ক’ৰোনা কৱচঃ ক’ৰোনাক্ৰান্তৰ বাবে বীমা পলিচীৰ সুবিধা…

নিয়মীয়া বাৰ্তা, ১৭ ছেপ্টেম্বৰঃ ভাৰতত ক’ৰোনাৰ প্ৰকোপ প্ৰতিদিনে বাঢ়ি গৈ আছে। এনেদৰে বৃদ্ধি হৈ থাকিলে যে অনতি পলমে আমেৰিকাক চেৰ পেলাই দেশখনে ক’ৰোনাক্ৰান্তৰ সংখ্যাৰে শীৰ্ষত থাকিব, তাত কোনো সন্দেহ নাই। এই অৱস্থাত ভাৰতীয় বীমা নিয়ামক আৰু বিকাশ প্ৰাধিকৰণ (IRDAI)ৰ নিৰ্দেশমৰ্মে সকলো বীমা কোম্পানীয়ে ক’ৰোনা কৱচ নামৰ বীমা পলিচী মুকলি কৰিছে।

জানিব পৰা মতে, কম সময়ৰ এই পলিচী চাৰে তিনি মাহ, চাৰে ছমাহ আৰু চাৰে নমাহৰ বাবে নিৰ্ধাৰণ কৰা হৈছে। ৫০ হাজাৰৰ পৰা ৫ লাখলৈ বীমাৰাশি নিৰ্দিষ্ট কৰা হৈছে। ইয়াৰ উপৰি বীমা কোম্পানীয়ে ক’ৰোনা ৰক্ষক নামৰ আন এক ব্যক্তিগত পলিচীও মুকলি কৰিছে। ১৫ দিনৰ ৱেটিং পিৰিয়ডৰ পিছত সক্ৰিয় হ’ব এই দুয়োটা পলিচী।

অৰিয়েণ্টেল ইনচুৰেঞ্চ, নেচনেল ইনচুৰেঞ্চ, এছ বি আই জেনেৰেল ইনচুৰেঞ্চ আদি ভিন্ন ইনচুৰেঞ্চ কোম্পানীৰ জৰিয়তে ক’ৰোনা কৱচ বীমা কৰিব পাৰিব। চৰকাৰী অথবা মান্যতাপ্ৰাপ্ত লেবত টেষ্ট কৰাৰ পিছত ক’ৰোনা পজিটিভ আহিলে হাস্পতালৰ চিকিৎসাৰ খৰচ এই বীমাৰ জৰিয়তে বহন কৰিব পৰা যাব।

ক’ৰোনা কৱচ বীমা অনুযায়ী হাস্পতালৰ ৰুম, মাস্ক, পি পি ই কিট, গ্লোভছ তথা আন খৰচো বীমাৰ অন্তৰ্ভুক্ত হ’ব। আনহাতে ক’ৰোনা সংক্ৰমিত ব্যক্তিৰ আনুষংগিক খৰচো এই বীমাই বহন কৰিব। উল্লেখ্য ভাৰতত এই বীমা ১০ জুলাইৰ পৰা আৰম্ভ হৈছে।