নাৰী নহয় নিৰ্যাতিত পুৰুষৰ এখন আশ্ৰম আছে ভাৰতত, পূজা কৰে মতা কাউৰীক…

নিয়মীয়া বাৰ্তা, ১৯ অক্টোবৰঃ ভাৰতত বহুতো তীৰ্থ আশ্ৰম আছে। ইয়াৰ বিষয়ে আপুনি জ্ঞাত। কিন্তু এনে এখন আশ্ৰম আছে, যাৰ বিষয়ে সাধাৰণতে ধাৰণা কৰা নাযায়। কাৰণ সকলো আশ্ৰমতকৈ ই পৃথক। আশ্ৰমখন সেইসকল লোকৰ বাবে নিৰ্মাণ কৰা হৈছে, যিসকল পত্নীৰ নিৰ্যাতনৰ সন্মুখীন হৈছে।

শুনিবলৈ আচহুৱা যেন লাগিলেও ইয়ে সঁচা। মহাৰাষ্ট্ৰৰ ঔৰংগবাদ জিলাত অৱস্থিত এই আশ্ৰমখন নিৰ্মাণ কৰিছে পত্নীৰ নিৰ্যাতনৰ সন্মুখীন হোৱা লোকে আৰু ইয়াত আশ্ৰয় লাভৰ বাবে কোনো এগৰাকী লোক হব লাগিব পত্নীৰ দ্বাৰা নিৰ্যাতিত। ঔৰংগবাদৰ জিলা সদৰৰ পৰা ১২ কিলোমিটাৰ দূৰত্বৰ মুম্বাই-সিৰ্ডি হাইৱেৰ কাষত খোলা হৈছে আশ্ৰমখন।

আশ্ৰমখনৰ মুখ্য সংস্থাপক ভাৰত ফুলাৰে জনোৱা মতে, তেওঁ নিজে পত্নীৰ দ্বাৰা নিৰ্যাতিত আছিল। মিছা অভিযোগৰ ভিত্তিত পত্নীয়ে গাৰ্হস্থ্য হিংসা আইনৰ অধীনত তেওঁক যথেষ্ট নিৰ্যাতন কৰে আৰু শেষত এনে নিৰ্যাতনৰ সন্মুখীন হোৱা লোকক লগ পাই আশ্ৰম খোলাৰ বাবে অনুপ্ৰাণিত হয়। সেই মৰ্মে ১৯ নৱেম্বৰ ২০১৬ত স্থাপন কৰে আশ্ৰমখন। তেতিয়াৰ পৰা আশ্ৰমখনে সহায় কৰি আছে পত্নীৰ দ্বাৰা নিৰ্যাতিত পুৰুষক।

পূজা কৰা হয় কাউৰীৰ

আশ্ৰমখনত এটা কাৰ্যালয়ো আছে, য’ত নিৰ্যাতিত পুৰুষক দিয়া হয় আইনী সমাধান। কাৰ্যালয়ৰ কোঠাতে এটা ডাঙৰ কাউৰীৰ মূৰ্তি আছে, ইয়াত পূজা কৰা হয় ধূপ-চাকি জ্বলায়। প্ৰচলিত আখ্যান মতে মাইকী কাউৰীয়ে কণী পৰাৰ পিছত বাহ এৰি গুচি যায় আৰু মতা কাউৰীয়ে লালন-পালন কৰে সন্তানৰ। সেয়ে মতা কাউৰীৰৰ মূৰ্তি সাজি পূজা কৰা হয় তাত।