স্বামীৰ জীৱনলৈ আহিছে নেকি অন্য নাৰী, কেনেদৰে জানিব?

নিয়মীয়া বাৰ্তা, ২০ অক্টোবৰঃ বিবাহ হৈছে প্ৰেম আৰু বিশ্বাসেৰে পৰিপূৰ্ণ বন্ধন। অৱশ্যে কেতিয়াবা হঠাতে পত্নী চিন্তিত হয় স্বামীৰ আচৰণ সলনি হ’লে। প্ৰতাৰণা কৰাৰ ভয় জন্মে। আচৰণ পৰিৱৰ্তনৰ আঁৰৰ ৰহস্য জনাৰ ক্ষেত্ৰত আছে কিছু উপায়। ই মন অধ্যয়নৰ বিষয়। ইয়াৰ জৰিয়তে ল’ব পৰা যায় উচিত পদক্ষেপ, যিয়ে পুনৰ ঘূৰাই আনিব পাৰে দম্পতী স্নেহৰ পৰিৱেশ।

প্ৰেম হ্ৰাস হৈছে নেকি?

যদি আপোনাৰ স্বামী আগৰ দৰে ৰোমাণ্টিক নহয়। তেওঁ সকলোতে অজুহাত দেখুৱাই আপোনাক পৰিহাৰ কৰিবলৈ চেষ্টা কৰে। এইক্ষেত্ৰত যদিহে কামৰ বোজা নাই বুলি আপুনি জানে, তেন্তে আপুনি সতৰ্ক হ’ব লাগিব। তেওঁৰে ভালদৰে কথা পতাটো জৰুৰী।

হঠাতে ফেশ্বনৰ প্ৰতি অনুৰক্ত হৈছে নেকি?
সৰল ব্যক্তিজনে যদি হঠাতে নিজৰ প্ৰতি অধিক মনোযোগ দিবলৈ আৰম্ভ কৰে, তেন্তে জানিব ই বিপদ ঘণ্টা হ’ব পাৰে। হঠাতে সাজ-সজ্জাৰ প্ৰতি অহা নিচাক উপেক্ষা কৰাৰ দৰে ভুল নকৰাটোৱে শ্ৰেয়।

স্বামীৰ অপ্ৰস্তুত চৰিত্ৰ

স্বামীৰ লেপটপ বা মোবাইল চাব খুজিলে তেওঁ দ্ৰুততাৰে বন্ধ কৰি দিয়া, ম’বাইল, লেপটপ আদিৰ পাছৱৰ্ড বাৰে বাৰে সলনি কৰা আদিৰ দৰে লুকুওৱা আচৰণ কৰিলে সাৱধান হোৱা ভাল।

ৰোমাণ্টিকতাৰ অৱলুপ্তি

যদি আপোনাৰ স্বামী আগৰ দৰে ৰোমাণ্টিক নহয়। পাৰ্কত যোৱা বা শ্বপিঙলৈ যোৱা আদিৰ ক্ষেত্ৰত তেওঁৰ ইচ্ছা কমি যোৱা, মুঠতে আপোনাক এৰি চলাৰ তাড়নাত থকা আদিও মনোযোগ দিব লগা বিষয়।

স্বামীৰ আচৰণ আৰু শাৰীৰিক ভাষা সলনি হ’লে পত্নী সতৰ্ক হ’ব লাগিব। পত্নীয়ে তেওঁৰ স্বামীৰ সৈতে শান্ত আৰু ধৈৰ্যৰে বহি আৰু ইয়াৰ বিষয়ে কথা পাতিব লাগে আৰু বিষয়টো সমাধান কৰিব লাগে, যাতে পিছত অনুতাপ কৰিব লগা নহয়। ইয়াক লৈ উদাসীন হৈ থকা বা অভিমান কৰি থকা মানে এক বিপদজ্জনক দিশলৈ গতি কৰি থকা।