰ গতি মন্থৰ৷ এইক্ষেত্রত মানুহৰ মনত ক্ষোভ আছে, কিন্তু অসম চৰকাৰৰ দায়িত্বত থকা ৰাজ্যিক পথৰ যথেষ্ট কাম হৈছে৷ বিশেষকৈ লোক নির্মাণ বিভাগীয় সক্রিয়তা, মানৱ সম্পদ তথা বহু কণ্ট্ৰেক্টৰ সৃষ্টি হোৱাটো ভৱিষ্যতৰ  বাবেও শুভ লক্ষণ৷ প্রশাসনিক সংস্কাৰৰ ক্ষেত্রতো চৰকাৰখনে বহু যুগান্তকাৰী পদক্ষেপ হৈছে৷ মিছন সুন্ধৰা, জিলা মহকুমা ভিত্তিক বিভিন্ন কামৰ স্বচ্ছতা তথা গুণগত সেৱা উন্নতিৰ বাবে ব্যাপক পদক্ষেপ লোৱা হৈছে, যাৰ সুফল ৰাইজে পাবলৈ আৰম্ভ কৰিছে আৰু অনাগত দিনত আৰু পাব৷ আৰক্ষী ৱস্থাৰ সংস্কাৰ, তথ্য প্রযুক্তিৰ ব্যাপক প্রয়োগৰ ফলত সেৱা প্রদান উন্নত হৈছে, দুর্নীতি বহু কমিছে৷ তথাপি দুর্নীতি বহু ঠাইত একে আছে বুলি বহু ভুক্তভোগীয়ে কয়৷ এইেবাৰ সামাজিক ব্যাধি, এই ভোগবাদী জীৱনত দুর্নীতি কম কৰাত চৰকাৰৰ লগতে সমাজৰো বহু ভূমিকা থাকে৷

চৰকাৰখনে ৰাজ্যখনৰ ভাবমূর্তি উন্নয়নৰ বাবে বহুখিনি যুগান্তকাৰী পদক্ষেপ হাতত লৈছে৷ লাচিত বৰফুকনৰ দৰে মহান বীৰ, বিৰল ব্যক্তিত্বক জনপ্রিয় কৰাৰ ক্ষেত্রত বহু বছৰ ধৰি কোনো প্রক্রিয়া হোৱা নাছিল৷ মুখ্যমন্ত্রীৰ নেতৃত্বত লাচিত বৰফুকনক লৈ দিল্লীত যি অনুষ্ঠান বা সমগ্র দেশজুৰি যি কেম্পেইন হ’ল সেয়া অভূতপূর্ব৷ এখন ৰাজ্যৰ বৃহৎ ভাবমূর্তি নির্মাণৰ বাবে এনে ধৰণৰ কেম্পেইন অতি দৰকাৰী৷ লগতে বীৰ লাচিতৰ জীৱন তথা বীৰগাথা দেশতে চর্চিত হ’ল৷ বিহুৰ গীনিজ বুক অৱ ৰেকর্ডছত স্থান পোৱাৰ উদ্দেশ্যে হোৱা অনুষ্ঠানে সমগ্র ৰাজ্যখনৰ বাবে সুনাম আনিলে৷ সমগ্র দেশতে মেট্ৰ’ ষ্টেচন, বিমানবন্দৰ সকলোতে হ’র্ডিং লাগিছে৷ এই অনুষ্ঠানত আহি প্রধানমন্ত্রী নৰেন্দ্র মোদী ডাঙৰীয়াৰ ব্যক্তিগত টুইটে অসমৰ ভাবমূর্তি নির্মাণত যথেষ্ট সহায় কৰিব৷ তাৰ লগে লগে ৰংঘৰৰ অভিলাষী প্রকল্প বা মাধৱদেৱ ক্ষেত্র, বৰদোৱা থান নির্মাণ প্রকল্প, শিলসাঁকো বিল ইত্যাদি বিভিন্ন বৃহৎ প্রকল্পই ৰাজ্যখনৰ পর্যটন ইত্যাদি ক্ষেত্রত যথেষ্ট ইতিবাচক ভূমিকা ল’ব৷ স্বাস্থ্যৰ ক্ষেত্রত বিভিন্ন সূচকাংকৰ উন্নয়নে দীর্ঘদিন ধৰি স্বাস্থ্যখণ্ডত ভাল কাম হৈ থকাৰ কথাকে সূচাইছে৷ কেইবাখনো মেডিকেল কলেজ, এইমছ, হাস্পতাল ইত্যাদিয়ে স্বাস্থ্যখণ্ডৰ বাবে সুফল আনিছে৷ বহুবছৰ ধৰি স্বাস্থ্য বিভাগৰ দায়িত্বত থকা হিমন্ত বিশ্ব শর্মাৰ এইক্ষেত্রত বৃহৎ ভূমিকা আছে৷ অনাগত দিনত বহু ডাক্তৰ, স্বাস্থ্যকর্মী ইত্যাদি মানৱ সম্পদৰ প্রয়োজন হ’ব৷ বিশেষকৈ মেডিকেল কলেজকেইখনত, বৰ্তমান বহু নাটনি আছে৷ এইক্ষেত্রত চৰকাৰৰ ব্যাপক প্রত্যাহ্বান আছে৷

চৰকাৰী শাসন ব্যৱস্থাত দেশৰ অন্য ঠাইবোৰতকৈ অসম পিছপৰা বুলি বহুতেই অভিযোগ কৰে৷ বিশেষকৈ মন্থৰ গতিৰ ফাইল মুভমেণ্টৰ বদনাম দীর্ঘদিনৰ৷ একেদৰে তথ্য–প্রযুক্তিৰ ক্ষেত্রতো অসম বহু পিছ পৰি আছে৷ কৃষি খণ্ড আৰু বজাৰ সৃষ্টিৰ ক্ষেত্রত বহু কাম ৰৈ আছে৷ চাউলৰ উৎপাদনত স্বনির্ভৰশীল হ’বলৈ চৰকাৰখনে ভাল পদক্ষেপ লৈছে৷ প্রায় ৫০০০ মেট্ৰিক টন এম এছ পিৰ জৰিয়তে ক্রয় কৰাটো, কৃষিজাত সামগ্রীৰ সঞ্চয়ৰ বাৰে ৱেৰহাউছ ইত্যাদিৰ পৰা কৃষকৰ লাভ হৈছে৷

কৃষি ব্যৱস্থাৰ বিতৰণ, শীতলীকৰণ ভঁৰাল, বজাৰ তথা উপযুক্ত জলসিঞ্চনৰ ব্যৱস্থাৰ উন্নতিৰ বাবে বহু কৰণীয় আছে৷ মই ভাবোঁ এই ধৰণৰ প্রাথমিক বিষয়বোৰত চৰকাৰে মনোযোগ বৃদ্ধি কৰিব লাগে৷ গ্রাম্য অর্থনীতিৰ ক্ষেত্রত কামবোৰ আগবাঢ়িছে৷ বহুখিনি স্ব–সহায়ক গোষ্ঠী হৈছে৷ গ্রাম্য জীৱিকাৰ নতুন আঁচনিৰ জৰিয়তে মানুহ লাভৱান হৈছে৷ গ্রামাঞ্চলৰ উন্নয়নৰ ক্ষেত্রত মোদী চৰকাৰৰ আঁচনিসমূহ শলাগিবলগীয়া৷ জলজীৱন মিছনৰ ক্ষেত্রত অসম পিছপৰা, বহুখিনি কৰিবলগীয়া আছে৷ চৰকাৰখনে হস্তশিল্পৰ উন্নতিৰ বাবে ভাল পদক্ষেপ লৈছে৷ বাহিৰৰ গামোচা অনা বন্ধ কৰা, স্বনির্ভৰ নাৰী স্কীমৰ জৰিয়তে৷ শিপিনীৰ পৰা প্রত্যক্ষভাৱে ক্রয় কৰা ইত্যাদি বহু সিদ্ধান্তই ভাল ফল দিছে৷ প্রায় ১,৩৫,৪৪৮ কোটি টকা বাজেটৰ ৰাজ্যখনৰ বিত্তীয় অৱস্থা সুস্থিৰ৷ জনমূৰি ২৬,০০০ টকা ঋণ লোৱাক লৈ বিৰোধী দলে চৰকাৰক সমালোচনা কৰিছে যদিও এই বিত্তীয় অৱস্থাত ঋণ লোৱাৰ ৰাজ্যখনৰ ক্ষমতা আছে৷ বিভিন্ন বহনক্ষম সূচকাংকত অসমৰ উন্নয়ন হ’বলৈ বহু কাম কৰিবলৈ বাকী আছে৷ জনমূৰি আয় বৃদ্ধি পাবই লাগিব৷ মুখ্যমন্ত্রীয়ে এইক্ষেত্রত গুৰুত্ব দিছে যদিও শক্তিশালী চৰকাৰী শাসমযন্ত্র তথা সমর্থন ব্যৱস্থাৰ অবিহনে ভাল ফলাফল লাভ কৰাটো অসম্ভৱ৷

