২৬ জুলাইৰ পিছত

২৬ জুলাইৰ পিছত কি? কোনোৱে কৈছে শক্তিৰ মোকাবিলা শক্তিৰে হ’ব লাগে৷ ইয়াৰ সৰল অর্থটো হৈছে সাতজন নিহত হৈছে, তিনি কুৰিজন আহত হৈছে৷ প্রত্যুত্তৰত সমীকৰণটো এনেকুৱা হওক৷ কোনোৱে কৈছে, অর্থনৈতিক প্রতিবন্ধকতাৰে প্রতিশোধ ল’ব লাগে৷ আনকি অসমৰ পৰা মিজোৰাম হাউছ উৎখাত কৰিব লাগে বুলিও কোনো কোনো মহলে দাবী জনাইছে৷ মানে যুদ্ধ এখনৰ পাতনি মেলিব লাগে৷ একে ধৰণৰ প্রতিক্রিয়া মিজোৰামতো দেখা গৈছে৷ ৰাজ্যখনৰ সংবাদ মাধ্যম, সামাজিক মাধ্যম সকলোতে অসমবিৰোধী চর্চা৷ ৰাজ্যসভাৰ সাংসদ কে ভানলালভেনাই ইয়াত ঘি ঢ়ালিবলৈ অপচেষ্টা চলাইছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক এইকেইদিন সামাজিক মাধ্যমত যিদৰে অপমানিত কৰা হৈছে, তেওঁ চাগে’ সমগ্র ৰাজনৈতিক জীৱনতে ইমানখিনি গালি–শপনি খোৱা নাই৷ যুদ্ধৰ উন্মাদনা সীমাৰ সিপাৰেও৷ কিন্তু এই যুদ্ধৰ হুংকাৰ কাৰ বিৰুদ্ধে? কোন কাৰ শত্রু? অসমৰ জনগণ মিজো জনসাধাৰণৰ শত্রু নেকি? নে মিজোৰামৰ জনসাধাৰণ অসমৰ শত্রু? অসমৰ ছজন আৰক্ষীসহ সাতজন লোক নিহত হৈছে৷ এই বেদনা অসহনীয়৷ অসমৰ প্রতিজন নাগৰিকক এই বেদনাই চুই গৈছে৷ অন্তৰ ভেদি গৈছে৷ কিন্তু সমস্যাটোৰ সমাধান যুদ্ধৰে আহিবনে? লাইলাপুৰত যিকেইজন অসম আৰক্ষীৰ জোৱান শ্বহীদ হ’ল, তেওঁলোকে অসমৰ ভৌগোলিক অখণ্ডতা ৰক্ষা কৰিবলৈ গৈ আত্মাহুতি দিছে৷ ভৌগোলিক অখণ্ডতা ৰক্ষা কৰি তেওঁলোকৰ ত্যাগক সন্মান আৰু শ্রদ্ধাঞ্জলি যাচিব লাগিব৷ কিন্তু?
