বর্তমানৰ কর্মযোগী মুখ্যমন্ত্রীৰ কর্মৰ এক অৱলোকন: দয়ালু পুৰুষ শ্রেষ্ঠঃ সর্বজন্ত উপকাৰক

  • ড০ পীতাম্বৰ দেৱগোস্বামী

 

সর্বাংশে সমাজৰ হিত চিন্তা কৰা ব্যক্তিগৰাকী দয়ালু পুৰুষ ৰূপে পৰিচিত৷ তেনে সমাজপ্রাণ, দয়াদ্র অন্তৰৰ অধিকাৰীজন সমাজৰ শ্রেষ্ঠ পুৰুষৰূপেও অভিহিত ২০২১ চনত মুখ্যমন্ত্রীৰ দায়িত্ব লোৱা বর্তমানৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা তেনে আখ্যাৰে আখ্যায়িত এগৰাকী সমাজৰ জননেতা৷ দুবছৰৰ ভিতৰত দিন–ৰাতি একাকাৰ কৰি সমাজৰ প্রতিটো দিশত কেৱল কর্ম তৎপৰ হৈ সমাজৰ সেৱাত নিজকে নিয়োগ কৰি যি কর্মৰ চানেকি দাঙি ধৰিছে এয়া ৰাজনৈতিক, সামাজিকভাৱে সমাজ ধৰি ৰখাৰ এক দৃষ্টান্তমূলক আদর্শ৷ কর্মপটু, কর্ম বিচক্ষণ, কর্ম নিষ্ঠাশীল আৰু গভীৰ চিন্তাৰ নায়ক ড০ হিমন্ত বিশ্ব শর্মা৷ বিশেষকৈ অসমৰ ধর্মীয় সমাজ, সাংস্কৃতিক সমাজ, সুৰক্ষাৰ স্বার্থত যি দীর্ঘম্যাদি আঁচনি মুখ্যমন্ত্রীৰ নেতৃত্বত গ্রহণ কৰা হৈছে ই অসমীয়া সমাজ ৰক্ষাৰ এক ইতিবাচক বার্তা৷ সমাজক যি ৰঘুমলাৰ দৰে বিষাক্ত উপাদানেৰে ছানি ধৰিব পাৰে, তাৰ প্রতি নজৰ ৰাখি সমাজক ক্ষতি কৰিব পৰা অল্পায়ুসৰ আগজাননী দিয়া অক্টোপাছ সদৃশ কেঁকোৰা চেপাবোৰ আৰু পৰিৱেশক বিষাক্ত কৰিব পৰা কাৰকবোৰ নির্মূল কৰাৰ দায়িত্ব কান্ধপাতি লৈ দুর্যোগ–দুর্নীতিৰ শিপা ডভালি পেলোৱাৰ যি নিৰন্তৰ প্রয়াস, ৰাহজে ভৰসা কৰা ৰজাৰ হ সময়োচিত দায়িত্ব পালনৰ যুগুতি৷ শিক্ষা, ক্রীডা, সাহিত্য, কলা–সংস্কৃতি, ধর্মীয় ভাবনা সকলো লৈয়ে এখন সমাজ৷ সমাজৰ এহ পৰিভাষাৰ সমুন্নতি সাধন, শর্মাৰ যেন জীৱন মালিতা৷ সকলো থকাৰ পিছতো অর্থনৈতিকভাৱে স্বচ্ছলতা নাথাকিলে সমাজ হ’ব অথিৰ–বিৰ৷ নিবনুৱাৰ হাতত অর্থৰ বৃত্তি যোগান ধৰি নিষ্পেষিত, দুর্গতসকলক প্রাণোচ্ছল সকাহ দিয়া শর্মাৰ কার্যকালৰ এক যোগাত্মক কল্যাণী চিন্তা৷ অসমীয়াৰ শৌর্য–বীর্য তথা সমৃদ্ধ সংস্কৃতিৰ বতৰা বিশ্বৰ সন্মুখত দাঙি ধৰাৰ শর্মৰ যি চিন্তন হয়াতেহ আছে সামাজিক দায়বদ্ধতাৰ মন্ত্র৷ ইয়াৰ উদাহৰণ–বীৰ লাচিত, চৰাইদেড মৈদাম আৰু অসমীয়া জাতীয় বিহুক বিশ্বৰ জনতাৰ মাজত উপস্থাপন কৰা সেই চিৰসেউজ বার্তা৷ লাচিতৰ বিষয়ে চাৰি লাখ ৰচনা লিখি ডলিওৱা আৰু ১১ হাজাৰ ঢুলীয়া–নাচনীৰে পৰিশীলিত ৰূপত বিহু প্রদর্শন কৰা কার্য নিতান্তহ এক জাতীয় বার্তা প্রদানৰ স্বর্ণিল পৰিচয়৷ ২০২৩ চনৰ ৩ ডিচেম্বৰত আমাৰ উত্তৰ গুৱাহাটী আউনীআটী শাখা সত্রৰ প্রাংগণত ব্রহ্মপুত্রৰ বালিচৰত ৫ হাজাৰ আহৰ দ্বাৰা যি দিহানাম পৰিৱেশন হৈছিল সেহদিনাই উপস্থিত সকলোকে দিছিল নান্দনিক তত্ত্বৰ ৰস আৰু মন–প্রাণ শাত পেলোৱা অনুভৱ৷ এনে অনুভৱক আৰু ওপৰলৈ নি সৰুসজাহত ১১ হাজাৰ ঢুলীয়া–নাচনীৰ সমাৱেশেৰে প্রতিজনৰে চুই গৈছিল হূদয়, ৰোমাঞ্চিত কৰি তুলিছিল প্রতিজনৰে মন–প্রাণ আত্মা৷ গোটেহ বিশ্বতে লগাহছিল খলকনি বিহুৰ এহ দৃশ্যহ বিশ্বৰ জনতাক দিছিল এক সন্মোহনী বার্তা, হয়াৰ মূলতে আছিল ড০ হিমন্ত বিশ্ব শর্মাৰ অতি তৎপৰ দূৰদর্শী চিন্তা৷ ২০১২ চনত ডত্তৰ গুৱাহাটী আডনীআটী শাখা সত্র প্রাংগণত সেই একেই ক্ষেত্রতে অনুষ্ঠিত হোৱাবর্ণীল সাংস্কৃতিক সমাৰোহত ড০ হিমন্ত বিশ্ব শর্মাই আধ্যাত্মিকতাৰ ওপৰত যি মননশীল বত্তৃণতা প্রদান কৰিছিল সেহ মুহূর্তত আমাৰ মুখৰ পৰা স্বতঃস্ফুর্তভাৱে ডচ্চাৰণ হৈছিল ‘এনে পুৰুষৰ শীৰত ফুল চন্দন বর্ষিত হওক’ ঠিক কিছুদিনৰ পিছতেহ শর্মাদেৱে বিজেপি পৰিয়ালৰব্যক্তিৰূপে যিদিনা ভুমুকি মাৰিছিল, বৰঝাৰ বিমান কোঠৰ পৰা নমাৰ মুহূর্তৰ পৰাহ এনেদৰে শর্মাদেৱৰ শিৰত ফুল সিঞ্চিত হ’ল সেহ দৃশ্য দেখি আমি নিজেও শিহৰিত হৈ পৰিছিলো৷ অতি বিচক্ষণ দৃষ্টিভংগীৰ অধিকাৰী এই পুৰোধা নেতাগৰাকীৰ বাবে এয়া যথার্থ প্রাপ্য৷ এই কর্মযোগী মুখ্যমন্ত্রীগৰাকীৰ পৰা বিশেষকৈ অসমীয়া ৰাহজে আশা কৰে জ্বলন্ত সমস্যাসমূহৰ পৰা পৰিত্রাণ লাভ কৰি এক শংকামুক্ত জীৱন ৰাহজে যাতে যাপন কৰিব পাৰে৷ হয়াৰ ভিতৰত নাগৰিক সমস্যা, বান, খহনীয়া সমস্যা, ভূমি সমস্যা, গৃহহীনৰ সমস্যা, ৰাজ্যৰ সীমা বিবাদৰ সমস্যা, নিবনুৱা সমস্যা, মূল্যবৃদ্ধিৰ সমস্যা প্রধান৷ আৰু সমাজে আশা কৰে নীতি মূল্যবোধেৰে এখন পৰিশীলিত সমাজ গঢ় দিয়া৷ সঁচা, বর্তমান বহুলাংশে দালান আছে, অট্টালিকা আছে কিন্তু প্রকৃত মৰম শ্রদ্ধা সন্মান যচা, সহানুভূতি থকা, একেলগে খোৱা–লোৱা কৰা, একেলগে বাস কৰি পৰস্পৰৰ বিচাৰ কৰি থকা ঘৰখন নোহোৱা হৈছে৷ যাৰ ফলত প্রকৃত আত্মিক সম্পর্কৰ বিচ্ছিন্নতা ঘটিছে, কেৱল বস্তু আৰু ভোগৰ চিন্তাত বাহ্যিক আভৰণেৰে মানুহক কৰিছে যান্ত্রিক৷ মনুষ্য জীৱনৰ কোমল অন্তৰখনৰ পৰিৱর্তে মানুহ কঠোৰৰ পৰা কঠোৰলৈ গতি কৰিছে৷ বর্তমান একাডেমিক শিক্ষাৰে শিক্ষিত হৈ যথাযথ বৃত্তি গ্রহণ কৰিছে, কিন্তু অন্তঃনিষ্ট মানুহজনৰ পৰিচয় বহু পৰিমাণে অভাৱ ঘটিছে৷ এই অভাৱ আজি শিক্ষানুষ্ঠানসমূহে দূৰ কৰিব পৰা নাহ৷ সেয়ে এই অভাৱ দূৰীকৰণার্থে বিশেষকৈ মানুহ গঢ়াৰ উদ্দেশ্যে আউনীআটী বিশ্ববিদ্যালয় প্রতিষ্ঠাৰ সংকল্প লোৱা হৈছে, য’ত থাকিব অনাদৃত শিল্পীসকলৰ স্বীকৃতি প্রদান আৰু হেৰুৱা সংস্কৃতি ডদ্ধাৰৰ নিহিত ডদ্দেশ্য৷ আমি আশা কৰিম মুখ্যমন্ত্রীগৰাকীয়ে মানৱ সমাজৰ হেৰোৱা সত্তা ডদ্ধাৰৰ বাবে আত্মনিয়োগ কৰি আগবঢ়া বিশ্ববিদ্যালয়খনৰ বাবে যদি সর্বতো প্রকাৰে দৃষ্টি প্রদান কৰে, সমাজৰ শুদ্ধ বাতাৱৰণ ৰক্ষাত তথা মুখ্যমন্ত্রী ডাঙৰীয়াৰ কর্ম–যজ্ঞক সার্থক ৰূপত প্রতিপন্ন কৰাত ই নিশ্চিতভাৱে বহুলাংশে ইন্ধন যোগাব৷ সমাজৰ প্রগতি, সমাজৰ সুৰক্ষা, সমাজৰ শান্তি সকলোৰে কাম্য৷ কোনো কাৰণতে ভাগৰুৱা নোহোৱা হতাশাত নোভোগা বর্তমানৰ মুখ্যমন্ত্রীগৰাকীয়ে য’ত সহানুভূতিশীলতাৰ প্রয়োজন তাত তেনে দৃষ্টি নিক্ষেপ কৰি অসমৰ সমাজে বিচৰা, আশা কৰা৷ সমাজখনৰ বাবে একে অত্যুৎসাহেৰে কর্ম কৰি যাব, আমি এনে বাঞ্চা কৰিলোঁ এই কর্মঠ মুখ্যমন্ত্রীগৰাকীক সকলোৱে আন্তৰিক সহযোগিতা আগবঢ়ালেহে কর্মৰ যথোচিত প্রতিফলন ঘটিব৷ এই দৃষ্টিভংগী সকলোৱে ল’বহ লাগিব৷ পৰিশেষত শ্রীশ্রী গোবিন্দহ কর্মযোগী মুখ্যমন্ত্রীগৰাকীক সর্বপ্রকাৰে আৰু শক্তিমন্ত কৰি তোলক আমি তাৰ বাবে মহাপ্রভুৰ চৰণত প্রার্থনা জনালোঁ৷