ৰাজনৈতিক প্রেক্ষাপটত চৰকাৰখন অতি সফল বুলিয়েই ক’ব লাগিব৷ আলোচনাপন্থী আলফাৰ লগত শান্তিচুক্তি শেষ পর্যায়ত৷ কে এল অ’কে ধৰি বিভিন্ন সন্ত্রাসবাদী সংগঠনৰ লগত আলোচনা প্রক্রিয়া আৰম্ভ হৈছে৷ আছুৰ লগত অসম চুক্তিৰ বিভিন্ন দফা সম্পর্কে কেইবালানি আলোচনা হৈছে৷ কিন্তু খিলঞ্জীয়া অসমীয়া ৰাইজৰ অতি দৰকাৰী ৬নং দফা সম্পর্কে কোনো কথা আগবঢ়া নাই, এন আৰ চিও ক’ল্ড ষ্ট’ৰেজত গ’লগৈ৷ বিজেপিৰ বাবে ৰাজনৈতিকভাৱে সংবেদনশীল এই বিষয়বোৰত কোনো সমাধান সূত্র নাই হোৱা সত্ত্বেও কোনো আন্দোলন নোহোৱাটো চৰকাৰৰ কৃত্বিত্ব৷ অখিল গগৈৰ বাদে শক্তিশালী বিৰোধীৰ সক্রিয় ভূমিকা দৃষ্টিগোচৰ হোৱা নাই৷ বিভিন্ন জাতি–সম্প্রদায়ৰ লগত নিয়মিত সম্পর্কৰ জৰিয়তে এই দিশৰ জটিল সমীকৰণ আৰু নিজা ভোটবেংকসমূহৰ সুৰক্ষা এইখন চৰকাৰে দিব পাৰিছে বুলি মই ভাবোঁ৷ সমষ্টি পুনৰ নির্ধাৰণ প্রক্রিয়াৰ পিছত অসমৰ কিছু সম্প্রদায়ৰ মাজত ক্ষোভ আছে আৰু কিছু লোকে এই ক্ষোভত জুই দি বৃহৎ কৰাৰ প্রচেষ্টা চলাই আছে৷ কিন্তু উজনি অসমত লোৱা বহু উন্নয়নমূলক প্রকল্পই এই ক্ষোভ দূৰ কৰিব বুলি মই ভােবাঁ৷ অৰুণাচল আৰু মেঘালয়ৰ লগত সীমা সমস্যা সমাধান কৰাৰ ক্ষেত্রত চৰকাৰখনে যথেষ্ট সফলতা লাভ কৰিছে৷ আশা কৰা হৈছে নাগালেণ্ড আৰু মিজোৰামৰ লগত থকা দীর্ঘদিনীয়া সীমা সমস্যা অনাগত দিনত অন্ত পৰিব৷ আৰু এটা কথা ক’ব লাগিব যে হিতাধিকাৰীক সন্তুষ্ট কৰি ৰখাৰ ক্ষেত্রত চৰকাৰখন যথেষ্ট সফল হৈছে৷ মধ্যভোগী কমি যোৱাৰ ফলত হিতাধিকাৰীয়ে প্রত্যক্ষভাৱে সুবিধাখিনি পাইছে, গৰিষ্ঠসংখ্যক লোক সন্তুষ্ট৷ এটা অতি শক্তিশালী ভোট বেছ নির্মাণত চৰকাৰখন সফল হৈছে৷ কিন্তু বহুখিনি মানুহ অসন্তুষ্টও৷ মূল্যবৃদ্ধি, চাকৰিৰ অভাৱ, অর্থৰ অভাৱ৷ অসমৰ বিভিন্ন প্রান্তত এই কথাষাৰ শুনা যায় যে ব্যৱসায়ীৰ হাতত টকা নোহোৱা হৈছে, মধ্যবিত্ত, ক্ষুদ্র ব্যৱসায়ীৰ হাতত পইচা নাই৷ হিতাধিকাৰী, দৰিদ্র শ্রেণী, চৰকাৰী চাকৰিয়ালসকল সুখী৷ কিন্তু বাকীসকলৰ মাজত ক্ষোভ আছে বুলি প্রায়েই শুনা যায়৷ আনহাতে, বৃহৎসংখ্যক মুছলমান সমাজ ৰাজনৈতিকভাৱে বিজেপিৰ ওপৰত ৰুষ্ট৷ এইখন চৰকাৰৰ আটাইতকৈ বৃহৎ প্রত্যাহ্বান এইটো৷ গতিকে চৰকাৰী চাকৰি নকৰা, হিতাধিকাৰী নোহোৱা এইচাম লোকক সন্তুষ্ট কৰাটো বৃহৎ প্রত্যাহ্বান৷ সংখ্যাত যিহেতু এনে লোক সৰহ, গতিকে চৰকাৰে উপযুক্ত ব্যৱস্থাৰে এইেবাৰ দিশ চালি–জাৰি চাই উচিত পদক্ষেপ ল’ব লাগিব৷ মই ভাবোঁ যে মুখ্যমন্ত্রীয়ে এইক্ষেত্রত যাৱতীয় পদক্ষেপ ল’ব৷ প্রশাসনিক ব্যৱস্থাত আৰু অধিক সক্রিয়তাৰ প্রয়োজন আছে৷ ৰাজ্যৰ লগতে কেন্দ্রতো বিজেপি চৰকাৰ থকা বাবে অসমৰ বহুখিনি সুবিধা হৈছে৷ দেশৰ বেষ্ট প্রেকটিচেবাৰ অসমে শিকি বুজি প্রয়োগ কৰিবলৈ প্রয়াস কৰিছে৷ বহুখিনি ভৱিষ্যদর্শী কামো ৰাজ্যখনত হৈ আছে৷ নতুন শিক্ষানীতিৰ অন্তর্গত বহু যুগান্তকাৰী কাম শিক্ষা বিভাগত হৈ আছে৷ যিবোৰে অনাগত দিনত ফলাফল দ্বি৷ মেট্ৰিকৰ পেপাৰ লিক হোৱাৰ নিচিনা ঘটনাই চৰকাৰৰ ইমেজ বেয়া কৰে, এনেকুৱা ঘটনাৰ যাতে আকৌ নহয়, চৰকাৰে চকু দিয়াটো উচিত৷

অর্থনীতি–উদ্যোগৰ ক্ষেত্রত তমান লোৱা পদক্ষেপৰ ফলাফল অনাগত তিনি ছৰত আমি দেখা পাম৷ অসমৰ বিভিন্ন সম্প্রদায় বিশেষকৈ খিলঞ্জীয়া অসমীয়া, নেপালী ভাষী, হিন্দী–বাংলা ভাষী লোকসকলৰ বিজেপিৰ প্রধান ভোটেবংক৷ এইসকল লোকক সাংস্কৃতিকভাৱে একত্রিত কৰাত চৰকাৰখন সফল হৈছে৷ চৰকাৰখন পাব্লিচিটী কেম্পেইন কৰাত সফল হৈছে সফল ৰাজনীতিৰ ক্ষেত্রত কেম্পেইন অতি জৰুৰী৷ মানুহক জনাবলৈ প্রচাৰ লাগিবই৷
চৰ অঞ্চল, চাহ জনজাতীয় অঞ্চলৰ সূচকাংকৰ উন্নয়নৰ বাবে বহুখিনি কাম কৰিবলগীয়া আছে৷ এটা কথা ক’ব লাগিব যে ৰাজনৈতিকভাৱে সংখ্যালঘু সমাজক ক্ষুব্ধ বুলি কোৱা হয়, এন ডি এ চৰকাৰক ভোট নিদিয়ে৷ চৰকাৰখনে সংখ্যালঘু উন্নয়নৰ বাবে বহু পদক্ষেপ লৈছে৷ খিলঞ্জীয়া মুছলমানৰ জৰীপ, সংস্কৃতিৰ সংৰক্ষণ প্রশংসনীয় পদক্ষেপ৷