মিজোৰামসহ উত্তৰ–পূবৰ কেউখন ৰাজ্যৰ সৈতে অসমৰ সম্পর্ক যুগান্তৰৰ৷ আন আন বিষয় বাদ দিওঁ এটা কথা ক’ব পাৰি যে আমি প্রতিখন ৰাজ্যৰ জনসাধাৰণৰ আনুভূতিক সম্পর্কৰে বান্ধ খাই আছোঁ৷ সেয়ে মীৰাবাঈ চানুৱে অলিম্পিকত বঁটা পালে অসমৰ জনসাধাৰণৰ এনে লাগে যেন নিজৰ কন্যা এগৰাকীয়ে সেই সাফল্য লাভ কৰিছে৷ আনন্দত আত্মহাৰা হৈ পৰোঁ৷ অসম দুহিতা লাভলীনা বৰগোহঁায়ে অলিম্পিকত পদক নিশ্চিত কৰাৰ আনন্দও উত্তৰ–পূবৰ বাকী ৰাজ্যকেইখনৰ বাবে আৱেগৰ একেখন তুলাচনীত উঠা৷ আনকি সংঘাতময় দিনতো মিজোৰামৰ জনগণে লাভলীনা বৰগোহঁাইৰ সাফল্যত একেই প্রতিক্রিয়া দেখুৱাইছে৷ওডিশা, মহাৰাষ্ট্র, তামিলনাডু নতুবা ভাৰতবর্ষৰ আন ৰাজ্যৰ ক্ষেত্রত আৱেগৰ এনে প্রকাশ দেখা যায়নে? অৱশ্যে ইয়াৰ অর্থ এইটোও নহয় যে ভাৰতবর্ষৰ কোনো ৰাজ্যৰ সন্তানৰ কৃতিত্বত উত্তৰ–পূব উদাসীন৷ কিন্তু উত্তৰ–পূবৰ প্রেক্ষাপটত ইয়াৰ অনুভৱেই সুকীয়া৷
এই লেখাটোৰ আৰম্ভণিতে কোৱা হৈছে, ২৬ জুলাইৰ পিছত কি? অসম চৰকাৰে এতিয়ালৈকে সেইখিনিকে কৰিছে, যিখিনি কম–বেছি পৰিমাণে দিছপুৰত আন দলৰ চৰকাৰ থাকিলেও কৰিলেহেঁতেন৷ প্রথম কথা ভৌগোলিক অখণ্ডতাৰ নিশ্চিতি বা স্থিতাৱস্থা বাহাল৷ দ্বিতীয়তে খং–ৰাগ–আৱেগত উটি–ভাহি নগৈ সংযম আৰু মগজুৰে পৰিস্থিতিৰ মোকাবিলা৷ ইয়াৰ বিকল্পও নাই৷ উত্তৰ–পূবৰ ৰাজ্যকেইখনৰ সৈতে যিকোনো সমস্যাৰ সমাধান, সংকট–সংঘাতৰ মোকাবিলা কৰোঁতে অসমে দায়িত্বশীল আচৰণ কৰিবই লাগিব৷ সংঘাতৰ পথ পৰিহাৰ কৰি আলোচনাৰ মেজত সমস্যাৰ সমাধান উলিয়াবলৈ যত্ন কৰিব লাগিব৷ মিজোৰামৰ দৰে অসমেও ৰাজ্যখনৰ মুখ্যমন্ত্রীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব পাৰিলেহেঁতেন৷ সেইটো কৰা নাই৷ সেইসকল লোককহে অভিযুক্ত কৰা হৈছে, যিসকলৰ লাইলাপুৰত প্রত্যক্ষ ভূমিকা আছে বা আইনে দিয়া দায়িত্ব পালন কৰা নাই৷ সেইবাবে ৰাজ্যসভাৰ সাংসদ কে ভানলালভেনাক ৰেহাই দিয়া হোৱা নাই৷ কিয়নো তেওঁৰ বক্তব্য চৰম উচটনিমূলক৷ তেনে বক্তব্যই পৰিস্থিতিৰ অধিক অৱনতি ঘটোৱাৰ সম্ভাৱনা থাকে৷ লোকক হিংসাৰ বাবে প্রৰোচিত কৰাৰ আশংকা থাকে৷ ২৬ জুলাৰ দিনটোৱে বিচাৰে পৰিস্থিতিৰ নির্মোহ বিশ্লেষণ৷ এইটো দুয়োপক্ষই কৰিব লাগিব৷ মিজোৰামৰ একাংশ আক্রমণকাৰীৰ হাতত আধুনিক মাৰণাস্ত্র আছিল৷ তেওঁলোক আৰক্ষী বা নিৰাপত্তা বাহিনীৰ অংশীদাৰ নহয়৷ লোকসকলক অস্ত্র কোনে দিলে? কিয় দিলে? কোন বাটেৰে সেই অস্ত্র আহিল? অস্ত্র যোগান ধৰোঁতাৰ উদ্দেশ্য কি? মিজোৰামৰ সীমা সুৰক্ষা নে আন কিবা? মিজোৰাম চৰকাৰে সেই সত্যৰ অনুসন্ধান কৰিব লাগিব৷ ইয়াৰ আঁৰত আন কোনো চক্রান্ত নিহিত হৈ থাকিব পাৰে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অস্ত্র সৰবৰাহ আৰু আক্রমণকাৰীৰ হাতত সেই অস্ত্র তুলি দিয়াৰ আঁৰত আছে আন্তর্জাতিক ড্রাগ্ছ মাফিয়া৷ কিয়নো অসমত নতুন চৰকাৰখনে কার্যভাৰ হাতত লোৱাৰ পিছৰে পৰা ড্রাগ্ছৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে অভিযান চলাই আছে৷ সেই ড্রাগ্ছ অসমৰ বাহিৰৰ পৰা অর্থাৎ আন্তর্জাতিক সীমাৰ সিপাৰৰ পৰা আহে৷ তাৰে মাজত মিজোৰাম নামৰ ৰাজ্যখনো পৰে৷ আজি যদি ড্রাগ্ছ মাফিয়াই মিজোৰামৰ কোনো কোনো লোকৰ হাতত অস্ত্র তুলি দি অসমৰ বিৰুদ্ধে ব্যৱহাৰ কৰিব পাৰিছে, কাইলে একেখিনি অস্ত্র মিেেজাৰাম চৰকাৰ নাইবা ৰাজ্যখনৰ জনগণৰ বিৰুদ্ধেও উঠিব পাৰে৷ তেতিয়া? তদুপৰি কোনো এখন ৰাজ্য চৰকাৰে জনগণৰ হাতত এইদৰে অবৈধ অস্ত্র মজুত থকাটোত নীৰৱে থাকিব নোৱাৰে৷ সংবিধানে সেইটোত অনুমতি নিদিয়ে৷ সেয়াই নহয়, দায়িত্বশীল চৰকাৰ এখনে ইয়াৰ বিৰুদ্ধে কার্যকৰী ব্যৱস্থা হাত ল’বই লাগিব৷ তদুপৰি, লাইলাপুৰত অসম আৰক্ষীৰ ছজন জোৱানসহ সাতজন নিহত আৰু প্রায় তিনি কুৰিজন আহত হোৱাৰ পিছত মিজোৰাম আৰক্ষীৰ বন্য উল্লাহৰ যিখন ছবি পোহৰলৈ আহিছে, সেইটো চিন্তাৰ বিষয়৷ কেনেধৰণৰ মানসিকতাৰে গঢ়া হ’লে প্রতিৱেশী ৰাজ্য এখনৰ আৰক্ষী, প্রশাসনিক বিষয়া নিৰীহ জনগণলৈ গুলীচালনা কৰি তেনে বন্য উল্লাহত মত্ত হ’ব পাৰি মিজোৰাম চৰকাৰে সেইটো বিশ্লেষণ কৰি চোৱা দৰকাৰ৷ অসম চৰকাৰৰ বাবেও সমস্যাটোত বিশ্লেষণৰ প্রয়োজন আছে৷ লাইলাপুৰৰ যিটো অঞ্চলত ভূমিক লৈ সংঘাত হৈছে, সেয়া বনাঞ্চলহে৷ অঞ্চলটো মিজোৰামে নিজৰ বুলি দাবী কৰে৷ অসমেও নিজৰ বুলি দাবী কৰে৷ অলপ সময়ৰ বাবে ইয়াক সুকীয়া বিষয় বুলি ধৰি ল’লে, পাহাৰীয়া অঞ্চলটোত খেতিৰ উপযোগী মাটিখিনি কাৰ দখলত আছে, সেইটোও এবাৰ পৰীক্ষা কৰি চোৱা দৰকাৰ৷ ভূমিখিনি বাংলাদেশীয়ে দখল কৰি আছে নেকি? তেওঁলোকে ক্রমে ক্রমে বেদখলৰ পৰিধি বৃদ্ধি কৰি