মোৰ বহু প্রশাসনিক বন্ধুৱে কয় যে বেছিভাগ চৰকাৰী সুবিধা সংখ্যালঘু সমাজে লাভ কৰে, বিশেষকৈ মধ্য আৰু নামনি অসমত৷ কাৰণ তেওঁলোকৰ হাতত চৰকাৰী কাগজ–পত্র সম্পূর্ণকৈ থাকে৷ কাগজ–পত্র ঠিক নথকাকৈ চৰকাৰী সুবিধা লাভ কৰিব নোৱাৰি৷ এই অজ্ঞতা দূৰ কৰি এচাম লোকক কাগজ–পত্রৰ প্রক্রিয়া সম্পূর্ণ কৰাৰ বাবেও প্রশিক্ষণ দিব লাগে৷ ঈদৰ সময়ত গুৱাহাটী বা অন্য চহৰতো কাম কৰা স্কিল তথা কম স্কিলৰ মানুহ নাথাকে৷ ঈদৰ সময়ত আমি ৰঙালীৰ আয়োজন কৰোঁতে দেখিলোঁ টেণ্ট নির্মাণ, মাটি পেলাবলৈ বনুৱা আনকি গাডীচালকৰো অভাৱ৷ ঘৰ নাই থকা লোকে গম পাব, ৰাজমিস্ত্রী, টাইলছ লগোৱা, কাঠ মিস্ত্রী ইত্যাদি বেছিভাগেই পমুৱা মুছলমান৷ সমাজৰ বিভিন্ন শ্রেণীৰ কাম–কাজত এতিয়া সংখ্যালঘু সমাজে নেতৃত্ব দিছে৷ আৰু লাহে লাহে এয়া বৃদ্ধি পাইছে৷ পূৰ্বতে থকা বিহাৰী কর্মী লোকো কমি গৈছে৷ কিন্তু তাৰ সমান্তৰালভাৱে সংস্থাপনৰ বাবে হাবাথুৰি খোৱা বৃহৎসংখ্যক লোক বহি আছে৷ এইখন চৰকাৰৰ মূল ভোট বেংকৰ বহু লোক সংস্থাপনৰ অভাৱত উপযুক্ত স্কিলৰ অভাৱত বহি আছে৷ এওঁলোকক কি দৰে কামত লগাব পাৰি? কর্ম সংস্থাপন দিব পাৰি? অর্থৱহভাৱে তেওঁলোকক আগবঢ়াই নিয়াৰ ক্ষেত্রত এইখন চৰকাৰৰ ব্যাপক ভূমিকা আছে৷ তাৰ কাৰণে ব্যাপক পৰিকল্পনা লাগিব৷ দক্ষতা বৃদ্ধি, স্বনিয়োজন, সংস্থাপন বৃদ্ধি এই সকলো ক্ষেত্রতে ব্যাপক আঁচনিৰ প্রয়োজন৷ হিমন্ত বিশ্ব শর্মাৰ সুদক্ষ নেতৃত্বৰ অধীনত মই ভােবাঁ অনাগত দিনত এনেধৰণৰ বহু কাম হ’ব৷ মন্ত্রীসভাৰ সদস্যসকলৰ কাম কৰাৰ হাবিয়াস আছে৷ এইখিনি মোৰ দৃষ্টিত অসমৰ সুৱর্ণ সময়৷ আইন–শৃংখলাৰ পৰিস্থিতি সুন্দৰ, যোগাযোগৰ ব্যৱস্থা ভাল, আন্দোলন–বন্ধ কমি গৈছে আৰু ৰাজ্যখনৰ নেতৃত্বত এজন সুদক্ষ, কর্মোদ্যমী ব্যক্তি৷ আমোলা ব্যৱস্থা, সহযোগী ছিষ্টেমৰ সহায় পালে অসমখন কম সময়ৰ ভিতৰতে দেশৰ এখন শ্রেষ্ঠতম ৰাজ্যলৈ ৰূপান্তৰ হ’ব৷ এই প্রক্রিয়া আৰম্ভ হৈছে আৰু আৰু তিনি বছৰত অসম আৰু বহু আগুৱাই যাব বুলি আশা কৰিছোঁ৷ চৰকাৰৰ সকলোলৈকে শুভেচ্ছা থাকিল৷