সীমাৰ দুয়োপাৰৰ জনগণৰ কাৰণে উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি কৰিছে নেকি? যদি তেনে কোনো অৱস্থাৰ উদ্ভৱ হৈছে, অসমে ইয়াৰ বিৰুদ্ধে যথাবিহিত ব্যৱস্থা ল’ব লাগিব৷ শেহতীয়াকৈ অসমৰ আন্তঃৰাজ্যিক সীমান্ত ৰক্ষার্থে ৰাজ্য চৰকাৰে বিশেষ বাহিনী গঠনৰ উদ্যোগ লৈছে৷ নিজৰ ৰাজ্যখনৰ সীমা সুৰক্ষিত কৰি ৰখাৰ স্বার্থত অসম কিয় নাগালেণ্ড, মিজোৰাম, অৰুণাচল সকলোৰে দায়িত্ব আৰু কর্তব্য আছে৷ কিন্তু সেই সিদ্ধান্ত গ্রহণ কৰোঁতে দিছপুৰে কিছু কৌশল হাতত লোৱাৰ আৱশ্যক আছিল৷ ৰাজ্য চৰকাৰৰ এনে সিদ্ধান্তই প্রতিৱেশী ৰাজ্যত কিবা বিৰূপ প্রভাৱ পেলাব পাৰে নেকি, তাক অধ্যয়ন কৰি চোৱাৰ আৱশ্যক আছিল৷ নাগালেণ্ড, মিজোৰামকে ধৰি দুই–এখন ৰাজ্যত ইয়াৰ ভুল ব্যাখ্যা কৰি সংবাদ–পত্রত সম্পাদকীয়পর্যন্ত পঢ়িবলৈ পাইছিলো৷ আগেয়ে কৈছোঁ, উত্তৰ–পূবৰ ৰাজ্যকেইখনৰ সৈতে যিকোনো বিষয়ৰ মোকাবিলাৰ ক্ষেত্রত অলপ ভিন্ন দৃষ্টিৰে চাবলগীয়া হয়৷ দেশখনৰ আন অংশৰ জনসাধাৰণেও বিচাৰে অসমে জ্যেষ্ঠ ভাতৃ হৈ উত্তৰ–পূবৰ সকলোকে একেলগে আগবঢ়াই নিয়াত নেতৃত্ব লওক৷
২৬ জুলাইৰ ভয়ংকৰ দিনটোৰ পিছত অসমৰ লাইলাপুৰ আৰু মিজোৰামৰ ভাইৰেটিং অঞ্চলৰ চাৰি কিলোমিটাৰ অংশৰ নিয়ন্ত্রণ কেন্দ্রীয় চৰকাৰে নিজৰ নিয়ন্ত্রণলৈ নিছে৷ চিআৰপিএফৰ মহাপৰিদর্শক চৰবজিৎ সিং আৰু সহকাৰী অধিনায়ক এছ কে বসুৱে অঞ্চলটোৰ দায়িত্ব গ্রহণ কৰিছে৷ দেওবাৰে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু মিজোৰামৰ মুখ্যমন্ত্রী জোৰামথাংগাৰে হোৱা টেলিফেনিক বার্তালাপে কেইবাটাও যোগাত্মক দিশ কঢ়িয়াই আনিছে৷ সেই অনুসৰি, বিবদমান অঞ্চলত দুয়োখন ৰাজ্যৰ কোনো বাহিনীয়ে অস্ত্র নিব নোৱাৰিব৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু ৰাজ্যসভাৰ সাংসদ কে ভানলালভেনাৰ বিৰুদ্ধে গোচৰ প্রত্যাহাৰৰ নির্দেশ দিয়া হৈছে৷ মিজোৰামৰ মুখ্যমন্ত্রীয়ে ছ’চিয়েল মিডিয়াযোগে ঘৃণা বিয়োপোৱাটো বন্ধ কৰিবলৈ নিজ ৰাজ্যৰ জনসাধাৰণলৈ অনুৰোধ জনাইছে৷ তদুপৰি আলাপ–আলোচনাৰে সমস্যাটোৰ সমাধান সূত্র উলিয়াবলৈ সন্মত হৈছে৷ ২৬ জুলাইৰ পিছত এনেবোৰ সিদ্ধান্তৰেই আৱশ্যক আছিল৷ অসমত উপ–নির্বাচন আহি আছে৷ সকলো ৰাজনৈতিক দলে লাইলাপুৰক ৰাজনীতিৰ পৰা আঁতৰাই ৰাখক৷